NCRT ৰ পাঠ্যক্ৰমত ইতিহাস বিকৃতকৰণ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত NSUI ৰ উত্তাল প্ৰতিবাদ

মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে NSUI ৰ ছাত্ৰ সমাজে। প্ৰতিবাদকাৰীয়ে পাঠ্যপুথিৰ পৰা ভুল তথ্য আঁতৰাই শুদ্ধ তথ্যৰে পাঠ্যক্ৰম প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে।

NCRT ৰ পাঠ্যক্ৰমত ইতিহাস বিকৃতকৰণ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত NSUI ৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত উত্তাল প্ৰতিবাদ

Published: 

19 Aug 2025 13:40 PM

অভিযোগ NCRT ৰ পাঠ্যক্ৰমত ভুল তথ্যৰে ইতিহাস বিকৃত কৰা হৈছে ! এই বিষয়ত চৰ্চা অব্যাহত থকাৰ মাজতে আজি মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে NSUI ৰ ছাত্ৰ সমাজে। প্ৰতিবাদকাৰীয়ে পাঠ্যপুথিৰ পৰা ভুল তথ্য আঁতৰাই শুদ্ধ তথ্যৰে পাঠ্যক্ৰম প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে। বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে NSUI ৰ ছাত্ৰ সমাজে।

NCRT ৰ দ্বাৰা প্ৰস্তুত কৰাৰ অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত অসমৰ লগতে ভাৰতবৰ্ষৰ ইতিহাসৰ বিষয়ত ভুল তথ্যৰে পাঠ্যপুথিৰ লিখাৰ অভিযোগকলৈ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে NSUIৰ ছাত্ৰ সমাজে। তেওঁ অভিযোগ কৰে যে,অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত আহোমৰ যি ইতিহাসৰ বৰ্ণনা কৰা হৈছে, ই অসমীয়া জাতি, স্বাভিমানক আৰু আবেগক সম্পূৰ্ণ ৰূপে আঘাত কৰিছে।

তেওঁলোকে কয় যে, আহোমসকল ম্যানমাৰৰ পৰা অহা কথা সম্পূৰ্ণৰূপে ভুল। আহোমসকলৰ ঐতিহাসিক সমলসমূহ যেনে ৰংঘৰ,কাৰেংঘৰ, তলাতল ঘৰ আদিৰ বিষয়ত ভুল তথ্যৰে উপস্থাপন কৰাৰ অভিযোগ উত্থাপন কৰে NSUIৰ ছাত্ৰ সমাজে। NCRT য়ে সেই ভুল সমূহ আঁতৰাই সম্পূৰ্ণ শুদ্ধ ৰূপত প্ৰকাশ কৰাৰ দাবী জনাই বিশ্ববিদ্যালয়ৰ NSUI ৰ ছাত্ৰ সমাজে। প্ৰতিবাদী কাৰ্যসূচী‌ত পাঠ্যপুথিত প্ৰকাশিত ভুল তথ্যৰ প্ৰতিলিপি দাস কৰে বিশ্ববিদ্যালয়ৰ NSUI ৰ ছাত্ৰ সমাজে।

অলপতে এই বিষয়ত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। তেওঁ এই ভুলক “উল্লেখযোগ্য ঐতিহাসিক অশুদ্ধতা” বুলি অভিহিত কৰি গগৈয়ে অতিশীঘ্ৰেই এই তথ্যৰ শুধৰণি কৰিবলৈ আহ্বান জনাই কেন্দ্ৰক।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ লিখা এখন পত্ৰত গগৈয়ে “Tribes, Nomads and Settled Communities” শীৰ্ষক অধ্যায়টোত বাস্তৱিক ভুল আৰু অতি সৰলীকৰণৰ কথা উল্লেখ কৰে। লগতে অসমৰ ইতিহাসৰ বিষয়ে ছাত্ৰ-ছাত্ৰী ভুল বুজাৰ আশংকা থকাৰ কথা প্ৰকাশ কৰে গৌৰৱ গগৈয়ে।

প্ৰি-ডায়েবেটিছ কি? ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ জানক...
এইপৰ্যন্ত এছিয়া কাপ জয় কৰিছে এইকেইজন ভাৰতীয় অধিনায়কে, তালিকাত নাম সংযোজিত হ’বনে সূৰ্যৰ?
গণেশ চতুৰ্থী কেতিয়া? জানক তাৰিখ, পূজাৰ শুভ সময় আদি সকলো...
১০ বছৰ পাছত বিৰল সংযোগ! ভাল দিন আহিব এই ৩ ৰাশিৰ লোকৰ জীৱনলৈ...