৩ জন প্ৰেমিক, বিবাহিতা মহিলা! মৃগাংক কাণ্ডৰ ন ন তথ্য পোহৰলৈ, ৰাজু আলীয়ে দি গৈছে বৰ্ণনা…

গুৱাহাটী মৃগাংক হত্যাকাণ্ডৰ নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। অভিযোগ অনুসৰি ২০ টকীয়া ছুৰীৰে ৰাজু আলীয়ে প্ৰাণ লৈছিল মৃগাংকৰ। ইফালে মহিলাগৰাকীৰ আছিল ৩জনকৈ প্ৰেমিক।

৩ জন প্ৰেমিক, বিবাহিতা মহিলা!  মৃগাংক কাণ্ডৰ ন ন তথ্য পোহৰলৈ, ৰাজু আলীয়ে দি গৈছে বৰ্ণনা...

সোঁফালে মৃগাংক

Updated On: 

14 May 2025 16:32 PM

সোমবাৰে গুৱাহাটী মহানগৰীত সংঘটিত এক ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। প্ৰেমৰ নামত যোৱা এটা সপ্তাহত ৰাজ্যত ভয়ংকৰ তিনিটা ঘটনা সংঘটিত হৈছে।  বেলতলাৰ মৃন্ময় হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতকৈ গড়চুকত মৃগাংক বৰ্মন হত্যাকাণ্ড সংঘটিত হয়। জানিব পৰা মতে, হত্যাৰ পূৰ্বে মৃগাংক এগৰাকী মহিলাৰ সৈতে এখন হোটেলত তিনি ঘন্টা সময় কটাইছিল। হোটেলৰ পৰা ওলাই অহাৰ পাছতে ৰাজু আলীয়ে তেওঁক হত্যা কৰিছিল।

ইতিমধ্যে ৰাজু আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অভিযুক্তই আৰক্ষীক জনোৱা মতে, আমিনগাঁৱৰ পৰা ক্ৰয় কৰি অনা ২০ টকীয়া ছুৰীৰে মৃগাংকক আক্ৰমণ কৰিছিল। কেৱল ইমানেই নহয়, ৰাজুই মৃগাংকক লাঠীৰেও প্ৰহাৰ কৰিছিল। পৰৱৰ্তী সময়ত ৰাজু আলী বাইক লৈ পলাই গৈছিল যদিও আৰক্ষীয়ে কামৰূপৰ দামপুৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে।

এই হত্যাকাণ্ডৰ এতিয়া ন ন তথ্য পোহৰলৈ আহিছে। অভিযোগ অনুসৰি শুৱালকুছিৰ ৩৬ বছৰীয়া বিবাহিতা মহিলাগৰাকীৰ স্বামীৰ উপৰিও তিনিজনকৈ প্ৰেমিক আছিল।  ৰাজু আলীও আছিল ২ সন্তানৰ মহিলাগৰাকীৰ প্ৰেমিক। জানিব পৰা মতে, দদৰাৰ এটা ব্যক্তিগত কোম্পানীত একেলগে কাম কৰিছিল ৰাজু আৰু মহিলাগৰাকীয়ে। তাতেই  দুয়োৰে চিনাকী হৈ পাছলৈ প্ৰেম হৈছিল। প্ৰায় ২ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক থকাৰ পাছত প্ৰায় ২ মাহ পূৰ্বে দুয়োৰে বিচ্ছেদ ঘটে।

মহিলাগৰাকীৰ লগত বিচ্ছেদ ৰাজুৱে সহজভাৱে ল’ব পৰা নাছিল।  ইফালে মহিলাগৰাকীয়ে সম্পৰ্ক ৰক্ষা কৰি গৈছিল নলবাৰীৰ ২৬ বছৰীয়া যুৱক মৃগাংক বৰ্মনৰ সৈতে। অভিযোগ অনুসৰি, মহিলাগৰাকীয়ে ৰাজুক বিভিন্ন সময়ত মৃগাংকৰ সৈতে আন্তৰিক সময়ৰ ফটো, ভিডিঅ’ প্ৰেৰণ কৰি উচতাবলৈ চেষ্টা কৰিছিল।

ইয়াৰ মাজতে সোমবাৰে পুৱা ১০ মান বজাত মৃগাংক কোনো ব্যৱসায়ৰ কামত গুৱাহাটীলৈ আহে। তাৰ পাছতে মৃগাংকই গড়চুত চাৰিআলিৰ Silver Arcade বিল্ডিঙৰ হাই চিটি ইন নামৰ হোটেলখনৰ ২০৯ নম্বৰ কোঠা বুক কৰে। এই কোঠাটোতে মৃগাংকই ৩ ঘন্টা সময় মহিলাগৰাকীৰ লগত কটাইছিল।

কিন্তু মৃগাংক যেতিয়া হোটেলৰ পৰা বাহিৰলৈ ওলাই আহে তেতিয়াই সংঘটিত হয় এক অনাকাংক্ষিত ঘটনা। প্ৰথমে বিল্ডিঙৰ তলত মহিলাগৰাকীৰ সৈতে কাজিয়াত লিপ্ত হয় মৃগাংক। পাছত মৃগাংকৰ সৈতে কাজিয়া কৰে দীৰ্ঘ সময় ধৰি হোটেলৰ তলত ৰৈ থকা ৰাজু আলীয়েও। এই কাজিয়াৰ পৰিণতিতে ৰাজুয়ে হানি-খুচি হত্যা কৰে মৃগাংকক।

৫-৬ বাৰকৈ প্ৰহাৰ কৰাৰ পাছত মৃগাংক গুৰুতৰভাৱে আহত হৈ বিল্ডিঙৰ পৰা ওলাই আহি ৰাইজৰ সহায় বিচাৰে। ইফালে সেই সুযোগতে মহিলাগৰাকী আৰু ৰাজু আলী ঘটনাস্থলীৰ পৰা পলায়ন কৰে।  পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃগাংকক হাস্পাতালত ভৰ্তি কৰে যদিও মৃত্যুক সাৱতি লয় তেওঁ।

অভিযোগ অনুসৰি, বিবাহতা মহিলাগৰাকীৰ শৰ্মা উপাধিৰ এজনৰ লগতো প্ৰেমৰ সম্পৰ্ক আছে। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত। ইফালে ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰীক হেৰুৱাই শোকত ভাগি পৰিছে পিতৃ-মাতৃ। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰাণ গ’ল মৃগাংকৰ, গ্ৰেপ্তাৰ ৰাজু আলী…

ফ্ৰীজৰ পানী লিকৰ সমস্যাই চিন্তিত কৰিছে নেকি? ইয়াৰ কাৰণ আৰু সমাধান কি জানেনে?
পেইন কিলাৰ ঔষধ খালী পেটত খালে বিক্ক বিকল হ’ব পাৰে নেকি! কি কয় বিশেষজ্ঞই
বয়স হোৱাৰ পাছতো ছাল কেনেকৈ ধুনীয়া হৈ থাকিব? জানক উপায়...
বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ জন্মদিন কেতিয়া?