বিটিচি চুক্তিক নস্যাৎ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই! অভিযোগ গৌৰৱ গগৈৰ
শান্তি-সম্প্ৰীতিৰে বড়োলেণ্ড এলেকাত বসবাস কৰি থকা বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত কেৱল ক্ষমতা লাভৰ বাবে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচি আৰু বিটিআৰ চুক্তিক নস্যাৎ কৰিছে বুলি তেওঁ অভিযোগ কৰে। তেওঁ লগতে কয়, মুখ্যমন্ত্ৰীৰ এনে মন্তব্য কেৱল গৰিহণাযোগ্যই নহয়, অগণতান্ত্ৰিকো।

হিমন্ত বিশ্ব শৰ্মাক সমালোচনা গৌৰৱ গগৈৰ
বড়োভূমিত এতিয়া নিৰ্বাচনৰ বতাহ। নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে প্ৰতিটো দলৰ নিৰ্বাচনী কুচ-কাৱাজো জোৰদাৰ হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলৰ হৈ বড়োভূমিত ধাৰাবাহিকভাৱে চলাইছে প্ৰচাৰ। বিটিআৰত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়তে কৰা এক মন্তব্যক কেন্দ্ৰ কৰি এতিয়া গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে মথনগুৰিত উপস্থিত হোৱা গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰে।
সাংবাদিকৰে হোৱা বাৰ্তালাপত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ক্ষমতা আৰু স্বাৰ্থসিদ্ধিৰ বাবে বিটিচি চুক্তি নস্যাৎ কৰিব বিচাৰিছে বুলি দাবী কৰে। মুখ্যমন্ত্ৰীৰ মন্তব্য দেশৰ গণতন্ত্ৰৰ বাবে চৰম বিপদজনক বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
গৌৰৱ গগৈয়ে কয় যে বড়ো জনগোষ্ঠীয়ে বিভিন্ন সংগ্ৰামৰ মাজেদি ২০০৩ চনত বিটিচি চুক্তি কৰিছিল আৰু এই সংগ্ৰামত বহু লোক শ্বহীদ হৈছিল তথা বহু লোক গৃহহীন হৈছিল। ঘাত-প্ৰতিঘাতৰ অন্তত হোৱা বিটিচি চুক্তিৰ অন্তত আজি বড়োলেণ্ড অঞ্চললৈ শান্তি আহিছে বুলিও গৌৰৱ গগৈয়ে লগতে কয়।
শান্তি-সম্প্ৰীতিৰে বড়োলেণ্ড এলেকাত বসবাস কৰি থকা বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত কেৱল ক্ষমতা লাভৰ বাবে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচি আৰু বিটিআৰ চুক্তিক নস্যাৎ কৰিছে বুলি তেওঁ অভিযোগ কৰে। তেওঁ লগতে কয়, মুখ্যমন্ত্ৰীৰ এনে মন্তব্য কেৱল গৰিহণাযোগ্যই নহয়, অগণতান্ত্ৰিকো।
গৌৰৱ গগৈয়ে কয়, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্বাৰ্থত গণতান্ত্ৰিক ব্যৱস্থা আৰু প্ৰমূল্যবোধক ধূলিস্যাৎ কৰিব বিচাৰিছে।” কংগ্ৰেছ দলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে আৰু যিকোনো মূল্যৰ বিনিময়ত বিটিচিত গণতন্ত্ৰ সুৰক্ষিত কৰা হ’ব বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
তেওঁ লগতে বিটিচি নিৰ্বাচনত ৩৯টা সমষ্টিত কংগ্ৰেছ দলে ভাল ফলাফল দেখুৱাবলৈ গৈ আছে বুলিও দাবী কৰে। এনে সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচটনিমূলক আৰু সাম্প্ৰদায়িক কথা-বতৰাৰ দ্বাৰা বিটিচিৰ ভোটাৰক ভীতিগ্ৰস্ত কৰি তুলিছে বুলি দাবী কৰি গৌৰৱ গগৈয়ে লগতে কংগ্ৰেছ দল সদায় বিটিচিৰ ৰাইজৰ লগত আছে বুলিও কয়।