কেনে আছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ? জনালে চিকিৎসকে…

Garima Saikia Garg: সুস্থ আছে গৰিমা শইকীয়া গাৰ্গ। চিকিৎসকে জনাই যে, টোপনিৰ অভাৱত দুৰ্বল হৈ পৰিছে গৰিমা। যাৰ বাবে তেওঁক জিৰণিৰ প্ৰয়োজন। কিন্তু গুৰুতৰ একো হোৱা নাই।

কেনে আছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ? জনালে চিকিৎসকে...

গৰিমা শইকীয়া গাৰ্গ

Updated On: 

26 Oct 2025 17:52 PM

সম্পূৰ্ণ সুস্থ আছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে চিকিৎসক হিতেশ বৰুৱাই। তেওঁ কয় যে, গৰিমা সুস্থ আছে। বিশেষ একো হোৱা নাই। টোপনিৰ অভাৱৰ বাবে এনে হৈছে। মূৰ ঘূৰোৱা দৰে হৈছিল। গুৰুতৰ একো হোৱা নাই বুলি কয় ডাঃ বৰুৱাই।

সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰি বৰুৱাই কয় যে, “মই আজি খবৰ ল’বলৈ আহি গ’ম পালো যে গৰিমাৰ মূৰ ঘূৰোৱাৰ দৰে হৈছিল। প্ৰেচাৰ চালো, সকলো ঠিকে আছে। টোপনি নোহোৱা বাবে এনে হৈছে। কেতিয়াবা নিশা ৪ বজাতো মানুহ খবৰ ল’বলৈ আহে। গতিকে মাত লগাবলগীয়া হয়। টোপনি হোৱা নাই। মনো ভাল নহয়। যাৰ বাবে এনে হৈছে। কিন্তু এতিয়া সুস্থ”।

ডা০ হিতেশ বৰুৱাই আৰু কয় যে, “মই এটা কথাত দুখ পাইছো। একাংশ সংবাদ মাধ্যমে অপ-প্ৰচাৰ চলাই আছে যে জুবিন ডিপ্ৰেছনত গৈছিল। এইবোৰ অপ-প্ৰচাৰৰ বাবেও গৰিমাৰ মন ভাল নহয়। কিয়নো এইবোৰ মিছা কথা। কোনোৱে কাৰো আগত এইবোৰ কোৱা নাই। হাস্পাতাল কৰ্তৃপক্ষইও কোৱা নাই। আমি সকলো জানো। জুবিন স্পষ্টবাদী,  সঁচা কথা হয়। তেওঁ কেতিয়াও ডিপ্ৰেছনত যোৱা নাছিল। এইবোৰৰ দ্বাৰা যাতে এতিয়া ঘৰৰ মানুহখিনিৰ অপকাৰ নহয়”।

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে সমগ্ৰ অসম শোকস্তব্ধ। সকলোৱে অপেক্ষা কৰি আছে জুবিন গাৰ্গৰ ন্যায়ৰ। ইয়াৰ মাজতে বহুতে জুবিন ক্ষেত্ৰত দৰ্শন কৰাৰ লগতে কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হৈ জুবিন গাৰ্গৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে। দিনে নিশাই মৰমৰ শিল্পীজনক শ্ৰদ্ধা জনাবলৈ দূৰ-দূৰণিৰ পৰা মানুহ অহা দেখা গৈছে।

 

অন্য খবৰ পঢ়কঃ ছলমান খানক সন্ত্ৰাসবাদী আখ্যা পাকিস্তানৰ, কি কৈছিল অভিনেতাজনে….

মানিবেগত ৰাখক মাত্ৰ এই ৫ টা বস্তু! কেতিয়াও নহয় ধনৰ সমস্যা...
হ'ব সৰ্বনাশ! ভুলতো তুলি নল'ব ৰাস্তাত পৰি থকা এই ৫টা বস্তু...
উচ্চ ৰক্তচাপ স্বাভাৱিকভাৱে নিয়ন্ত্ৰণ কৰিবলৈ দৈনিক এই ৩ বিধ শাক-পাচলিৰ ৰস সেৱন কৰক
কোনবোৰ আত্মাই ভয়ংকৰ যন্ত্ৰণা ভোগ কৰে? প্ৰেমানন্দ মহাৰাজে ক'লে...