মুখ্যমন্ত্ৰীৰ মানসিক স্বাস্থ্যক লৈ মই চিন্তিত, তেওঁ যি চিত্ৰনাট্য অনুসৰণ কৰিছে সেয়া B গ্ৰেডৰ ছবিতকৈও বেয়াঃ গৌৰৱ গগৈ

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত যোৱা কেইটামান দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ অভিযোগ উত্থাপন কৰিছিল। শেহতীয়াকৈ গগৈয়ে মুখ্যমন্ত্ৰী মানসিক স্বাস্থ্যৰ ওপৰত মত প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীৰ মানসিক স্বাস্থ্যক লৈ মই চিন্তিত, তেওঁ যি চিত্ৰনাট্য অনুসৰণ কৰিছে সেয়া B গ্ৰেডৰ ছবিতকৈও বেয়াঃ গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ

Updated On: 

19 May 2025 13:47 PM

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত এতিয়াও ৰাজ্যত চলি আছে তীব্ৰ চৰ্চা। শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈ ISI ৰ আমন্ত্ৰণত পাকিস্তানলৈ যোৱা বুলি কৈছিল। তাৰ পাছতে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংসদ গৌৰৱ গগৈয়ে। দেওবাৰে সামাজিক মাধ্যমত পোষ্ট কৰি গগৈয়ে কয় যে শৰ্মাৰ অভিযোগ ভিত্তিহীন। তেওঁ নিৰাপত্তাহীনতাত ভুগিছে। ইমানেই নহয়, হিমন্ত বিশ্ব শৰ্মাৰ মানসিক স্বাস্থ্যৰ ওপৰতো মত প্ৰকাশ কৰে গগৈয়ে।

এক্স হেণ্ডেলত টুইট কৰি গগৈয়ে কয় যে, “মই অসমৰ মুখ্যমন্ত্ৰীৰ স্বাস্থ্যক লৈ চিন্তিত। কোনো কাৰণবশতঃ মই অসমত প্ৰৱেশ কৰাৰ পাছৰ পৰাই তেওঁৰ ৰডাৰত আছো। তেওঁ বিগত ১৩  বছৰত মোৰ বিষয়ে কিছুমান ভিত্তিহীন মন্তব্য কৰিছে। শেহতীয়াকৈ কৰা মন্তব্যটো অৰ্থহীন। প্ৰায়ে কোৱা হয় যে, ঘৰত কিবা সমস্যাৰ সৃষ্টি হ’লে তাৰ প্ৰতিক্ৰিয়া ব্যক্তিজনৰ মানসিক স্বাস্থ্যৰ ওপৰত পৰে। আমি এয়া সুনিশ্চিত কৰিম যে ২০২৬ চনৰ পাছত তেওঁ যাতে কিছু জিৰণি লাভ কৰে”।

 

 

আন এটা টুইটত লিখে-  “মুখ্যমন্ত্ৰীয়ে যি চিত্ৰনাট্য অনুসৰণ কৰিছে সেয়া বি গ্ৰেডৰ ছবিতকৈও বেয়া। কোৱা হয়, এটা মিছা ঢাকিবলৈ মানুহে হাজাৰটা মিছা কবলগীয়া হয়। ঠিক সেই কাম মুখ্যমন্ত্ৰীয়ে কৰিছে। তেওঁ কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই আৰু কেৱল আই টি চেলৰ ট্ৰলৰ দৰে আচৰণ কৰিছে। এজন মুখ্যমন্ত্ৰী ট্ৰোল হ’ব নালাগে। যদি তেওঁৰ শেহতীয়া অভিযোগৰ সমৰ্থনত কোনো তথ্য আছে তেন্তে তেওঁ ৰাজহুৱাভাৱে প্ৰকাশ কৰা উচিত। এই কৌতুকবোৰ বেছি দিনলৈ ঢাকি ৰাখিব পৰা নাযাব”।

আন এটা টুইটত লিখে- “মুখ্যমন্ত্ৰীয়ে কৈ অহা ৯৯ শতাংশ আজে বাজে কথা। তেওঁ তথ্যসমূহ ৰাজহুৱাভাৱ উলিয়াই দিয়ক আৰু কাল্পনিক ছেপ্টেম্বৰৰ সময়সীমাৰ আঁৰত লুকাই থকাটো বন্ধ কৰিব লাগে। ছেপ্টেম্বৰ মাহতো মুখ্যমন্ত্ৰীয়ে কোনো সুনিৰ্দিষ্ট তথ্য উলিয়াই দিব পাৰিবনে নাই মোৰ সন্দেহ। মোৰ এতিয়াও মনত আছে যে কেনেকৈ ভাৰত জোডো যাত্ৰাৰ সময়ত অসমত তেওঁ ৰাহুল গান্ধীৰ কল্পিত “বডি ডাবল”ক লৈ হুলস্থুলৰ সৃষ্টি কৰিছিল”।

আন টুইট কৰি কয়- “বিগত ১৩ বছৰ ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মোৰ পৰা নিৰাপত্তাহীনতাত ভুগিছে। কংগ্ৰেছ দলৰ পৰা আমি ৰাজ্যখনৰ ভয়াৱহ অৰ্থনৈতিক অৱস্থা আৰু ৰাজনৈতিক সুৰক্ষাৰ অধীনত চলি থকা কয়লা-ড্ৰাগছ মাফিয়াক গুৰুত্ব দিম”।

ইয়াৰ বিপৰীতে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্তি কৰিছে ৰাষ্ট্ৰীয় জনতা দলৰ (RJD) সাংসদ মনোজ ঝাই। হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি তেওঁ কয় যে, এনে মন্তব্যই ৰাজনৈতিক প্ৰতিযোগীক শত্ৰু হিচাপে গণ্য কৰাৰ ক্ৰমবৰ্ধমান ধাৰা প্ৰতিফলিত কৰে।তেওঁ কয় যে, যোৱা ১০-১২ বছৰত দেশত ভয়ংকৰ পৰিবৰ্তন এটা হৈছে। সেয়া হ’ল, এতিয়া দেশত বিৰোধিক প্ৰতিযোগী হিচাপে দেখা নাযায়, বৰঞ্চ এজন শত্ৰু হিচাপে গণ্য কৰা হয়। এতিয়াৰ সময়ত ব্যৱহৃত ভাষা ৰাজনৈতিক নহয়, ই অতি চিন্তনীয় বিষয়।  ইয়াৰোপৰি ঝাই মুখ্যমন্ত্ৰীক ৰাজনৈতিক দিশত কিছু পৰিপক্কতা আনিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, বিগত কেইটামান মাহ ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰি আহিছিল।  ইয়াৰ মাজত দেওবাৰে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে, আই এছ আইৰ আমন্ত্ৰণত গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল। পাকিস্তানৰ গৃহ বিভাগৰ পৰা তেওঁ পত্ৰ লাভ কৰিছিল। ইয়াৰ মাজতে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৌৰৱ গগৈয়ে।

 

 

অন্য খবৰ পঢ়কঃ ISIৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ, লৈছিল প্ৰশিক্ষণঃ মুখ্যমন্ত্ৰী

প্ৰীতি জিণ্টাৰ এটা ভুল পঞ্জাৱ কিংছৰ বাবে হ’ল আশীৰ্বাদ, লাভ কৰিছে সুফল….
দূৰ হ'ব মূৰৰ বিষৰ সমস্যা! জানক এই ৭টা ঘৰুৱা সহজ উপায়...
সলনি হোৱা নখৰ ৰঙে দিয়ে এইসমূহ ৰোগৰ সংকেত! জানক...
বিশ্বৰ আটাইতকৈ পুৰণি ধৰ্ম কোনটো জানেনে?