Morning News: পুটিনৰ ভ্ৰমণৰ পৰা ইণ্ডিগ’ৰ সমস্যালৈ, পলকতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত

দুদিনীয়া ভ্ৰমণসূচী সামৰি শুকুৰবাৰে দিল্লীৰ পৰা মস্কোলৈ উভতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। এই ভ্ৰমণকালত ৰুছ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত-ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত অংশ লোৱাৰ লগতে বহু গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰে।

Morning News: পুটিনৰ ভ্ৰমণৰ পৰা ইণ্ডিগ’ৰ সমস্যালৈ, পলকতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত

পুৱাৰ মুখ্য খবৰ

Updated On: 

06 Dec 2025 08:22 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. দুদিনীয়া ভ্ৰমণসূচী সামৰি শুকুৰবাৰে দিল্লীৰ পৰা মস্কোলৈ উভতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। এই ভ্ৰমণকালত ৰুছ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত-ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত অংশ লোৱাৰ লগতে বহু গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰে।
  2. ৰাজ্যত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান। শুকুৰবাৰে কাৰ্বি আংলং, শিলচৰ আৰু গুৱাহাটীত পৃথক পৃথক অভিযানত আৰক্ষীয়ে প্ৰায় ১১ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজা ফেচবুক একাউণ্ট যোগে এই তথ্য সদৰী কৰিছে।
  3. ২০২৫-২৬ বৰ্ষৰ অসম সাহিত্য বঁটা আৰু সাহিত্য পেঞ্চন ঘোষণা কৰিলে ৰাজ্য চৰকাৰে। শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰা অনুসৰি এইবাৰ ৰাজ্যৰ ১৮ গৰাকী বিশিষ্ট লেখকলৈ সাহিত্য বঁটা আৰু ১০ গৰাকী সাহিত্যিকলৈ সাহিত্যিক পেঞ্চন আগবঢ়োৱা হৈছে।
  4. ঘৰুৱা বিমান সংস্থা ইণ্ডিগ’ই বিপদত পেলাইছে দেশবাসীক। সমগ্ৰ দেশৰ প্ৰধান বিমানবন্দৰসমূহত বিমান সংস্থাটোৰ কেইবাশতাধিক বিমান বাতিল তথা বিলম্বৰ ফলত সমস্যাত পৰিছে সহস্ৰ বিমানযাত্ৰী। এনে পৰিস্থিতিৰ বাবে দেশত ১০০ খন বিশেষ বিমান চলাচলৰ সিদ্ধান্ত লৈছে আন এক বিমান সংস্থা স্পাইচজেটে।
  5. জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্ত সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা ১৮ ডিচেম্বৰৰ পূৰ্বে SIT-এ এই গোচৰৰ প্ৰতিবেদন দাখিল কৰিব লাগিব, অন্যথা কাৰাগাৰত থকাসকলে জামিন লাভ কৰিব বুলি কৰিছে মুখ্যমন্ত্ৰীয়ে।
  6. ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ বিকাশৰ ক্ষেত্ৰত এক উল্লেখনীয় পদক্ষেপ হিচাপে শুকুৰবাৰে উমৰাংছুত এখন ক্ৰিকেট ষ্টেডিয়াম উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ষ্টেডিয়ামৰ সমীপতে পৰৱৰ্তী সময়ত এখন ফুটবল ষ্টেডিয়াম নিৰ্মাণৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
  7. আজি অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত চলিত এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিম মেচ। এইপৰ্যন্ত দুয়োটা দলে শৃংখলাত এখনকৈ মেচত জয়লাভ কৰিছে। আজি বিশাখাপট্টনমত অনুষ্ঠিত হ’ব শৃংখলাৰ এই নিৰ্ণায়ক মেচখন।
আজি জন্মদিন উদযাপন কৰা ক্ৰিকেটাৰৰ প্লেয়িং ১১ হ’ব অতি শক্তিশালী, আছে বিশ্বকাপজয়ী তাৰকাসহ ৬ ভাৰতীয়
দাঁত ব্ৰাছ কৰাৰ পিছতে আপুনিও লগে লগে চাহ খায় নেকি? এতিয়াই চাই লওক হ’ব পৰা ক্ষতিৰ বিষয়ে
এই ৫ টা ভুলে দৰিদ্ৰতা আনিব আপোনাৰ জীৱনলৈ, গতিকে সাৱধান!
শীতকালত কেঁচা মটৰে সহায় কৰিব আপোনাক, উপকাৰ জানি হ'ব আচৰিত!
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...