মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কাৰ্বি আংলং কংগ্ৰেছৰ, কাৰণ কি…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে এই এফ আই আৰ দাখিল কৰিছে। ভাষণৰ সময়ত মুখ্যমন্ত্ৰীয়ে কৰা এক মন্তব্য সন্দৰ্ভত এই এফ আই আৰ।

কংগ্ৰেছ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ এজাহাৰ দাখিল। কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ (KADCC) মাধ্যম অধ্যক্ষ চৰিশ্মা ৰঙপিপিৰে নেতৃত্ব বুধবাৰে দিনৰ ২ বজাত ডিফু থানাত এই এজাহাৰ দাখিল কৰে। তেওঁলোকে অভিযোগ কৰিছে যে, ‘অৰুণোদয় ৩.০’ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কিছুমান বিৰূপ মন্তব্য কৰিছিল। এনে মন্তব্য কৰাৰ তেওঁৰ অধিকাৰ নাই। যাৰ বাবে এই এজাহাৰ দাখিল কৰে।
এজাহাৰত উল্লেখ কৰা হৈছে যে, ‘অৰুণোদয় ৩.০’ উদ্বোধনী অনুষ্ঠানৰ সময়ত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ মহিলাকৰ্মীৰ বিৰুদ্ধে যি মন্তব্য কৰিছে সেই মন্তব্যই মহিলাৰ শালীনতা লংঘন কৰিছে আৰু অনুসূচীত জনজাতিৰ মহিলা কংগ্ৰেছ কৰ্মীৰ লগতে তেওঁলোকৰ মাতৃক চূড়ান্ত অপমান কৰিছে।
কংগ্ৰেছ কৰ্মীসকলে এজাহাৰৰ শিৰোনাম দিয়ে-“অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ যিয়ে নাৰীৰ বিনয়, ইচ্ছাকৃতভাৱে অপমান কৰা আৰু কংগ্ৰেছ কৰ্মী অনুসূচিত জনজাতিৰ মহিলা আৰু তেওঁলোকৰ মাতৃক অপমান কৰিছে”। কংগ্ৰেছ কৰ্মীসকলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। এই সন্দৰ্ভত এগৰাকী মহিলাই কয় যে, মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে এনে মন্তব্য কৰে। এইবাৰ তেওঁ আমাৰ মাক অপমান কৰিছে। এয়া হোৱা উচিত নহয়।
মুখ্যমন্ত্ৰীয়ে কি কৈছিল
কংগ্ৰেছে এজাহাৰত উল্লেখ কৰা অনুসৰি মুখ্যমন্ত্ৰীয়ে কৈছিল- “মই মাজে মাজে কংগ্ৰছেৰ মানুহবিলাকৰ চিন্তা কৰো…যে এওঁলোকে মাকৰ পেটৰ পৰা জন্ম হৈছিল নে নাই? যদি কোনোবাই মাকৰ পেটৰ পৰা জন্ম হৈছে সেই মাকক সন্মান জনোৱাটো কেতিয়াও অপৰাধ হ’ব নোৱাৰে। কেতিয়াও দোষ হ’ব নোৱাৰে, এই কেতিয়াও পাপ হ’ব নোৱাৰে”।
উল্লেখ্য যে, কালি মুখ্যমন্ত্ৰীয়ে অৰুণোদয়ৰ তৃতীয় সংস্কৰণ মুকলি কৰিছিলি। এই সময়চোৱাত মুখ্যমন্ত্ৰীয়ে ভাষণ দি কংগ্ৰেছৰ বিৰুদ্ধে বহু কটাক্ষমূলক মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীয়ে এয়াও কৈছিল যে কংগ্ৰেছে অৰুণোদয়ক যিমানেই সমালোচনা কৰিব সিমানেই হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিব।
অন্য খবৰ পঢ়কঃ এতিয়া কেৱল ন্যায় লাগে! জুবিন গাৰ্গৰ পত্নী আৰু ভগ্নীৰ পোষ্ট…