মহানগৰীত ৰেষ্টুৰেণ্টৰ সমুখতে ভতিজাকে হানি-খুচি হত্যা কৰিলে খুড়াকক! কাৰণ তেওঁ…
মহানগৰীৰ হেঙেৰাবাৰীত এজন লোকক ছুৰীকাঘাত দুৰ্বৃত্তৰ। বজাৰলৈ আহোঁতে মাইহাং ৰেষ্টোৰেণ্টৰ সমুখত লোকজনক উপৰ্যুপৰি ছুৰীকাঘাত কৰা হয়। সংকটজনক অৱস্থাত লোকজনক দিছপুৰ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

গুৱাহাটীত ভতিজাকে হত্যা কৰিলে খুড়াকক!
বৰ্তমান সময়ত অপৰাধৰ ৰম্যভূমিত পৰিণত হৈছে মহানগৰী। নিতৌ সংঘটিত হৈ আহিছে জঘন্য অপৰাধ। সকলোবোৰৰ মাজতে ছুৰীকাঘাতৰ দৰে ঘটনা হৈ পৰিছে সাধাৰণ। এইবাৰ মহানগৰীৰ হেঙেৰাবাৰীত এজন লোকক ছুৰীকাঘাত দুৰ্বৃত্তৰ। বজাৰলৈ আহোঁতে মাইহাং ৰেষ্টুৰেণ্টৰ সমুখত লোকজনক উপৰ্যুপৰি ছুৰীকাঘাত কৰা হয। সংকটজনক অৱস্থাত লোকজনক দিছপুৰ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
অৱশ্যে ছুৰীকাঘাত নে আন কাৰণত ব্যক্তিজনৰ মৃত্যু হৈছে এই কথা বৰ্তমানেও জানিব পৰা হোৱা নাই । ইফালে ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মৃত অনিল ডেকাৰ সম্বন্ধীয় ভতিজা দেৱ ডেকাক। দেৱ ডেকাসহ আন দুজনক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। অনিল ডেকাক ভতিজা দেৱ ডেকাই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে ছুৰীকাঘাত পিছত ঘটনাস্থলীৰ পৰা দৌৰি গৈ নিজৰ এক্সপাৰ্ট একাডেমীত প্ৰৱেশ কৰিছিল দেৱ ডেকাই। ঘটনাস্থলীৰ পৰা ১০০ মিটাৰ দূৰত্বত আছে দেৱ ডেকাৰ এক্সপাৰ্ট একাডেমী। একাডেমী খনৰ স্বতবাধিকাৰী দেৱ ডেকা।
পিছত হত্যাকাণ্ড সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰিবলৈ গৈছিল দেৱ ডেকাই। সেই স্থানত দেৱই কথা পাতিছিল আৰক্ষীৰ সৈতে। ইফালে ঘটনা সংঘটিত হোৱাৰ ৩০ মিনিটৰ ভিতৰতে দেৱ ডেকাক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে মাটিৰ বাবে পৰিয়ালৰ মাজত চলি আছিল কাজিয়া। তাৰেই পৰিণতিত দেৱ ডেকাই খুড়াক অনিল ডেকাক হত্যা কৰাৰ সন্দেহ।
প্ৰাৰম্ভিক তথ্য অনুসৰি ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে পৰিয়ালৰ মাজত হোৱা কাজিয়াৰ বাবে অনিল ডেকাক হত্যাৰ সন্দেহ। ছুৰিকাঘাত কৰাৰ পিছত প্ৰথমে নিজৰ এক্সপাৰ্ট একাডেমীলৈ গৈছিল দেৱ। তাৰ পিছত পুনৰ ঘটনাস্থলী পৰ্যবেক্ষণ কৰিবলৈ আহিছিল দেৱ ডেকা। অভিযুক্ত দেৱ ডেকাৰ চাল-চলন দেখি সন্দেহ উপজিছিল আৰক্ষীৰ। লগে লগে দিছপুৰ আৰক্ষীয়ে আটক কৰিছিল দেৱ ডেকাক।
দেৱ ডেকাৰ সৈতে অন্য এজন অভিযুক্ত অংকুৰ পাটোৱাৰীক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে। দেৱ ডেকাৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল অংকুৰ পাটোৱাৰী। প্ৰায় ১০ বছৰ ধৰি অনিল ডেকা পৰিয়ালৰ সৈতে সম্বন্ধ নাছিল দেৱ ডেকাৰ। বিবাহিত দেৱ ডেকাৰ পাৰিবাৰিক সংঘাতৰ বাবে ঘৰ এৰি গুছি গৈছিল পত্নী। দেৱ ডেকাৰ মিৰ্গী বেমাৰ থকাৰ বাবে পত্নীৰ লগত হৈছিল সংঘাত। যাৰ বাবে বিবাহ বিচ্ছেদ হৈছিল দেৱ ডেকাৰ। বিবাহ বিচ্ছেদৰ পিছত পত্নীয়ে দিয়া গোচৰত জে’ললৈও গৈছিল দেৱ।কিন্তু পত্নীৰ সৈতে বিবাহ বিচ্ছেদ আৰু জে’ললৈ যোৱা সন্দৰ্ভত জগৰীয়া কৰিছিল অনিল ডেকাক। যাৰ বাবে বুধবাৰে নিশা সুযোগ লৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত অতি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ অনিল ডেকাক ।
লগতে পঢ়ক: বৰঝাৰ বিমানবন্দৰত শ্বহীদ প্ৰাণেশ্বৰ কোচৰ নশ্বৰ দেহ, CRPF, অসম আৰক্ষীয়ে জনালে শেষ শ্ৰদ্ধাঞ্জলি…