পোহৰৰ জন্মদিনটোতে নামি আহিল আন্ধাৰ! সকলোকে কন্দুৱাই অজান দেশলৈ গ’লগৈ চিকিৎসক অনিন্দিতা…

পুত্ৰৰ এবছৰীয়া জন্মদিনৰ দিনাই চিৰদিনলৈ গুচি গ'ল GMCHৰ চিকিৎসক ডাঃ অনিন্দিতা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মাইক্ৰ'বায়'লজি বিভাগৰ ডেমনষ্ট্ৰেটৰ আছিল ডাঃ অনিন্দিতা পাটোৱাৰী। বিগত ১০ মাহে কৰ্কট ৰোগৰ সৈতে যুঁজি যুঁজি শেষত হাৰ মানিলে অনিন্দিতাই। কথা-বতৰা,পঢ়া-শুনা, নৃত্য-গীত সকলোতে পাৰ্গত অনিন্দিতা প্ৰিয় আছিল সকলোৰে।

পোহৰৰ জন্মদিনটোতে নামি আহিল আন্ধাৰ! সকলোকে কন্দুৱাই অজান দেশলৈ গলগৈ চিকিৎসক অনিন্দিতা...

অজান দেশলৈ গ'লগৈ চিকিৎসক অনিন্দিতা

Updated On: 

09 Nov 2024 | 05:31 PM

মৰ্মান্তিক! কিমান বেদনাদায়ক হ’ব পাৰে মৃত্যু? সকলোৰে সপোন থাকে এখন সুখৰ সংসাৰ গঢ়া। এটা ভাল কৰ্মসংস্থাপন লৈ নিজক লগতে পৰিয়ালৰ সৈতে সুখৰ জীৱন অতিবাহিত কৰা। ডাঃ অনিন্দিতা পাটোৱাৰীৰো আছিল চাগে তেনেই সপোন। সকলো আছিল তেওঁৰ। কৰ্মসংস্থাপন, স্বামী, সন্তানৰ সৈতে এখন সুখৰ সংসাৰ। হয়তো ভবা নাছিল সকলো থাকি যাব, মাথো নাথাকে তেওঁ। হাঁহিমুখীয়া নাৰী আছিল অনিন্দিতা পাটোৱাৰী। ধুনীয়া হাঁহিটিৰে জিনিছিল জীৱন। কেৱল এটি আধৰুৱা কাহিনী হৈ গ’ল ডাঃ অনিন্দিতা। জীৱন নাট পৃষ্ঠাত সুখৰ কাহিনীও হৈ ৰ’ল আধৰুৱা। গুচি গ’ল তেওঁ সকলোকে এৰি। এই মৃত্যু জানো মানি ল’ব পাৰি?

পুত্ৰ পোহৰৰ জন্মদিন পতাৰ হেঁপাহ বুকুত সামৰিয়েই অজান দেশলৈ গ’লগৈ ৩২ বছৰীয়া ডাঃ অনিন্দিতা পাটোৱাৰী। পুত্ৰৰ এবছৰীয়া জন্মদিনৰ দিনাই চিৰদিনলৈ গুচি গ’ল GMCHৰ চিকিৎসক ডাঃ অনিন্দিতা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মাইক্ৰ’বায়’লজি বিভাগৰ ডেমনষ্ট্ৰেটৰ আছিল ডাঃ অনিন্দিতা পাটোৱাৰী। বিগত ১০ মাহে কৰ্কট ৰোগৰ সৈতে যুঁজি যুঁজি শেষত হাৰ মানিলে অনিন্দিতাই।
কথা-বতৰা,পঢ়া-শুনা, নৃত্য-গীত সকলোতে পাৰ্গত অনিন্দিতা প্ৰিয় আছিল সকলোৰে। কিন্তু কোন জানে নিয়তিৰ পৰিহাস! কাৰ মৃত্যু কেতিয়া? অনিন্দিতাৰ অকাল মৃত্যুৱে এতিয়া শোকস্তব্ধ কৰি তুলিছে সকলোকে। এবছৰীয়া পুত্ৰৰ প্ৰথমটো জন্মদিনতে মাতৃ বিয়োগৰ এই ঘটনাই মৰ্মাহত কৰিছে পৰিয়ালৰ লগতে আত্মীয়-স্বজনক।

ইয়াৰ উপৰিও এগৰাকী মেধাৱী ছাত্ৰী হিচাপেও সুখ্যাতি অৰ্জন কৰিছিল অনিন্দিতা পাটোৱাৰীয়ে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল অনিন্দিতা পাটোৱাৰী। কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত যোৰহাট মেডিকেল কলেজৰ পৰা MBBS ডিগ্ৰী লাভ কৰে তেওঁ। ২০২০ চনত বিবাহপাশত আবদ্ধ হৈছিল অনিন্দিতা পাটোৱাৰী আৰু ভাৰ্গৱ কলিতা। ২০২৩ৰ ৯ নৱেম্বৰত তেওঁলোকৰ জীৱনলৈ আহিছিল পুত্ৰ পোহৰ। যোৱা বছৰৰে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত কৰ্কট ৰোগ ধৰা পৰিছিল অনিন্দিতা পাটোৱাৰীৰ। দীৰ্ঘদিন ধৰি গুৱাহাটীৰ হেলথ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছিল চিকিৎসকগৰাকী।

সাংস্কৃতিক ক্ষেত্ৰতো যথেষ্ট আগৰণুৱা আছিল অনিন্দিতা। সত্ৰীয়া, ভ’কেল ইত্যাদিত বিশাৰদ হৈ লণ্ডনত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিবলৈ সুযোগ পাইছিল অনিন্দিতা পাটোৱাৰীয়ে।
ডাঃ অনিন্দিতা পাটোৱাৰীৰ একমাত্ৰ সন্তানটোৰ নাম পোহৰ। আজি আছিল পোহৰৰ জন্মদিন। পোহৰৰ জন্মদিনটোতেই ঘৰখনলৈ নামি আহিল বিষাদৰ আন্ধাৰ! এই দিনটোতেই পৃথিৱীৰ পৰা মেলানি মাগিলে পোহৰৰ মাতৃ অনিন্দিতা পাটোৱাৰীয়ে। পুত্ৰ পোহৰৰ জন্মদিনটো উলহ-মালহেৰে পালন কৰাৰ বৰ ইচ্ছা আছিল মাতৃ অনিন্দিতাৰ। হাস্পতালৰ বিছনাত থাকিও পোহৰৰ বাবে জীয়াই থাকিব লাগিব বুলি কৈ আছিল তেওঁ। কিন্তু নোৱাৰিলে, নিয়তিৰ বিপক্ষে নো কোনে যাব পাৰে? মাথো এটা শব্দত ক’ব পাৰি-মৃত্যু এক চিৰন্তন সত্য…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...