গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত অগ্নিকাণ্ডৰ ঘটনা, ৰোগী-অভিভাৱকৰ মাজত হাহাকাৰময় পৰিস্থিতি…

জি এম চি এইচত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অৰ্থ'পেডিক বিভাগত জুইৰ সূত্ৰপাত হয়। ইয়াৰ পাছতে চিকিৎসা মহাবিদ্যালয়খনত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।

গুৱাহাটী  চিকিৎসা মহাবিদ্যালয় হাস্পাতালত অগ্নিকাণ্ডৰ ঘটনা, ৰোগী-অভিভাৱকৰ মাজত হাহাকাৰময় পৰিস্থিতি...

জি এম চি এইচ

Updated On: 

08 Jul 2025 | 05:03 PM

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জানিব পৰা মতে, জি এম চি এইচৰ অৰ্থ’পেডিক বিভাগত জুইৰ সূত্ৰপাত হয় আৰু লগে লগে চাৰিওফাল ক’লা ধোঁৱাই আগুৰি ধৰে।  এই ঘটনাৰ পাছতে ৰোগী আৰু অভিভাৱকসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।

লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, অৰ্থ’পেডিক ডিপাৰ্টমেণ্টৰ (মাইন’ৰ অপাৰেচন থিয়েটাৰ)ত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। মহলাটোৰ গ্ৰাউণ্ড ফ্ল’ৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু পাছত অন্য মহলালৈও জুই সম্প্ৰসাৰিত হয়। প্ৰাৰম্ভিক অৱস্থাত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। গ্ৰাউণ্ড ফ্ল’ৰৰ লগতে প্ৰথম মহলালৈও জুই প্ৰসাৰিত হয়।

কি কাৰণে, কেনেকৈ এই জুইৰ সূত্ৰপাত হ’ল এতিয়ালৈকে আনুষ্ঠানিক তথ্য প্ৰকাশ হোৱা নাই। ইয়াৰোপৰি এতিয়ালৈকে কোনো ক্ষয়-ক্ষতিৰো তথ্য প্ৰকাশ পোৱা নাই। জানিব পৰা মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত চিকিৎসা মহাবিদ্যালয়খনত যথেষ্ঠ সংখ্যক ৰোগী ভৰ্তি হৈ আছিল। অগ্নিকাণ্ড সংঘটিত হোৱা বিল্ডিংৰ দ্বিতীয় মহলাত আছিল ৬-৭ গৰাকী ৰোগী। অৱশ্যে আটাইকেইজন নিৰাপদে আছে। ঘটনা সন্দৰ্ভত  চিকিৎসা মহাবিদ্যালয়খনে আনুষ্ঠানিক তথ্য প্ৰকাশ কৰাৰ পাছতে সবিশেষ জানিব পৰা যাব।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান অব্যাহত আছে তদন্ত। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। বৰ্তমান চিকিৎসা মহাবিদ্যালয়খনৰ অৱস্থা স্বাভাৱিক বুলি জানিব পৰা গৈছে।

 

অন্য খবৰ পঢ়কঃ কোকৰাঝাৰৰ প্রায় ৩ হাজাৰ যুৱক-যুৱতীয়ে লাভ কৰিব ২ লাখকৈ টকাঃ মুখ্যমন্ত্ৰী

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...