হিমন্ত বিশ্বই ক’লে, কিয় এটা নিশাৰ ভিতৰত হিন্দু হৈ পৰিছিল পাকিস্তানী আৰু বাংলাদেশী

বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ অভ্যুত্থানৰ পাছতে সংকটত পৰিছিল হিন্দুসকল। প্ৰতিবাদকাৰীসকলে হিন্দুৰ ঘৰ- দুৱাৰ, মন্দিৰ আদি জ্বলাই দিয়াৰ ফটো, ভিডিঅ পোহৰলৈ আহিছিল। হাজাৰ হাজাৰ হিন্দু সংকটত পৰাৰ পাছত একাংশলোকে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল।

হিমন্ত বিশ্বই কলে, কিয় এটা নিশাৰ ভিতৰত হিন্দু হৈ পৰিছিল পাকিস্তানী আৰু বাংলাদেশী

হিমন্ত বিশ্ব শৰ্মা

Published: 

15 Aug 2024 12:17 PM

খানাপাৰৰ অনুষ্ঠানত জাতীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতাক সম্বোধন কৰে। শিক্ষা, অসমৰ বিকাশ, দক্ষতা বিকাশ, বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বাংলাদেশী হিন্দুৰ ওপৰতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে। বাংলাদেশৰ হিন্দুসকলৰ লগত হৈ থকা ঘটনাৰাজিক লৈ চিন্তা ব্যক্ত কৰে শৰ্মাই। তেওঁ কয় যে, মোদীৰ নেতৃত্বত বাংলাদেশৰ হিন্দুক সুৰক্ষা প্ৰদান কৰা হব বুলি আশা কৰিছে।

তেওঁ কয় যে, বাংলাদেশত থকা হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, জৈনসকলৰ প্ৰতি মোৰ মন উৰি গৈছে। মন ক’ৰবাত সেমেকি আছে আৰু ক’ৰবাত তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰিছে। ভাৰতৰ বিভাজন হোৱাতো কোনোৱে বিচৰা নাছিল। স্বাধীনতা সংগ্ৰামত ঐকবদ্ধ ভাৰতৰ বাবে সকলোৱে সংগ্ৰাম কৰিছিল। বাংলাদেশ, পাকিস্তানত থকা হিন্দুসকলেও অখণ্ড ভাৰতৰ বাবে সংগ্ৰাম কৰিছিল। সেই সময়ত ৰাষ্ট্ৰৰ নেতৃত্ব কৰি থকা লোকসকলে ভাৰতক মৌলবাদী আৰু ভাৰতক বিখণ্ড কৰিব বিচৰা লোকৰ ওচৰত আত্মসমৰ্পন কৰিছিল। যাৰ বাবে এটি নিশাৰ ভিতৰতে হিন্দু হৈ পৰিছিল বাংলাদেশী হিন্দু, পাকিস্তানী হিন্দু।

শৰ্মাই ত্ৰিৰংগাৰ তলৰ পৰা বাংলাদেশী হিন্দুসকলৰ নিৰাপত্তাৰ আশা কৰে। লগতে আশা কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বাংলাদেশী হিন্দুসকলৰ সুৰক্ষা নিশ্চিত কৰা হ’ব। ইয়াৰোপৰি বাংলাদেশত ঘটি থকা দুৰ্যোগৰ সময়ত ভাৰতৰ সীমান্তত নিৰাপত্তা প্ৰদান কৰা বি এছ এফ আৰু অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে শৰ্মাই । তেওঁ কয় যে, বাংলাদেশৰ পৰা এজনো বাংলাদেশী অসমত প্ৰৱেশ হোৱা নাই।

উল্লেখ্য যে, বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ অভ্যুত্থানৰ পাছতে সংকটত পৰিছিল হিন্দুসকল। প্ৰতিবাদকাৰীসকলে হিন্দুৰ ঘৰ- দুৱাৰ, মন্দিৰ আদি জ্বলাই দিয়াৰ ফটো, ভিডিঅ পোহৰলৈ আহিছিল। হাজাৰ হাজাৰ হিন্দু সংকটত পৰাৰ পাছত একাংশলোকে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল। বাংলাদেশী হাজাৰ হাজাৰ হিন্দুই সীমান্তত ৰৈ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল। এইবোৰ দিশে অসমৰ প্ৰতিও ভাবুকি মাতি আনিছিল।  বাংলাদেশীৰ অনুপ্ৰৱেশক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও উদ্বিগ্নতা প্ৰকাশ কৰিছিল। সমান্তৰালকৈ বাংলাদেশৰ হিন্দুসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Stories
অসম এতিয়া দেশৰ দ্ৰুততম বিকশিত অৰ্থনীতি; মুখ্যমন্ত্ৰীয়ে দিলে এই বিশেষ সুখবৰ…
নতুন বছৰৰ আনন্দ উদযাপনৰ পৰা বাবু আঁচনি ঘোষণালৈ, থোৰতে চাওক আজি দিনটোৰ চৰ্চিত খবৰসমূহ
ফৌজদাৰী সংস্কাৰ আৰু জনকল্যাণত দেশৰ ভিতৰতে শীৰ্ষত অসম, নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীয়ে দিলে খতিয়ান
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় যুদ্ধৰ বাবে বিশেষ অধিবক্তা নিযুক্তি দিব চৰকাৰে, বিশেষ আদালত গঠনৰ বাবেও জনাব দাবী
এঞ্জেল চাকমাৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে বিশেষ প্ৰস্তাৱ, নিৰ্বাচনৰ প্ৰাকক্ষণত ল’লে এই সংকল্প
গুৱাহাটীৰ পৰা হাওৰালৈ চলিব বন্দে ভাৰত শ্লীপাৰ ৰে’ল, কি কি সুবিধা থাকিব আৰু ভাড়া কিমান হ’ব?
নিতে গঢ়ি তোলক মাত্ৰ এই ৫টা অভ্যাস, উচ্চ ৰক্তচাপৰ চিন্তা হ’ব দূৰ
বৃক্ক বিকলৰ পূৰ্বে পুৱাৰ সময়ত কি কি লক্ষণে দেখা দিয়ে, জানক...
ফেটি লিভাৰৰ ৫ টা সাধাৰণ লক্ষণ কি কি, জানক...
কাইলৈৰ পৰাই আৰম্ভ কৰক পুৱা খালী পেটত তুলসী পানী খোৱাৰ অভ্যাস, লাভ কৰিব এনে আচৰিত উপকাৰ
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?