অতিমাত্ৰা ড্ৰাগছ সেৱন কৰি গুৱাহাটীৰ ভাৰাঘৰত যুৱতীৰ মৃত্যু! আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছ-নগদ ধন

মৃতদেহ উদ্ধাৰ হোৱা কোঠাৰ পৰা আৰক্ষীয়ে ড্ৰাগছৰ লগতে নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। যুৱতীগৰাকী ৰিয়া ৰাজবংশী বুলি চিনাক্ত কৰা হৈছে।

অতিমাত্ৰা ড্ৰাগছ সেৱন কৰি গুৱাহাটীৰ ভাৰাঘৰত যুৱতীৰ মৃত্যু! আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছ-নগদ ধন

প্ৰতীকী ফটো

Updated On: 

26 Oct 2025 13:07 PM

গুৱাহাটীৰ ভাৰাঘৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা ২৪ অক্টোবৰত কম্বলেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ। মনকৰিবগীয়া কথা এই যে, মৃতদেহ উদ্ধাৰ হোৱা কোঠাৰ পৰা আৰক্ষীয়ে ড্ৰাগছৰ লগতে নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। যুৱতীগৰাকী ৰিয়া ৰাজবংশী বুলি চিনাক্ত কৰা হৈছে।

গুৱাহাটীৰ জনকপুৰত এটা ভাৰাঘৰৰ কোঠাত ৰিয়া ৰাজবংশী নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ DCP মৃণাল ডেকাই কয় যে, মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ লাভ কৰাৰ পাছতে সেই স্থানত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে কোঠাটোত তালাচী চলাই ৫১ টা ড্ৰাগছৰ কন্টেইনাৰ আৰু ১ লাভ ৪৭ হাজাৰ টকা নগদ ধন উদ্ধাৰ কৰে।

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিছে যে, তদন্তত হাতীগাঁৱৰ লখিমী নগৰৰ নয়ন দাস নামৰ এজন যুৱক সেই ঘৰটোত বাস কৰিছিল। এই যুৱকজন যুৱতীগৰাকীৰ মৃত্যুৰ সৈতে জড়িত বুলি সন্দেহ কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত নয়ন দাসক। ড্ৰাগছ আসক্ত আছিল অভিযুক্ত নয়ন দাস।

“যুৱতীগৰাকীৰ মৃত্যুৰ সময়ত তেওঁৰ লগত আছিল নয়ন দাস নামৰ যুৱকজন। নয়নৰ ঘনিষ্ঠ আৰু এগৰাকী যুৱতী আহি যুৱতীগৰাকীৰ মৃতদেহ দেখা পায়। গতিকে নয়ন দাসে যুৱতীগৰাকীৰ মৃত্যুৰ সৈতে জড়িত বুসি সন্দেহ কৰা হৈছে। যুৱকজনক সোধ-পোছ কৰা হৈছে।” এইদৰে কয় আৰক্ষী বিষয়াগৰাকীয়ে।

অভিযুক্ত নয়ন দাসে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে যে, “আমি দুয়োজনে ড্ৰাগছ সেৱন কৰিছিলো। অতিমাত্ৰা সেৱনৰ বাবেই তাই ঢলি পৰিছিল। মই তাইক হত্যা কৰা নাছিলো। মই লকডাউনৰ পিছৰে পৰা ড্ৰাগছ সেৱন কৰি আহিছো। মই মাত্ৰ এজন ব্যৱহাৰকাৰী আৰু সৰবৰাহৰ লগত জড়িত নহয়।”

মানিবেগত ৰাখক মাত্ৰ এই ৫ টা বস্তু! কেতিয়াও নহয় ধনৰ সমস্যা...
হ'ব সৰ্বনাশ! ভুলতো তুলি নল'ব ৰাস্তাত পৰি থকা এই ৫টা বস্তু...
উচ্চ ৰক্তচাপ স্বাভাৱিকভাৱে নিয়ন্ত্ৰণ কৰিবলৈ দৈনিক এই ৩ বিধ শাক-পাচলিৰ ৰস সেৱন কৰক
কোনবোৰ আত্মাই ভয়ংকৰ যন্ত্ৰণা ভোগ কৰে? প্ৰেমানন্দ মহাৰাজে ক'লে...