অসৎ আচৰণ, কৰ্তব্যত গাফিলতি! GMCH ত নিলম্বন জ্যেষ্ঠ চিকিৎসকসহ ৫গৰাকী, বৰ্খাস্ত ২ স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী…

জি এম চি এইচত নিলম্বন কৰা হয় জ্যেষ্ঠ চিকিৎসকসহ আন কেইবাগৰাকী স্বাস্থ্যকৰ্মীক। লগতে বিশ্ববিদ্যালয়ৰ পৰা বৰ্খাস্ত কৰা হয় দুগৰাকী স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীক।

অসৎ আচৰণ, কৰ্তব্যত গাফিলতি! GMCH ত নিলম্বন জ্যেষ্ঠ চিকিৎসকসহ ৫গৰাকী, বৰ্খাস্ত ২ স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী...

জি এম চি এইচ

Published: 

02 Sep 2025 10:44 AM

যোৱা ১৮ আগষ্টত জি এম চি এইচত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা। NICU ত বিচনাৰ পৰা পৰি মৃত্য়ু হৈছিল এটি নৱজাতকৰ। তাৰ পাছতে চিকিৎসা মহাবিদ্যালয়ৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী তথা প্ৰশাসনে। বিগত সময়চোৱাত চিকিৎসা মহাবিদ্যালয়খনৰ বহু কৰ্মচাৰীক আটক কৰা হৈছে।

শেহতীয়াকৈ হাস্পাতালখনৰ কেইবাগৰাকী চিকিৎসক তথা স্বাস্থ্যকৰ্মীক নিলম্বন কৰা হৈছে। লগতে বৰ্খাস্ত কৰা হৈছে দুগৰাকী স্নাতকোত্তৰ প্ৰশিক্ষণৰত ছাত্ৰ-ছাত্ৰীক। নিলম্বন হোৱাসকলৰ ভিতৰত আছে জ্যেষ্ঠ চিকিৎসক ডাঃ অনুপমা ডেকা আৰু ডাঃ দিপাংকৰ হাজৰিকা, লগতে আছে নাৰ্ছ ইনচাৰ্জ গোমতী দেৱী, আই চি ইউৰ টেকনিচিয়ান ঈশানজ্যোতি তালুকদাৰ, ষ্টাফ নাৰ্ছ চন্দনা নাথকে ধৰি ৫ গৰাকীক। এইসকলক ৬ মাহৰ বাবে নিলম্বন কৰা হৈছে। জানিব পৰা মতে, ঘটনাৰ তদন্তত বিপথে পৰিচালিত আৰু সঠিক ৰেকৰ্ড ৰখাত ব্যৰ্থ হোৱা বাবে তেওঁলোকৰ বিৰুদ্ধে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ইয়াৰ লগতে শিশু চিকিৎসা বিভাগৰ দুজন স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী ডাঃ হৃষিকেশ ঠাকুৰিয়া (দ্বিতীয় বৰ্ষ) আৰু ডাঃ পূজা (প্ৰথম বৰ্ষ)ক আগন্তুক ৬ মাহৰ বাবে শ্ৰীমন্ত শংকৰদেৱ বিজ্ঞান বিশ্ববিদ্যালয়ে (এছ এছ ইউ এইচ এছ)ৰ পৰা বৰ্খাস্ত কৰা হৈছে। জানিব পৰা মতে, এওঁলোকৰ বিৰুদ্ধে অসৎ আচৰণ, কৰ্তব্য অৱহেলা, চিকিৎসালয়ৰ ৰেকৰ্ডত গাফিলতিৰ চেষ্টা কৰা আদি অভিযোগ আছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে জি এম চি এইচত সংঘটিত হোৱা ঘটনাই সমগ্ৰ অসম জোকাৰি গৈছিল। জন্মৰ পাছত জণ্ডিছত আক্ৰান্ত হোৱা এটি শিশুক NICU ত ৰখা হৈছিল। কিন্তু বিচনাৰ পৰা পৰি শিশুটিৰ মৃত্যু হোৱাৰ লগতে আন শিশু আহত হয়। এই ঘটনাত প্ৰত্যক্ষ হস্তক্ষেপ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি লোৱা হ’ব বুলি কৈছিল। আনকি শিশুটিৰ পিতৃক সাক্ষাৎ কৰি শৰ্মাই ন্যায় দিয়াৰ আশ্বাস দিছিল। ঘটনাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে দোষীক সকীয়াই দিছিল।

তাৰ পাছতে চিকিৎসা মহাবিদ্যালয়খনৰ একাংশ কৰ্মীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছিল একাংশ ৰোগী তথা ৰোগীৰ পৰিয়ালে। যাৰ ওপৰত ব্যৱস্থা লৈ আৰক্ষীয়ে কেইবাজনক আটক কৰে। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিল যে, চিকিৎসা মহাবিদ্যালয়খনত সকলো সুবিধা আছে গতিকে এয়া ব্যৱহাৰ কৰা স্বাস্থ্যকৰ্মীৰ দায়িত্ব। এই ঘটনাৰ পাছতে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষকে এখন তদন্ত কমিটীও গঠন কৰিছিল।

জি এম চি এইচত শিশু মৃত্যু ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে। এতিয়ালৈকে বহু স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ আহিব পাৰে।

 

অন্য খবৰ পঢ়কঃ পাথাৰকান্দিত মুখ্যমন্ত্ৰী, ১৬,০০০ ৰো অধিক মহিলাই লাভ কৰিলে ১০,০০০ টকাৰ চেক…

অনবৰতে মনলৈ বেয়া চিন্তা আহি থাকে নেকি? এইদৰে আঁতৰ কৰক...
হঠাতে ৰক্তচাপ বৃদ্ধিৰ এই লক্ষণসমূহ অনুভৱ কৰিলে লগে লগে পৰীক্ষা কৰক
খাদ্যৰ পৰা দৈনন্দিন ৰুটিনলৈকে, কেনেকৈ স্বাভাৱিকভাৱে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰিব পাৰি ?
নিম্ন ৰক্তচাপৰ সমস্যাত ভুগিছে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...