GMCH ত মৃত্যু হোৱা দুৰ্ভগীয়া শিশুটিৰ পিতৃয়ে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীক…
যোৱা সোমবাৰে GMCH ত সংঘটিত হৈছিল এক অনাকাংক্ষিত ঘটনা। বিচনাৰ পৰা পৰি মৃত্যু হৈছিল এটি নৱজাতকৰ। এই শিশুটিৰ পিতৃয়ে আজি সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

শিশুটিৰ পিতৃ আৰু হিমন্ত বিশ্ব শৰ্মা
শেহতীয়াকৈ গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পাতালত মৃত্যুক সাৱতি লোৱা নৱজাতকটিৰ পিতৃ উৎপল বৰদলৈয়ে আজি সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বুধবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যলয়ত উৎপল বৰদলৈয়ে সাক্ষাৎ শৰ্মাক। অৱশ্যে এই সাক্ষাতত মুখ্যমন্ত্ৰীৰ সৈতে কি আলোচনা কৰে এতিয়ালৈকে জানিব পৰা হোৱা নাই। কিয়নো মুখ্যমন্ত্ৰীৰ কাৰ্যলয়ৰ পৰা ওলাই আহি সাংবাদিকৰ আগত মত ব্য়ক্ত কৰাৰ পৰা বিৰত থাকিল দুৰ্ভগীয়া পিতৃগৰাকীয়ে।
জানিব পৰা মতে, সাক্ষাৎ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিশুটিৰ পৰিয়ালক আহ্বান জনাইছিল। মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে উৎপল বৰদলৈয়ে ইতিমধ্যে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীক।
জানিব পৰা মতে, মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ সঠিক তদন্ত হ’ব বুলি আশ্বাস প্ৰদান কৰিছে। ইয়াৰোপৰি দুৰ্ভগীয়া মাতৃগৰাকী যেতিয়ালৈকে সম্পূৰ্ণ সুস্থ নহয় তেতিয়ালৈকে জি এম চি এইচতে চিকিৎসা চলিব। চিকিৎসা ভালদৰে কৰাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইয়াৰোপৰি অতি সোনকালে দুৰ্ভগীয়া পৰিয়ালটিৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী শৰ্মা। শিশুটিৰ পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰীক NICU ত থকা চিকিৎসক আৰু লগতে অধ্যক্ষৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনাইছে। ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কৈছে যে, চৰকাৰী নিয়ম মতে তদন্ত প্ৰক্ৰিয়া চলিব।
এতিয়ালৈকে কোনো এজন চিকিৎসকক তদন্তৰ আওতালৈ ননাৰ বাবে দুখ প্ৰকাশ কৰিছে পৰিয়ালটোয়ে। এজাহাৰত দুজনকৈ চিকিৎসকৰ নাম থকাৰ পাছতো কিয় ব্যৱস্থা লোৱা হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালটোয়ে।
উল্লেখ্য যে, সোমবাৰ (১৮ আগষ্ট)য়ে গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পাতালত সংঘটিত হৈছিল এক অনাকাংক্ষিত ঘটনা। এন আই চি ইউৰ বিচনাৰ পৰা পৰি মৃত্যু মুখত পৰিছিল এটি নৱজাতক। অভিযোগ অনুসৰি, এখন বিচনাত ৪-৫ টা শিশু ৰখা হৈছিল। যাৰ বাবে শিশুটি এনেকৈ পৰি যায়। এই ঘটনাই সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এই ঘটনাৰ পাছতে উক্ত নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জি এম চি এইচত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। লগতে ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছে। এই ঘটনাত এতিয়ালৈকে এগৰাকী নাৰ্ছক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰোপৰি অন্য কিছুমান অভিযোগৰ লগত জড়িত কেইবাজনো স্বাস্থ্য কৰ্মচাৰীক আটক কৰা হৈছে। ইয়াৰ মাজতে আজি শিশুটিৰ পিতৃয়ে মুখ্যমন্ত্ৰীক দেখা কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। গতিকে তদন্তৰ অন্তত জানিব পৰা যাব কাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে।
অন্য খবৰ পঢ়কঃ GMCH ত ভয়ংকৰ ঘটনা! NICU ত বিচনাৰ পৰা পৰি নৱজাতকৰ মৃত্যু…