ভাৰত চৰকাৰৰ অনুমতি অবিহনে পাকিস্তানলৈ যাব পাৰি নেকি? মুখ্যমন্ত্ৰীক কি কি প্ৰত্যাহ্বান জনালে গগৈয়ে…

দুখনকৈ SIT গঠন কৰিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান গৌৰৱ গগৈৰ। ইয়াৰোপৰি গগৈয়ে প্ৰশ্ন কৰে যে, শৰ্মাই কিমানবাৰ ভাৰত চৰকাৰৰ অনুমতি অবিহনে বাংলাদেশলৈ গৈছিল।

ভাৰত চৰকাৰৰ অনুমতি অবিহনে পাকিস্তানলৈ যাব পাৰি নেকি? মুখ্যমন্ত্ৰীক কি কি প্ৰত্যাহ্বান জনালে গগৈয়ে...

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সাংসদ গৌৰৱ গগৈ

Published: 

20 May 2025 10:05 AM

এছ আই টি গঠন কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান সাংসদ গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰী শৰ্মাই দেওবাৰে অভিযোগ উত্থাপন কৰি গৌৰৱ গগৈ ISI ৰ আমন্ত্ৰণত পাকিস্তানলৈ যোৱা বুলি কৈছিল। এই মন্তব্যৰে প্ৰতিক্ৰিয়া ব্যক্তি কৰি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ লগতে SIT গঠন কৰাৰ দাবী জনায়।

সোমবাৰে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী শৰ্মাক দুখনকৈ এছ আই টি গঠন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, এটা দলে মোৰ আৰু আনটোৱে শৰ্মাৰ তদন্ত কৰক। যাৰ বাবে দুখনকৈ এছ আই টি গঠন কৰিব লাগে। তেওঁ কয় যে, এখন এছ আই টিয়ে গৌৰৱ গগৈৰ বিষয়ে তদন্ত কৰিব আৰু আনখন কমিটীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মৰ অতীত আৰু সম্পত্তি সন্দৰ্ভত তদন্ত কৰিব।

সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈয়ে কয় যে, অসমৰ ৰাইজে সত্য জানিব লাগিব। গতিকে ১০ ছেপ্টেম্বৰৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে দুখন এছ আই টি গঠন কৰক। অসমৰ ৰাইজে সিদ্ধান্ত লওক। গগৈয়ে লগতে কয় যে, আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু আৰু অসমত চলি থকা কয়লা ছিণ্ডিকেটৰ দৰে অন্য বিষয়ৰ তদন্তৰ বাবেও এছ আই টি গঠন কৰিব লাগে। ৰাইজে সত্য জনাৰ যোগ্য আৰু ন্যায়ৰ জয় হ’ব লাগে।

গগৈয়ে অভিযোগ উত্থাপন কৰে যে মুখ্যমন্ত্ৰী শৰ্মাই অসমৰ প্ৰাক্তন তথা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উত্তৰাধিকাৰক কলংকিত কৰিবলৈ চেষ্টা চলাইছে। যাৰ বাবে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে বিভ্ৰান্তিকৰ মন্তব্য প্ৰদান কৰে। লগতে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে নিজৰ কথাত অটল থকাত বিফল হয় বুলিও কয় গগৈয়ে।

গগৈয়ে কয় যে, কালি মই কৰা মন্তব্যৰ পাছত তেওঁ নিশ্চিতভাৱে উত্তেজিত হৈ পৰিছে। তেওঁ বাৰে বাৰে পদত্যাগৰ কথা কয়, কিন্তু কেতিয়াও সেই অনুসৰি কাম নকৰে।  মুখ্যমন্ত্ৰীৰ কথাৰ কোনো মূল্য নাই।  ২০০৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছত থকা শৰ্মাই প্ৰতিশ্ৰুতি কৰিছিল যে যদি কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশী নিৰ্বাচনত পৰাজয় হয় তেন্তে তেওঁ পদত্যাগ কৰিব। ৰাজবংশীয়ে নিৰ্বাচনত পৰাজয় বৰণ কৰিছিল কিন্তু তেওঁ মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰা নাছিল। গতিকে আজিৰ সময়ত তেওঁৰ বাবে পদত্যাগৰ কথা মূল্যহীন হৈ পৰিছে।

গগৈয়ে কয়, ৰাইজে তেওঁৰ পদত্যাগ নিবিচাৰে। কিন্তু সত্য জানিব বিচাৰে। পাকিস্তান ভ্ৰমণৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ মতে মই পাকিস্তানলৈ গৈ প্ৰশিক্ষণ লৈ আহিছো আৰু পাছত সাংসদ হৈ বহি আছো। কিন্তু ভাৰত চৰকাৰৰ অনুমতি অবিহনে পাকিস্তানলৈ যোৱা সম্ভৱ নেকি?

পাকিস্তান সন্দৰ্ভত মত পোষণ কৰি গগৈয়ে কয় যে, পাকিস্তান সন্দৰ্ভত মোৰ স্থিতিৰ বিষয়ে সকলোৱে জানে। এবাৰ শ্ৰীলংকালৈ মই বিজেপিৰ সাংসদ এগৰাকীৰ  সৈতে গৈছিলো। তাত হোৱা আন্তৰাষ্ট্ৰীয় সভাত মই মুকলিকৈ পাকিস্তানক সমালোচনা কৰিছিল। বহুবাৰ মই পাকিস্তানক সমালোচনা কৰি আহিছো।

গগৈয়ে পাকিস্তানৰ স্থিতি সন্দৰ্ভত প্ৰমাণ দি এখন কিতাপ দেখুয়ায়। তেওঁ কয় যে,  ২০২১ চনত প্ৰকাশিত এই কিতাপখনত বিভিন্ন সাংসদৰ লেখা আছে। তাৰ ভিতৰত মোৰো এটা লেখা আছে । “ইণ্ডিয়া এ লিডিং এজেন্ট পাৱাৰ” বুলি  লেখাটোত মই পাকিস্তান সন্দৰ্ভত বিশেষকৈ কলম লিখিছো। গতিকে পাকিস্তানৰ স্থিতি সন্দৰ্ভত মই বাৰে বাৰে প্ৰমাণ দিছো।

ইয়াৰ পাছতে, মুখ্য়মন্ত্ৰীয়ে বাংলাদেশ যোৱা বুলি অভিযোগ উত্থাপন কৰি গগৈয়ে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিমান বাৰ অনুমতি অবিহনে বাংলাদেশলৈ গৈছিল ক’ব পাৰিবনে? তেওঁ তাত ক’ত, ক’ত গৈছিল? ফটোত দেখুওৱাৰ বাহিৰেও তেওঁ কলৈ গৈছিল। ইমানবাৰ কিয় বাংলাদেশলৈ গৈছিল বুলি শৰ্মাক প্ৰশ্ন কৰে গগৈয়ে।

 

অন্য খবৰ পঢ়কঃ মুখ্যমন্ত্ৰীৰ মানসিক স্বাস্থ্যক লৈ মই চিন্তিত, তেওঁ যি চিত্ৰনাট্য অনুসৰণ কৰিছে সেয়া B গ্ৰেডৰ ছবিতকৈও বেয়াঃ গৌৰৱ গগৈ

ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে নেকি ? ত্যাগ কৰক পুৱাৰ এই বদ-অভ্যাস..
শুক্ৰাণুৰ সংখ্যা বৃদ্ধিৰ বাবে কেনেধৰণৰ খাদ্য খাব লাগে জানক...
প্ৰতি মঙলবাৰে হনুমান চালিছা পাঠ কৰিলে কি হয়? সকলো জানক
পাকিস্তানত ১০০ গ্ৰাম সেন্দূৰৰ দাম কিমান জানেনে? জানক...