মাঘ বিহুৰ সময়ত কিমান হ’ব মাছৰ দাম? ৰাজ্যৰ মীন বিভাগে জাৰি কৰিলে বিশেষ নিৰ্দেশনা!

Magh Bihu 2025: মাঘ বিহু উপলক্ষে মাছৰ দাম বৃদ্ধিক লৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। মাঘ বিহুক লৈ অসম চৰকাৰৰ মীন বিভাগে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। ৰাজ্যৰ সকলো জিলা আয়ুক্তলৈ জৰুৰী নিৰ্দেশনা প্ৰেৰণ কৰিছে বিভাগটোৱে।

মাঘ বিহুৰ সময়ত কিমান হব মাছৰ দাম? ৰাজ্যৰ মীন বিভাগে জাৰি কৰিলে বিশেষ নিৰ্দেশনা!

বিহুৰ বজাৰত কিমান হ'ব মাছৰ দাম?

Updated On: 

09 Jan 2025 17:08 PM

মাঘৰ বিহু আহিল। ভোগালীৰ খাদ্য সম্ভাৰ প্ৰস্তুত কৰাত ব্যস্ত জীয়ৰী-বোৱাৰী। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা সকলো অসমীয়াই পালন কৰে হেঁপাহৰ মাঘ বা ভোগালী বিহু। কৃষিজীৱি অসমীয়াই বছৰজুৰি কৰা পৰিশ্ৰমৰ অৱসাদ দূৰ কৰিবলৈকে পালন কৰা হয় ভোগৰ উৎসৱ ভোগালী। এই বিহুত বিভিন্ন প্ৰকাৰৰ জলপান যেনে, চিৰা, সান্দহ,কোমল চাউল, ভজা চাউল, আখৈ, মুৰীৰ লগতে নানা ধৰণৰ পিঠা, লাডু আদিৰে সকলোৰে ঘৰ উভৈনদী হৈ পৰে।

মাঘ বিহুৰ আগদিনা ৰাতি সকলো অসমীয়াই উৰুকা পালন কৰে। সেই নিশা গাঁৱৰ সকলোয়ে মিলি উমৈহতীয়াকৈ ভেলাঘৰ সাজি তাতে ৰাতি ভোজ-ভাত খায়। ঠাইভেদে ইয়াৰ কিছুমান নিয়ম বেলেগ বেলেগ হয়। গাঁৱসমূহত বিহুৰ উৰুকাৰ দিনা বিল, নদী, পুখুৰী, জান জলাশয় আদিত একোটা চুবুৰী বা একোখন ৰাইজে সমূহীয়াকৈ মাছ ধৰে। জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰে এই মাছ ধৰা উৎসৱত। অতীজৰে পৰা চলি অহা এই প্ৰথা অনুসৰি, বিল, নদী, পুখুৰী আদিত জাল, পল, জুলুকিলৈ মাছ মাৰি ৰাইজে সেই মাছৰ ভাগ-বিতৰা কৰি তাৰেই নিশা ভোজ খায়।

উৰুকা ভোজ-ভাতৰ ক্ষেত্ৰত মাছক বেছি গুৰুত্ব দিয়া হয়। কোনে কিমান ডাঙৰ মাছেৰে ভোজ-ভাত আয়োজন কৰিব পাৰে, তাকে লৈ এক প্ৰকাৰৰ প্ৰতিযোগিতা চলে। ইফালে চহৰীয়াসকলেও বজাৰলৈ গৈ কোনে কিমান দামত আটাইতকৈ ডাঙৰ মাছটো কিনিব পাৰে তাৰে প্ৰতিযোগিতা চলে। বজাৰত উভৈনদী হৈ পৰে ৰৌ, বৰালি, ভকুৱা, চিতলকে ধৰি বহুতো মাছ। উৰুকাৰ পুৱাৰে পৰা বজাৰত মাছ কিনিবলৈ হেতা-ওপৰা লগাই গ্ৰাহকে। মাছৰ সোৱাদ সুকিয়া হোৱাৰ ফলত অধিক দাম দি হ’লেও নিজৰ পচন্দৰ মাছ কিনিবলৈ চেষ্টা চলাই গ্ৰাহকে৷ যাৰ বাবে সেই দিনটোত বৃদ্ধি পায় মাছৰ চাহিদা। বৃদ্ধি পায় দামো।

কিন্তু এই বৰ্ষত মাঘ বিহু উপলক্ষে মাছৰ দাম বৃদ্ধিক লৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। মাঘ বিহুক লৈ অসম চৰকাৰৰ মীন বিভাগে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। ৰাজ্যৰ সকলো জিলা আয়ুক্তলৈ জৰুৰী নিৰ্দেশনা প্ৰেৰণ কৰিছে বিভাগটোৱে। উৰুকা আৰু মাঘ বিহুৰ সময়ত মাছৰ দাম নিৰ্ধাৰণক লৈ বুধবাৰে এই নিৰ্দেশনা জাৰি কৰে মীন বিভাগে।
মাঘ বিহুত নিৰ্ধাৰিত দামতে ব্যৱসায়ীয়ে বিক্ৰী কৰিব লাগিব মাছ। মীন বিভাগৰ সচিব কাব্যশ্ৰী মহন্তই জাৰি কৰিছে এই নিৰ্দেশনা।

মাছৰ দামক লৈ মীন বিভাগৰ নিৰ্দেশনা

বিভিন্ন বজাৰৰ মাছৰ দামৰ প্ৰতিবেদন দিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিছে বিভাগটোৱে। বিহুত মাছৰ দাম নিয়ন্ত্ৰণ কৰিব লাগিব জিলা আয়ুক্তই। সেই দাম অনুসৰিয়ে গ্ৰাহকক বিক্ৰী কৰিব লাগিব মাছ। সকলো জিলাৰ ফিচাৰী আৰু মীন বিভাগলৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা। ইয়াৰ উপৰিও বজাৰে বজাৰে বিভাগে নিৰীক্ষণ কৰিব লাগিব মাছৰ দাম। প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিছে মীন বিভাগে। মাছৰ দামৰ বুজ লৈ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈও দিয়া হৈছে নিৰ্দেশনা।

অনবৰতে হামিয়াই থকাটো কিহৰ লক্ষণ জানেনে?
শিৱক অৰ্পন কৰক এই বস্তু! পূৰণ হ'ব মনৰ সকলো কামনা...
শাওনৰ সোমবাৰত ভুলতো নকৰিব এই কাম! শিৱ হ'ব অসন্তুষ্ট...
ডিম্বাশয়ত কৰ্কট ৰোগ হ'লে প্ৰথমতে দেখা দিয়ে এইসমূহ লক্ষণ! আওকান নকৰিব