গেৰুৱা বসন পিন্ধিলে শংকৰজ্যোতি বৰুৱাই, ক’লে-ৰাইজৰ হৈ একনিষ্ঠভাৱে কাম কৰি যাবলৈ…

সংবাদ মাধ্যমৰ আগত শংকৰ জ্যোতি বৰুৱাই কয়, " ৰাইজৰ হৈ একনিষ্ঠ ভাৱে কাম কৰি যাবলৈ বিজেপিত যোগদান কৰিছোঁ । অসমত বাস কৰা প্ৰতিগৰাকী মানুহৰ মন জাতীয়তাবাদী, জাতীয়তাবাদী চিন্তাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰি যাব লাগিব।"

গেৰুৱা বসন পিন্ধিলে শংকৰজ্যোতি বৰুৱাই, কলে-ৰাইজৰ হৈ একনিষ্ঠভাৱে কাম কৰি যাবলৈ...

শংকৰজ্যোতি বৰুৱাৰ বিজেপিত যোগদান

Published: 

24 Jan 2026 | 11:04 PM

বহু জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত গেৰুৱা বসন পৰিধান কৰিলে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। বশিষ্ঠৰ বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিলে শংকৰজ্যোতি বৰুৱাই। বহু সতীৰ্থক লগত লৈ আনুষ্ঠানিকভাৱে শাসকীয় দলটোত যোগদান প্ৰাক্তন ছাত্ৰ নেতাজনৰ।

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত বৰুৱাই দলত যোগদান কৰে। দলৰ জ্যেষ্ঠ নেতাসকলে তেওঁক বিজেপিলৈ আদৰণি জনাই এয়া দলৰ সাংগঠনিক শক্তিৰ এক গুৰুত্বপূৰ্ণ সংযোজন বুলি অভিহিত কৰে।

বৰুৱাক আদৰণি জনাই দিলীপ শইকীয়াই তেওঁক বহল সমৰ্থন ভিত্তি থকা এজন শক্তিশালী আৰু প্ৰভাৱশালী নেতা বুলি অভিহিত কৰে। শংকৰজ্যোতি বৰুৱাৰ সৈতে দীৰ্ঘদিন ধৰি বিজেপিৰ সংস্পৰ্শত থকা বুলি উল্লেখ কৰি তেওঁৰ যোগদানে বিশেষকৈ উজনি অসমত দলটোক আৰু অধিক শক্তিশালী কৰিব বুলি আস্থা প্ৰকাশ কৰে। শইকীয়াই লগতে কয় যে, বৰুৱা কেৱল উচ্চ অসমৰ এজন বিশিষ্ট নেতা নহয়, ৰাজ্যজুৰি প্ৰভাৱশালী নেতা, সমগ্ৰ অসমৰ মানুহৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম।

এই উপলক্ষে ভাষণ দি দিলীপ শইকীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপিৰ সাংগঠনিক শক্তিৰ ওপৰত আলোকপাত কৰি কয় যে, ১৪.৫ কোটি প্ৰাথমিক সদস্য আৰু ১২ লাখ সক্ৰিয় সদস্যৰে দলটোৱে সমগ্ৰ বিশ্বতে এক সুকীয়া স্থান দখল কৰিছে। তেওঁ কয় যে, দেশজুৰি জাতীয়তাবাদী মতাদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ লাখ লাখ বিজেপি কৰ্মীয়ে নিষ্ঠাৰে কাম কৰি আছে। শইকীয়াই উল্লেখ কৰে যে, ভাৰতৰ প্ৰায় ৭১ শতাংশ ভৌগোলিক অঞ্চলত এতিয়া বিজেপিৰ উপস্থিতি আছে আৰু দেশৰ আটাইতকৈ প্ৰভাৱশালী ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।

সংবাদ মাধ্যমৰ আগত শংকৰ জ্যোতি বৰুৱাই কয়, ” ৰাইজৰ হৈ একনিষ্ঠভাৱে কাম কৰি যাবলৈ বিজেপিত যোগদান কৰিছোঁ । অসমত বাস কৰা প্ৰতিগৰাকী মানুহৰ মন জাতীয়তাবাদী, জাতীয়তাবাদী চিন্তাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰি যাব লাগিব।” RSS সন্দৰ্ভত কয়, “RSS-এ যিখন ৰাজ্যলৈ যায় তাৰে ভাষাৰ ওপৰত কাম কৰে। অসমত ৫৪০ খন অসমীয়া বিভাগৰ বিদ্যালয় খুলিছে । অসমীয়া ভাষাৰ ওপৰত বহুত কাম কৰিছে RSS-এ ।”

উৎপল শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শংকৰ জ্যোতি বৰুৱাই কয়, ” সকলোৰে বাক স্বাধীনতাৰ অধিকাৰ আছে । মই ৰাজহুৱা ব্যক্তি গতিকে ৰাইজে ধনাত্মক আৰু ঋণাত্মক কথা ক’ব । ৰাইজে যাক ভাল পায় তেওঁক হে সমালোচনা কৰে। এজোপা বগৰী গছত বগৰী থাকিলেহে মানুহে ফৰ্মুটি মাৰে । আছুত থাকোঁতে উচ্চতম ন্যায়ালয়ৰ মজিয়াতে কা আইনখন পাইছিলোঁ । উচ্চতম ন্যায়ালয়ে যি ৰায়দান দিয়ে তাকেই মানি ল’ম।” ইফালে টিকট সন্দৰ্ভত শংকৰজ্য়োতিয়ে কয়, কেইটামান মুহূৰ্ত সন্দৰ্ভত মই ব্যক্তিগত মানুহ আছিলোঁ কিন্তু এতিয়া এটা দলৰ সদস্য হলোঁ। দলে যেনেদৰে সিদ্ধান্ত দিয়ে মই তেনেদৰেই মানি ল’ম।

লগতে পঢ়ক: কোনো বিতৰ্ক নাই, কেৱল মিঞাকহে জাননী প্ৰেৰণ কৰা হৈছে: SR সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক’লে…

জীৱনলৈ বেয়া সময় অহাৰ পূৰ্বে মানুহে লাভ কৰে এইবোৰ সংকেত! জানক...
বাঢ়িব পাৰে এই স্বাস্থ্যজনিত সমস্যা, কোনসকল লোকে ইলাচী খাব নালাগে ?
এই খাদ্যই ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰে, জানক কি কি নাখাব ?
আপোনাৰ ক্ষতি কৰিব নেকি কেঁচা অমিতাই! এনে সমস্যা আছে যদি নোখোৱাই ভাল
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...