Morning News: ACS বিষয়া নূপুৰ বৰাৰ গ্ৰেপ্তাৰৰ পৰা এছিয়া কাপলৈ, পলকতে চাওক পুৱাৰ মুখ্য খবৰ
ব্যাপক দুৰ্নীতিৰ ঘটনাই পুনৰ জোকাৰিছে অসম। দুৰ্নীতিৰে বিশাল সম্পত্তিৰ অধিকাৰী হোৱা ACS বিষয়া নূপুৰ বৰাক কালি দিনজোৰা অভিযানৰ অন্তত CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে। বিষয়াগৰাকীৰ সৈতে জড়িত চাৰিটা স্থানত অভিযান চলাই ৯২ লক্ষাধিক নগদ ধনৰ লগতে বৃহৎ পৰিমাণৰ মূল্যৱান আ-অলংকাৰ তথা আন সামগ্ৰীও উদ্ধাৰ কৰা হৈছে।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- ব্যাপক দুৰ্নীতিৰ ঘটনাই পুনৰ জোকাৰিছে অসম। দুৰ্নীতিৰে বিশাল সম্পত্তিৰ অধিকাৰী হোৱা ACS বিষয়া নূপুৰ বৰাক কালি দিনজোৰা অভিযানৰ অন্তত CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে। বিষয়াগৰাকীৰ সৈতে জড়িত চাৰিটা স্থানত অভিযান চলাই ৯২ লক্ষাধিক নগদ ধনৰ লগতে বৃহৎ পৰিমাণৰ মূল্যৱান আ-অলংকাৰ তথা আন সামগ্ৰীও উদ্ধাৰ কৰা হৈছে।
- নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা (স্বাধীন)ৰ দুগৰাকী কেডাৰে সোমবাৰে চৰাইদেউ জিলাত আত্মসমৰ্পণ কৰে। আৰক্ষীৰ তথ্য অনুসৰি, আত্মসমৰ্পণ কৰা এই দুই আলফা কেডাৰ হৈছে শদিয়াত দণ্ডেশ্বৰ বুঢ়াগোহাঁই ওৰফে অনুপম অসম আৰু তিনিচুকীয়াৰ পানীতোলাৰ সুভান্ত দুৱৰা ওৰফে চিন্ময় অসম।
- মহানগৰীৰ ৰূপনগৰত সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাত প্ৰাণ হেৰুৱাইছে এগৰাকী মহিলাই। ভূমিস্খলনৰ পিছতে ৰীণা ডেকা দাস নামৰ মহিলাগৰাকী নিৰুদ্দেশ হৈ পৰিছিল। ইয়াৰ পিছতে নিৰুদ্দিষ্ট মহিলাগৰাকীৰ সন্ধানত NDRF আৰু SDRF বাহিনীয়ে অভিযান চলাইছিল। অভিযানৰ সময়ত উদ্ধাৰকাৰী দলটোৱে ৰীণা ডেকা দাসৰ মৃতদেহ উদ্ধাৰ কৰে।
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণক তীব্ৰ কটাক্ষৰ লক্ষ্য কৰি লৈছে অসম কংগ্ৰেছে। সোমবাৰে দলটোৰ কেইবাজনো নেতাই এক সংবাদমেল সম্বোধন কৰি মণিপুৰৰ হিংসাৰ আঢ়ৈ বছৰৰ পিছত মাত্ৰ আঢ়ৈ ঘণ্টাৰ বাবে প্ৰধানমন্ত্ৰী মোদী ৰাজ্যখনলৈ অহা বুলি আক্ৰমণ কৰে। তদুপৰি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিন ৮ ছেপ্টেম্বৰৰ পৰিৱৰ্তে নিজৰ সুবিধা অনুযায়ী ১৩ ছেপ্টেম্বৰতহে প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ অহা বুলি কটাক্ষ কৰে কংগ্ৰেছ নেতৃত্বই।
- গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ আৰু এই সন্দৰ্ভত SIT এ দাখিল কৰা প্ৰতিবেদনৰ বিষয়ত পুনৰ সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শেহতীয়াকৈ কংগ্ৰেছ নেতাগৰাকীয়ে SIT- এ তেওঁৰ পত্নীক জেৰা কৰা বুলি প্ৰকাশ কৰাৰ পিছত এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ পত্নীৰ লগতে মুঠ ৩৮ জন লোকক SIT- এ জেৰা কৰা বুলি উল্লেখ কৰে আৰু প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত সকলোৱে সবিশেষ তথ্য জানিব পাৰিব বুলি মন্তব্য কৰে।
- আজি আয়কৰ ৰিটাৰ্ণ (আই টি আৰ) দাখিলৰ অন্তিম তাৰিখ। ইতিপূৰ্বে এই সীমা ১৫ ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰা হৈছিল যদিও সোমবাৰে আয়কৰ বিভাগে অন্তিম তাৰিখ এদিন বৃদ্ধি কৰি ১৬ ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰে।
- চলিত এছিয়া কাপত কালি দুখনকৈ মেচ অনুষ্ঠিত হয়। দিনটোৰ প্ৰথমখন মেচত ইউ এ ইয়ে ওমানক ৪২ ৰানত পৰাস্ত কৰে। আনহাতে দ্বিতীয়খন মেচত হংকং চাইনাৰ বিৰুদ্ধে ৪ উইকেটত জয়ী হয় শ্ৰীলংকা। আজি প্ৰতিযোগিতাখনৰ নৱম মেচত মুখামুখি হ’ব আফগানিস্তান আৰু বাংলাদেশ।