Rongali Bihu: কাইলৈ গৰু বিহু, গৰু বিহুৰ এই পৰম্পৰাসমূহৰ বিষয়ে জানেনে?

প্ৰতিঘৰ অসমীয়া এতিয়া ব্যস্ত হৈ পৰিছে গৰু বিহুৰ প্ৰস্তুতিক লৈ ৷ গোহালি শুৱনি কৰা গৰুকেইটাক পুৱাই মাহ হালধিৰে নোৱাই-ধুৱাই বছৰটোৰ বাবে নিৰোগী হৈ থকাৰ কামনা কৰিব । দীঘলতী-মাখিয়তীকে আৰম্ভ কৰি এতিয়া সকলো বস্তু উপলব্ধ হৈ পৰিছে বজাৰত ৷

Rongali Bihu: কাইলৈ গৰু বিহু, গৰু বিহুৰ এই পৰম্পৰাসমূহৰ বিষয়ে জানেনে?

গৰু বিহু

Updated On: 

13 Apr 2025 | 09:49 AM

কাইলৈ গৰু বিহু। চ’ত মাহ আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমীয়া গ্ৰাম্য জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। সেই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হ’ব গৰু বিহু । গৰু বিহু সৈতে জড়িত হৈ আছে বিভিন্ন লোক বিশ্বাস।

প্ৰতিঘৰ অসমীয়া এতিয়া ব্যস্ত হৈ পৰিছে গৰু বিহুৰ প্ৰস্তুতিক লৈ ৷ গোহালি শুৱনি কৰা গৰুকেইটাক পুৱাই মাহ হালধিৰে নোৱাই-ধুৱাই বছৰটোৰ বাবে নিৰোগী হৈ থকাৰ কামনা কৰিব । দীঘলতী-মাখিয়তীকে আৰম্ভ কৰি এতিয়া সকলো বস্তু উপলব্ধ হৈ পৰিছে বজাৰত ৷

অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু। গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ নোৱায়-ধুৱায়। দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে। অসমৰ কৃষিপ্ৰধান সমাজত গৰুৱে পালন কৰি অহা উল্লেখনীয় ভূমিকাৰ প্ৰতি শ্ৰদ্ধা জনাই অসমীয়া সমাজে গৰু বিহু পালন কৰি আহিছে। গৰু বিহুৰ দিনাৰ মূল বৈশিষ্ট্য হ’ল- ঘৰৰ গোহালিৰ গৰুকেইটাৰ মংগল তথা সু-স্বাস্থ্য কামনা কৰা আৰু তাৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা।

জানো আহক এই পৰম্পৰাসমূহৰ বিষয়ে

গৰু বিহুৰ দিনা ৰাতিপুৱাই উঠি গৰুকেইটাক নদীৰ পাৰলৈ লৈ যোৱা হয় আৰু আটোম-টোকাৰিকৈ গা ধুওৱা হয়। গৰুৰ গা ঘঁহিবৰ বাবে খেৰৰ নুৰা ব্যৱহাৰ কৰা হয়। পানীৰে গা ধুওৱাৰ আগতে গৰুৰ গাত মিঠাতেল আৰু মাহ হালধিৰ মিহি মিশ্ৰণ সানি দিয়া হয়। সেইদিনা গৰুৰ গাত লাউ-বেঙেনা আদি ছটিয়াবলৈ ছাট সজা হয়। গৰুৰ স্নান পৰ্ব শেষ হোৱাৰ পিছতে গৰুৰ নিপোটল এটি শৰীৰ কামনা কৰি গালৈ লাউ, বেঙেনা আদি ছটিওৱা হয়। এইক্ষেত্ৰত অসমবাসীয়ে এনেদৰে গায়- ‘লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু বাপেৰ সৰু, তই হ’বি বৰ বৰ গৰু’।

নৈৰ পাৰৰ এই সমগ্ৰ কৰ্মৰাজিত গাঁৱৰ ডেকা-গাভৰু, শিশু-মহিলা সকলো উপস্থিত থাকে আৰু পৰিবেশটো যথেষ্ট মোহনীয় হৈ পৰে। এই মধুৰ ক্ষণতে দীঘলতি আৰু মাখিয়তীৰে গৰুৰ গাত কোবোৱা প্ৰথাও গৰুবিহুৰে এটা নিয়ম। এইক্ষেত্ৰত অসমবাসীয়ে এনেদৰে গায়- ‘দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত
মাখিয়তীৰ মাখি পাত, মাখি মাৰোঁ জাত জাত’।

ছাট এটিত থকা সকলো লাউ-বেঙেনা গৰুলৈ নামাৰি কিছু অংশ ছাটটিতে ৰখা হয়। নিজৰ ঘৰৰ ছাট ঘৰলৈ ওভোটাই নানি ওচৰ-চুবুৰীয়াৰ সৈতে ছাট, এডাল পঘা আৰু থেকেৰা সলনি কৰাটোও গৰু বিহুৰে এটি নিয়ম। গোহালিৰ কোনোবা এক কোণত ছাটটি সযতনে সংৰক্ষণ কৰা হয়। এই সকলো নিয়মৰ পৰা আজৰি হৈ গৃহস্থই ঘৰলৈ আহি স্নান কৰে।

জনপ্ৰবাদ অনুসৰি পথাৰত বা নদীৰ পাৰত গৰুৰ গালৈ মৰা হালধিৰে সেইদিনা গা ধুলে বহুখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰি। সেইদিনা বহু অসমীয়াই ঘৰৰ গৰুকেইটাৰ মংগলৰ অৰ্থে ভগবানৰ ওচৰত মিনতি নিবেদি গোসাঁইঘৰত প্ৰাৰ্থনা জনায়। গাঁৱৰ বুঢ়ামেথাই সেইদিনা নামঘৰত সমবেত হৈ সমজুৱাকৈ শৰাই আগবঢ়ায়। ঘৰৰ সকলো সদস্যই একেলগে বহি চিৰা–দৈৰে এসাজ জলপান খোৱাটো অসমীয়া সমাজৰ এক চিৰাচৰিত নিয়ম। নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ দুৱাৰ-খিৰিকীৰ কোণত লগোৱা গৰু বিহুৰ এটা উল্লেখযোগ্য প্ৰথা। জনবিশ্বাস অনুসৰি এনে কৰিলে ধুমুহা, বা-মাৰলিৰ পৰা ঘৰখন ৰক্ষা পৰে।

গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়া হয়। অসমবাসীৰ মাজত ইয়াক ‘জাগ দিয়া’ বুলি কোৱা হয়। প্ৰবাদ আছে যে, অসমবাসীয়ে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক জাগ দিয়াৰ পিছতহে বিচনী ব্যৱহাৰ কৰে। অসমৰ ভালেকেইখন ঠাইত সন্ধিয়া গৰু গোহালিলৈ প্ৰবেশ কৰাৰ আগে আগে মাছৰ পানীৰে গৰুৰ ভৰি ধুওৱাৰ নিয়ম প্ৰচলিত আছে। জনবিশ্বাস মতে- এনে কৰিলে বছৰটোলৈ গৰুৰ খুড়াত কোনোধৰণৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। কোনো কোনো ঠাইত পিঠাগুৰি খুন্দি গৰুক খুৱাবলৈ পিঠা তৈয়াৰ কৰাৰ প্ৰথাও প্ৰচলিত আছে।

গৰুক নতুন পঘা দিয়া গৰু বিহুৰ এক উল্লেখযোগ্য নিয়ম। বিশেষকৈ এই পঘা মৰাপাটেৰে তৈয়াৰ কৰা হয়। মৰাপাটৰ প্ৰতিটো পাকৰ মাজে মাজে ‘তৰাগছ’ৰ বাকলি খাজি এই পঘা সাজি উলিওৱা হয়। তাত হালধিৰে মিহি প্ৰলেপ সানি গৰু বিহুৰ দিনাই গৰুক নতুন পঘাৰে আদৰণি জনোৱা হয়।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...