মহানগৰীত উলিয়াব নোৱাৰিব কোনো শোভাযাত্ৰা-সমদলঃ আৰক্ষীয়ে জাৰি কৰিলে কঠোৰ নিৰ্দেশনা

নিৰ্দেশনাটোত লগতে এনে আদেশ উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ২২৩ নং ধাৰাত শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলিও সকীয়াই দিয়া হৈছে। উল্লেখ্য যে আজি বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীত উপস্থিত হ’ব। প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে মহানগৰ আৰক্ষীয়ে জাৰি কৰিছে এই নিৰ্দেশনা।

মহানগৰীত উলিয়াব নোৱাৰিব কোনো শোভাযাত্ৰা-সমদলঃ আৰক্ষীয়ে জাৰি কৰিলে কঠোৰ নিৰ্দেশনা

গুৱাহাটীত যানযঁট নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ কঠোৰ নিৰ্দেশনা

Updated On: 

13 Sep 2025 12:25 PM

গুৱাহাটী মহানগৰীত যিকোনো ধৰণৰ শোভাযাত্ৰা, সমদল উলিওৱা বা মাৰাথান, ৱাকাথন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আৰোপ কৰা হৈছে নিষেধাজ্ঞা মহানগৰ আৰক্ষীয়ে এক অধিসূচনা যোগে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰধানতঃ মহানগৰীত সৃষ্টি হোৱা যান-জঁটৰ সমস্যা ৰোধ কৰাৰ লগতে যান-বাহনৰ চলাচলত যাতে কোনো ধৰণৰ সমস্যাৰ উদ্ভৱ নহয়, সেয়ে নিশ্চিত কৰাৰ এই পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰা হৈছে

মহানগৰ আৰক্ষীৰ এই নিৰ্দেশনা অনুসৰি চহৰৰ ভিতৰত শোভাযাত্ৰা, সমদল, মাৰাথন, ৱাকথন আৰু অনুৰূপ অনুষ্ঠানৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ৰ ১৬৩ ধাৰাৰ অধীনত এই নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই নিষেধাজ্ঞা তাৎক্ষণিকভাৱে কাৰ্যকৰী হব।

প্ৰকাশিত অধিসূচনাত কোৱা হৈছে, “গুৱাহাটীত যান-বাহনৰ সুচল যাত্ৰাৰ বাবে পথৰ ব্যৱহাৰ দক্ষতাৰে পৰিচালনা কৰাটো অতি প্ৰয়োজনীয়। শোভাযাত্ৰা আৰু সমদলৰ ফলত প্ৰায়ে যাতায়তৰ তীব্ৰ সমস্যাৰ সৃষ্টি হয়, ইয়াৰ ফলত যাতায়তৰ বাবে অসুবিধাৰ সৃষ্টি হয় আৰু জৰুৰীকালীন সেৱাত পলম হয়।

এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ সুৰক্ষাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি আৰক্ষীয়ে লগতে বৃহৎ সমাৱেশে তীব্ৰ যানজঁটৰ সূচনা কৰে বুলি আঙুলিয়াই দিয়ে ইয়াৰ ফলত নিয়মীয়া যাতায়ত আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থা দুয়োটাৰে বাবে বিপদৰ সৃষ্টি হয় বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে।

নিৰ্দেশনাটোত লগতে এনে আদেশ উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ২২৩ নং ধাৰাত শাস্তিৰ সন্মুখীন লাগিব বুলিও সকীয়াই দিয়া হৈছে। উল্লেখ্য যে আজি বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীত উপস্থিত ব। প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে মহানগৰ আৰক্ষীয়ে জাৰি কৰিছে এই নিৰ্দেশনা

কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
দেহত পানীৰ অভাৱত হ’ব পাৰে চিন্তনীয় সমস্যা, এই ৫ বিধ পানীয়ই দিব তাৎক্ষণিক সকাহ
শাৰদীয় নৱৰাত্ৰিত কেতিয়াও নকৰিব এনে ভুল, বিপদত পৰিব আপুনি!
কিয় বৃদ্ধি হৈছে ডিপ্ৰেচন? জানক কি উপায়েৰে ডিপ্ৰেচনৰ পৰা মুক্ত হ'ব