শিখা শৰ্মা অসমীয়া নহয়, অসমীয়াৰ শত্ৰু: ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল গৰিমাৰ

সংবাদ মাধ্যমৰ আগত গৰিমাই কয়, 'শিখা শৰ্মাৰ মানসিকতাই তেনেকুৱা। ইমান দিনে শিখা শৰ্মাক মানসিক ৰোগী বুলি আওকান কৰি আছিলোঁ। অৱশেষত আমাৰ ধৈৰ্যৰ সীমা চেৰাই গ'ল। জুবিনৰ সত্বাটো কি সেইয়া সকলোৱে জানে।  সেইজন মানুহক অসভ্য,অশালীন,কটু মন্তব্য আমি কেতিয়াও ভাবিবই নোৱাৰোঁ।'

শিখা শৰ্মা অসমীয়া নহয়, অসমীয়াৰ শত্ৰু: ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল গৰিমাৰ

শিখা শৰ্মাৰ বিৰুদ্ধে গৰিমাৰ এজাহাৰ

Published: 

19 Jan 2026 | 01:49 PM

শিখা শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল জুবিন গাৰ্গৰ পৰিয়ালৰ। দিছপুৰ থানাত এজাহাৰ দাখিল জুবিন গাৰ্গৰ ভগ্নী ড০ পামী বৰঠাকুৰৰ। অভিযোগ দাখিল কৰে জুবিন ফেন ক্লাবে। জুবিন গাৰ্গৰ সম্পৰ্কত অৰুচিকৰ মন্তব্য কৰিছিল শিখা শৰ্মাই। তাৰ পিছতে আজি ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিছে গৰিমা শইকীয়া গাৰ্গে।

মৃত্যুৰ পিছত জুবিন গাৰ্গৰ চৰিত্ৰ সন্দৰ্ভত বিতৰ্কিত ফেচবুকত পোষ্ট লিখিছিল শিখা শৰ্মাই।  জুবিন গাৰ্গৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত এনে অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ সোমবাৰে ক্ৰাইম ব্ৰাঞ্চৰ কাষ চাপিছে গৰিমা।

সূত্ৰ অনুসৰি এই অভিযোগ শিখা শৰ্মাই ফেচবুকত শ্বেয়াৰ কৰা বুলি আপত্তিজনক পোষ্টৰ ওপৰত দিয়া হৈছে। য’ত জুবিন গাৰ্গৰ চৰিত্ৰ আৰু উত্তৰাধিকাৰক লক্ষ্য কৰি ব্যক্তিগত মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে। এই মন্তব্যই অনুৰাগী আৰু জনসাধাৰণৰ একাংশৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি কৰাৰ পিছত আইনী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হয়।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত গৰিমাই কয়, ‘শিখা শৰ্মাৰ মানসিকতাই তেনেকুৱা। ইমান দিনে শিখা শৰ্মাক মানসিক ৰোগী বুলি আওকান কৰি আছিলোঁ। অৱশেষত আমাৰ ধৈৰ্যৰ সীমা চেৰাই গ’ল। জুবিনৰ সত্বাটো কি সেইয়া সকলোৱে জানে।  সেইজন মানুহক অসভ্য,অশালীন,কটু মন্তব্য আমি কেতিয়াও ভাবিবই নোৱাৰোঁ।  এইগৰাকী মহিলাই না অসমক ভাল পায়, না অসমীয়াক ভাল পায়, না অসমীয়াৰ আৱেগক ভাল পায়। তেওঁৰ কথাবোৰ একেবাৰে সহ্য কৰিব নোৱাৰোঁ।’

গৰিমাই লগতে কয়, ‘এতিয়া জুবিনৰ হত্যা কথাটো যেতিয়া আহি পৰিছে, জুবিনৰ নিচিনা মানুহক শেষ কৰি পেলোৱা মানুহক যেতিয়া সমৰ্থন কৰিছে, তেনেহ’লে সেইগৰাকী অসমীয়া কেনেদৰে হ’ব পাৰে। এতিয়া আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব, তেওঁ যি শাস্তি পাব লাগে তেওঁ পাব। তেওঁ মোক, জুবিনৰ ভগ্নী, আনকি শয্যাগত পিতৃকো এৰা নাই। শিখা শৰ্মা অসমীয়া নহয়, তেওঁ অসমীয়াৰ শত্ৰু।’

ইতিমধ্যে অপৰাধ শাখাই এই অভিযোগ লাভ কৰা বুলি উল্লেখ কৰিছে আৰু ইয়াৰ প্ৰাৰম্ভিক তদন্তৰ অংশ হিচাপে প্ৰশ্নবোধক ছ’চিয়েল মিডিয়াৰ বিষয়বস্তু পৰীক্ষা কৰাৰ সম্ভাৱনা আছে। অভিযোগসমূহৰ আইনী নিৰীক্ষণৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয় বিষয়াসকলে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব