“ৰৈ ৰৈ বিনালে” ছবিখনক কৰমুক্ত ঘোষণা কৰাৰ আহ্বান, মুখ্যমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ

"ৰৈ ৰৈ বিনালে" ৰ কৰ ৰেহাই দিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ইতিমধ্যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

ৰৈ ৰৈ বিনালে ছবিখনক কৰমুক্ত ঘোষণা কৰাৰ আহ্বান, মুখ্যমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ
Updated On: 

27 Oct 2025 19:38 PM

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন অসমীয়া ছবি “ৰৈ ৰৈ বিনালে” ৰ কৰ ৰেহাই দিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ইতিমধ্যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। উল্লেখ্য যে, অহা ৩১ অক্টোবৰত মুক্ত লাভ কৰিব “ৰৈ ৰৈ বিনালে” ছবিখনে। এই ছবিখন চাবলৈ অধিক আগ্ৰহেৰে অপেক্ষা কৰিছে অসমবাসীয়ে।

পত্ৰত গৌৰৱ গগৈয়ে কয় যে,যোৱা মাহত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত আজিও শোকাহত অসমবাসী। এই কৰুণ ঘটনাৰ তদন্ত অব্যাহত থকাৰ সময়তে সমগ্ৰ ৰাজ্যৰ নাগৰিকে তেওঁৰ স্মৃতি আৰু অপৰিসীম সাংস্কৃতিক অৱদানক সন্মান জনাইছে।

গগৈয়ে কয়, “জুবিন গাৰ্গৰ সংগীত আৰু চিনেমা বহু দূৰলৈকে বিস্তৃত। কৰ্মৰ জৰিয়তে তেওঁ অসমীয়া ভাষাক শীৰ্ষ স্থান দিছিল। প্ৰজন্মৰ প্ৰজন্মৰ শিল্পীক অনুপ্ৰাণিত কৰিছিল আৰু ৰাষ্ট্ৰীয় মঞ্চত আমাৰ ৰাজ্যৰ পৰিচয় ধাৰাবাহিকভাৱে প্ৰচাৰ কৰিছিল।”

গৌৰৱ গগৈৰ পত্ৰ

“অহা ৩১ অক্টোবৰত মুক্তি পাবলগীয়া ৰাজেশ ভূঞাৰ পৰিচালিত “ৰৈ ৰৈ বিনালে” ছবিখনে ইতিমধ্যে ৰাইজৰ ব্যতিক্ৰমী সঁহাৰি লাভ কৰিছে। সমগ্ৰ অসমতে যথেষ্ট আগতীয়াকৈ টিকট বুকিং হৈছে। ই তেওঁৰ উত্তৰাধিকাৰক ডাঙৰ পৰ্দাত উদযাপন কৰাৰ সামূহিক ইচ্ছাক প্ৰতিফলিত কৰিছে।” পত্ৰত এইদৰে লিখিছে গৌৰৱ গগৈয়ে।

এই পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ কৰি পত্ৰখনত লিখিছে যে, “অসম চৰকাৰক আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছো যে সমগ্ৰ ৰাজ্যতে ছবিখন কৰমুক্ত ঘোষণা কৰক যাতে অধিক সংখ্যক লোকে জুবিন গাৰ্গৰ ছবিখন চাব আৰু তেওঁৰ সৃষ্টিশীল কামৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। এনে পদক্ষেপে অসমৰ সাংস্কৃতিক ঐতিহ্যক উন্নীত কৰাৰ বাবে জুবিনৰ আজীৱন দায়বদ্ধতাক সন্মান জনোৱাৰ লগতে এই শেষৰ কলাত্মক অৱদান ৰাজ্যৰ চুকে-কোণে দৰ্শকৰ বাবে সুলভ হোৱাটো নিশ্চিত কৰিব।” পত্ৰত এইদৰে লিখিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।

পুৱাৰ ৫টা অভ্যাসে বিকল কৰিব পাৰে আপোনাৰ বৃক্ক! জানক সকলো...
অষ্ট্ৰেলিয়াৰ বিপক্ষে টি-২০ শৃংখলাত খেলিব এই তিনি খেলুৱৈয়ে, আজিলৈকে কোবোৱা নাই এটাও ছয়
ভুলতো কণীৰ লগত নাখাব এই ৫ বিধ বস্তু, জানক...
এই ৩ টা ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে, উপশম পাবলৈ কি কৰিব?