Morning News: দেৱালীৰ আনন্দ উৎসৱৰ পৰা অভিনেতা আছৰানীৰ মৃত্যুলৈ, চাওক পুৱাৰ মুখ্য খবৰ

দেৱালী উপলক্ষে আজি ৰাজ্যৰ ৭খন জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। স্থানীয় বন্ধ ঘোষণা কৰা এই জিলাকেইখন হৈছে ক্ৰমে কামৰূপ(মহানগৰ), ডিব্ৰুগড়, গোলাঘাট, কোকৰাঝাৰ, দক্ষিণ শালমৰা মানকাচৰ, হোজাই আৰু বজালী জিলা।

Morning News: দেৱালীৰ আনন্দ উৎসৱৰ পৰা অভিনেতা আছৰানীৰ মৃত্যুলৈ, চাওক পুৱাৰ মুখ্য খবৰ

পুৱাৰ মুখ্য খবৰ

Updated On: 

21 Oct 2025 09:22 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে পোহৰৰ উৎসৱ দেৱালী দেশৰ সকলো স্থানতে উৎসৱ আনন্দ উদযাপনৰ প্ৰভাৱ পৰিলক্ষিত হৈছে অৱশ্যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত শোকস্তব্ধ ৰাজ্যত চাকিবন্তিৰে সকলো দিশ পোহৰাই তোলা হৈছে যদিও পূৰ্বৰ তুলনাত আতচবাজীৰ ব্যৱহাৰ যথেষ্ট কম
  2. দেৱালী উপলক্ষে আজি ৰাজ্যৰ ৭খন জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে স্থানীয় বন্ধ ঘোষণা কৰা এই জিলাকেইখন হৈছে ক্ৰমে কামৰূপ(মহানগৰ), ডিব্ৰুগড়, গোলাঘাট, কোকৰাঝাৰ, দক্ষিণ শালমৰা মানকাচৰ, হোজাই আৰু বজালী জিলা
  3. জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ বাবে সোমবাৰে ছিংগাপুৰত উপস্থিত হয় SIT দল। চি আই ডিৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তা আৰু তিতাবৰ উপ-জিলা আৰক্ষী অধীক্ষক তৰুণ গোৱেল গোচৰৰ তদন্তৰ বাবে ছিংগাপুৰত উপস্থিত হয়
  4. অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে পুনৰ ৰাজ্যৰ শ্ৰীভূমি জিলাৰ পৰা সীমান্তৰ সিপাৰলৈ ওভতাই পঠাইছে ১৮ জন ৰহিঙীয়াক যোৱা নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজা ফেচবুক একাউণ্ট যোগে এই বিষয়ে সদৰী কৰিছে
  5. আজি আৰক্ষী স্মৰণ দিৱস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ফেচবুক পোষ্টযোগে অসম আৰক্ষী বাহিনীক অভিবাদন জনোৱাৰ লগতে তেওঁলোকৰ ত্যাগক স্মৰণ কৰে। ৰাজ্য তথা জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা প্রদানৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাৰ কথাও দোহাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে
  6. অহা ২৩ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য বাৰিষাত ক্ষতিগ্ৰস্ত হোৱা অভয়াৰণ্যখনৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণ কৰি পৰ্যটকৰ বাবে মুকলি কৰা মুকলিৰ প্ৰথম দিনাৰ পৰাই পৰ্যটকৰ বাবে জীপ তথা হাতী ছাফাৰী উপলব্ধ হ’ব বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই
  7. বলীউডৰ প্ৰবীণ অভিনেতা গোবর্ধন আছৰানী আৰু নাই শাৰীৰিক অসুস্থতাত ভুগি থকা প্ৰবীণ অভিনেতাগৰাকীয়ে দেৱালীৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰে বিগত ৫ দিন ধৰি তেওঁ হাওঁফাওঁৰ ৰোগৰ বাবে আৰোগ্য নিধি চিকিৎসালয়ত ভৰ্তি হৈ আছিল।
  8. দেৱালীৰ আনন্দত দেশজুৰি এক উৎসৱমুখৰ পৰিৱেশ পিছে আতচবাজীৰ ব্যৱহাৰৰ ফলত দেশৰ ৰাজধানী দিল্লীৰ বায়ুৰ গুণাগুণ অত্যন্ত প্ৰদূষিত হৈ পৰিছে। আজি পুৱা ৬ বজাত চহৰখনৰ প্ৰায় সকলো অঞ্চলতে বায়ুৰ গুণাগুণ সূচকাংক (AQI) অতি বিপজ্জনক শ্ৰেণীত ৰেকৰ্ড কৰা হয়

পেটৰ আলচাৰৰ পৰা হাত সাৰিবলৈ এই খাদ্যসমূহ পৰিহাৰ কৰক
কাজি নেমুৱে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে নেকি?
ভগৱান হনুমান সন্তুষ্ট হ’লে ভক্তই লাভ কৰে এই সংকেত! জানক...
মৃত্যুৰ পাছত আত্মাৰ সৈতে কি হয়? জানক গৰুড় পুৰাণৰ পৰা...