জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি এজাহাৰ দাখিল গৰিমা গাৰ্গৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ৯ দিনৰ পাছত আনুষ্ঠানিক এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। এজাহাৰত স্বাক্ষৰ কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে, ভগ্নী পামি বৰঠাকুৰ আৰু খুড়াক মনোজ বৰঠাকুৰে অনলাইনযোগে দাখিল কৰা হৈছে এজাহাৰ।

জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি এজাহাৰ দাখিল গৰিমা গাৰ্গৰ

জুবিনৰ মৃত্যু তদন্ত বিচাৰি এজাহাৰ দাখিল গৰিমা গাৰ্গৰ

Updated On: 

27 Sep 2025 | 11:58 PM

অৱশেষ জুবিনৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল পত্নী গৰিমা শইকীয়া গাৰ্গৰ । ছিংগাপুৰত জুবিনৰ সৈতে থকা সকলোৰে বিৰুদ্ধে গোচৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত দাবী জনালে গৰিমাৰ লগতে পৰিয়ালৰ লোকে। জানিব পৰা মতে ই-মেইল যোগে গৰিমা শইকীয়া গাৰ্গে CIDৰ SITত দাখিল কৰে এজাহাৰ।

জুবিন গাৰ্গৰ মৃত্যুৰ ৯ দিনৰ পাছত আনুষ্ঠানিক এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। এজাহাৰত স্বাক্ষৰ কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে, ভগ্নী পামি বৰঠাকুৰ আৰু খুড়াক মনোজ বৰঠাকুৰে অনলাইনযোগে দাখিল কৰা হৈছে এজাহাৰ।

লগতে পঢ়ক: “জুবিনক ন্যায় দিয়াত ব্যৰ্থ হ’লে মোক শাস্তি দিব”- ফেচবুকযোগে ক’লে মুখ্যমন্ত্ৰীয়ে

উল্লেখ্য যে ছিংগাপুৰত জুবিনৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যবাসীয়ে নিৰন্তৰে কৰি আহিছে উচিত তদন্তৰ দাবী। এইবোৰৰ মাজতে জুবিন গাৰ্গৰ পৰিয়ালে এজাহাৰ দাখিল নকৰাক লৈ উত্থাপন হৈছিল বহু প্ৰশ্নৰ। এতিয়াৰ মৃত্যুৰ ৯ দিনৰ পাছতে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে পৰিয়ালৰ লোক। ছিংগাপুৰত জুবিনৰ মৃত্যুৰ সময়ত লগত থকা সকলোকে তদন্তৰ আওতালৈ আনিবলৈ আহ্বান গৰিমা গাৰ্গৰ। জানিব পৰা মতে এজাহাৰত উল্লেখ আছে শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ নাম।

উল্লেখ্য যে, আজি ফেচবুক লাইভযোগে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লগতে জুবিন গাৰ্গৰ মৃত্যুক লৈ যি ন্য়ায়ৰ দাবী উত্থাপন হৈছে, সেই অনুসৰি ন্যায় প্ৰদানৰো আশ্বাস দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যুত নাম সাঙোৰ খোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দুৰ্গাপূজাৰ পাছতেই ৬ অক্টোবৰত চিআইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰো নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰীয়ে কৈছিল, “জুবিন ৰাইজৰ সম্পদ। জুবিনক ন্যায় দিয়াৰ দায়িত্ব অসমৰ ৰাইজৰ। জনতাৰ প্ৰতিনিধি হিচাপে এই দায়িত্ব মই নিষ্ঠাৰে আৰু সততাৰে পালন কৰিম। উৰাবাতৰিয়ে আমাৰ মনবোৰ অশান্ত কৰিব। যিদিনা মই বিফল হ’ম, সেইদিনা মোক শাস্তি দিব। কোনোবাই কৈছে, ২৬ ত ভোট নিদিওঁ, সেয়া স্পষ্ট কথা। আমি যদি ন্যায় দিব নোৱাৰোঁ, আমাক কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক। মই মোৰ লক্ষ্যত অটল হৈ আছিল, মই সেই লক্ষ্যৰে কাম কৰি যাম।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...