Morning News: জুবিন গাৰ্গৰ ন্যায় প্ৰসঙ্গৰ পৰা গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাসলৈ, চাওক পুৱাৰ চৰ্চিত খবৰ
জুবিন গাৰ্গৰ মৃত্যু তথা ন্যায় সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট ভাষাৰে জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি দাবী কৰি ১৫ ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গে ন্যায় লাভ কৰিব বুলি মন্তব্য কৰিছে।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- শুকুৰবাৰে মুক্তি লাভ কৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’। হিয়াৰ আমঠু শিল্পীগৰাকীক পৰ্দাত অন্তিমবাৰৰ দৰ্শনৰ বাবে পুৱাৰে পৰা ছবিগৃহত দেখা যায় দৰ্শকৰ ভিৰৰ অভূতপূৰ্ব দৃশ্য। আজিও ৰাজ্যৰ সৰ্বপ্ৰান্তত ছবিখনৰ প্ৰতি দেখা গৈছে অনুৰূপ সঁহাৰি।
- জুবিন গাৰ্গৰ মৃত্যু তথা ন্যায় সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট ভাষাৰে জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি দাবী কৰি ১৫ ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গে ন্যায় লাভ কৰিব বুলি মন্তব্য কৰিছে।
- অসম চৰকাৰক জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ কৰিছে ছিংগাপুৰ চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰিছে। অহা ১৭ ডিচেম্বৰত SITএ জুবিন গাৰ্গ গোচৰত আদালতত চাৰ্জশ্বীট দাখিল কৰিব বুলিও তেওঁ কয়।
- পুনৰ এবাৰ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত সোচ্চাৰ হৈছে মুখ্যমন্ত্ৰী। কংগ্ৰেছ নেতাগৰাকীক পাকিস্তানী এজেণ্ট আখ্যা দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত তেওঁৰ হাতত উপযুক্ত প্ৰমাণ থকা বুলিও দাবী কৰে।
- আজি দাম কমিছে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য। সংশোধিত মূল্য অনুসৰি আজি দেশত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৪.৫ টকাৰ পৰা ৬.৫ টকালৈ হ্ৰাস পাইছে। অৱশ্যে অপৰিৱৰ্তিত হৈ আছে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য।
- শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত পৰাস্ত হয় ভাৰতীয় দল। চূড়ান্ত বেটিং ব্যৰ্থতাৰে ভাৰতে মেচখনত ১২৫ ৰানত অলআউট হোৱাৰ পাছত অষ্ট্ৰেলিয়াই ৬ উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়।
- জনজাতিকৰণৰ দাবীত আজি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব টাই আহোম জনগোষ্ঠীয় লোকে। চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ লগতে ডিব্ৰুগড়, শিৱসাগৰতো আজি বিশাল জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰিছে টাই আহোম জনগোষ্ঠীয় সংগঠনে।