ভিতালী বা আজি ভীষণ ব্যস্ত, জোনবাইৰ দেশলৈ জুবিন আহিছে: অনুৰাগীৰ মনৰ কথাৰে…

Zubeen Garg's Death: জুবিন আৰু নাই। বহু অনুৰাগীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে মনত লুকাই থকা বেদনা। যিবোৰ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। সুমন্ত মাধৱ বৰা নামৰ এজনৰ পেজৰ পৰা শ্বেয়াৰ হোৱা এটা পোষ্টে আৱেগিক কৰিছে বহুজনক । তেওঁ এইদৰে লিখিছে- "সৰগত জুবিনৰ আদৰণী সভা আৰু মায়াবিনী"

ভিতালী বা আজি ভীষণ ব্যস্ত, জোনবাইৰ দেশলৈ জুবিন আহিছে: অনুৰাগীৰ মনৰ কথাৰে...

জুবিন গাৰ্গ

Updated On: 

20 Sep 2025 16:27 PM

অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকী চিৰদিনৰ বাবে গ’লগৈ। কোনেও মানি ল’ব নোৱাৰা এক চিৰন্তন সত্য। শুকুৰবাৰে বিয়লি হঠাৎ অহা খবৰে ছিন্ন-বিচ্ছিন্ন কৰিলে প্ৰতিজন অসমীয়াৰ হৃদয়। কোনোৱে যদি মহামানৱৰ গান শুনি, কোনোৱে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে ভাঙি যোৱা হৃদয়ৰ বেদনা। সকলোৱে আজিও আশা কৰিছে এই সকলোবোৰ কথা মিছা হওক। সুস্থ অৱস্থাত জন্মভূমিলৈ ঘূৰি আহক হিয়াৰ আমঠু জুবিন দা।

প্ৰতিটো মুহূতৰ্তে জুবিন গাৰ্গৰ লগত ছাঁৰ দৰে লাগি থকা গৰিমা শইকীয়া গাৰ্গ আজি অকলশৰীয়া। সকলো আছে কাষত, তেওঁৰ সাহস হৈ। মাথো নাই ‘গোল্ডি’। অসমবাসীৰ বাবে আজি জুবিন দা বিহীন প্ৰথমটো দিন। চৌদিশে জুবিন গাৰ্গৰ গান, কিন্তু কাষত নাই জুবিন গাৰ্গ। গনেশগুৰিৰ উৰণীয়া সেতুৰ তলত শ্ৰদ্ধাঞ্জলি জনাবলৈ হাজাৰ-হাজাৰ অনুৰাগীৰ ভিৰ। এতিয়া অনুৰাগীৰ অপেক্ষা শেষ বাৰলৈ প্ৰিয় শিল্পীগৰাকীক এবাৰ চোৱাৰ।

বহু অনুৰাগীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে মনত লুকাই থকা বেদনা। যিবোৰ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। সুমন্ত মাধৱ বৰা নামৰ এজনৰ পেজৰ পৰা শ্বেয়াৰ হোৱা এটা পোষ্টে আৱেগিক কৰিছে বহুজনক । তেওঁ এইদৰে লিখিছে- “সৰগত জুবিনৰ আদৰণী সভা আৰু মায়াবিনী”

“আজি বাৰু সৰগত কম সভা বহিছেনে? জ্যোতি প্ৰসাদ হৈছে সভাপতি, সম্পাদক বিষ্ণুপ্ৰসাদ ৰাভা। জয়ন্ত হাজৰিকাই দিছে আদৰণি ভাষণ। সৌৱা খগেন মহন্ত, অৰ্চনা মহন্তও আছে বহি নিৰলে। দেখিছোঁ আগৰ শাৰীত প্ৰতিমা বৰুৱা বাইদেউৰ সৈতে দীপালী বৰঠাকুৰ, যদিও সভা সংগীজ্ঞৰ নীলপৱনো আছে দীপালী বাইদেউৰ সৈতে। ভিতালীবা আজি ভীষণ ব্যস্ত, জোনবাইৰ দেশলৈ জুবিন আহিছে। সৰগ সজোৱাৰ দায়িত্ব ভিতালীৰ। অৱশ্যে সহায় কৰিবলৈ লগতে আছে গায়ত্ৰীও। ভগ্নী জংকীৰ চকু আজি চলচলীয়া! এই দিনটোৰ বাবেই যেন ৰৈ আছিল তাই। দাদা আহিব হেঁপাহ পলুৱাই মনৰ কথা পাতিব! আছে আন বহুতো। ”

“এচুকত বহি জুবিনদালৈ চাই আছে ৰাজীৱ শদিয়াই। মুঠতে সৰগৰ অসম ভৱনত আজি বিশাল সভা। এয়া মঞ্চতে ভূপেন মামাই জুবিনক আলিংগন কৰিছে। জ্যোতি- বিষ্ণুক হেঁপাহ পলুৱাই কৈছে জুবিনৰ কথা। জুবিন কোন, জুবিন কিয় আৰু জুবিন কি? জ্যোতি-বিষ্ণুৱে মৌন হৈ শুনিছে জুবিনৰ কথা। সভাৰ মাজতে সভাপতি জ্যোতি ককাইদেউ থিয় হৈ উঠিল। কোনেও ধৰিব পৰা নাই কি হ’ল জ্যোতি প্ৰসাদৰ? কলাগুৰুৰ ফালে আকুল দৃষ্টিৰে চাই ক’লে কিবা এটা। সকলো বুজি এইবাৰ বিষ্ণুৰাভাই একপ্ৰকাৰৰ কাঢ়া নিৰ্দেশেই দিলে জুবিনদাক। “আজি সভাত বেলেগ গীত নহ’ব,কেৱল মায়াবিনী চলিব”। সৰগত এতিয়া মায়াবিনীৰ গুঞ্জন। কেৱল মায়াবিনী…ঔম শান্তি”

আন এজন অনুৰাগী পাৰ্থ গোস্বামীয়ে শ্বেয়াৰ কৰিছে- “জুবিন গাৰ্গে জীৱনত কি পালে? নোহোৱা হোৱাৰ খবৰ শুনি লগৰ এজনে কান্দি কান্দি ফোন কৰিছে “জুবিনদা নাই।”… জুবিনদা তাতেই আছে। ৰাস্তাত সন্ধ্যা খোজকাঢ়ি গৈ থাকোঁতে ল’ৰা দুজনমানে মোবাইলত “মই ভাগৰা নাই” লগাই মৌন হৈ বহি আছে, জুবিনদা তাতেই আছে। চিনি বাছত উঠি আহি আছিলোঁ।ড্ৰাইভাৰজনে চিঞৰি দিলে “আৰু টিপ মাৰব ন’ৰি, ভাল লগা নাই”। ৰাজপথত এগালমান জেন জি… “মায়া অনামিকা”ৰ পিছৰ প্ৰজন্ম, লতাশিললৈ গৈছে, নিজে গৈছে… জুবিনদা তাতে আছে। জুবিনদাৰ বাসগৃহৰ সন্মুখত কোনোবাই চিঞৰিছে “বৌ আমি আছোঁ।”…. জুবিনদাই ইমানখিনিয়েই পালে।”

নিতুপৰ্ণ ৰাজবংশীয়ে লিখিছে, আজি প্ৰথমবাৰলৈ ইচ্ছা গৈছে নিজে অঁকা কাৰ্টুনবোৰ মচি পেলাবলৈ। অনুপস্থিত জুবিনক লৈ অঁকা কাৰ্টুনবোৰ মচি পেলাবলৈ মন গৈছে । চাবলৈ মন গৈছে উদ্দীপ্ত জুবিনক। জুবিন আহচোন, আহি পদূলিতে ৰৈ গাড়ীৰ ভিতৰৰ পৰাই ক – “অই তই ভালকে’ কাম কৰি থাক, তোক লাগিব।”

ব্ৰজেন শৰ্মাই এটি কবিতাৰে দিছে জুবিনৰ বৰ্ণনা, “প্ৰেম আৰু প্ৰাৰ্থনাৰ নাম জুবিন…”

“ভগৱান জানো হেৰাব পাৰে…
অনন্ত প্ৰবাহ জানো থমকে…
জীৱনৰ গতিৰ জানো যতি পৰে…
আপোনাৰ… মোৰ… আমাৰ…
শৈশৱৰ সোঁৱৰণৰ নাম জুবিন…
কৈশোৰৰ চপলতাৰ নাম জুবিন…
যৌৱনৰ উদ্দাম ধুমুহা জুবিন…
বাৰ্ধক্যৰ কাকূতিৰ নাম জুবিন…
ভালে আছে জুবিন।
ভালে থাকক জুবিন…
আপোন গৰিমাৰে গৰিমামণ্ডিত হৈ…
আপোনাৰ… মোৰ… আমাৰ…
প্ৰেম, প্ৰাৰ্থনা আৰু উশাহ হৈ,
ভালে আছে জুবিন…
প্ৰেম, প্ৰাৰ্থনা আৰু উশাহ থকালৈকে..
ভালে থাকিব জুবিন…”

এইদৰে বিভিন্নজনে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে হিয়াৰ আমঠু জুবিনক। জানিব পৰা মতে, ইতিমধ্যে ছিংগাপুৰত জুবিনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। ইয়াৰ পাছতে তেওঁৰ নশ্বৰ দেহ ভাৰতীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৫.৩০ বজাত বিমানেৰে দিল্লীলৈ অনা হ’ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, দিল্লী পোৱাৰ এঘন্টাৰ ভিতৰত তেওঁৰ পাৰ্থিৱ শৰীৰ বিশেষ বিমানৰ জৰিয়তে অসমলৈ অনা হ’ব।

লগতে পঢ়ক: জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা: তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা চৰকাৰৰ

জুবিনে বান্দৰটোৰ নাম দিছিল মধুসূদন, বগলীৰ নাম উদাসীনী গাৰ্গী!
আওকাণ নকৰিব, বৃক্কৰ সমস্যা বৃদ্ধিৰ আঁৰৰ মূল কাৰণসমূহ জানক
অত্যধিক চাহ খোৱা লোকৰ কোনবোৰ ৰোগ হ’ব পাৰে? জানক...
আপোনাৰ ঘৰৰ বাৰীত নাৰিকলৰ গছ আছে নেকি? ই শুভ নে অশুভ ! জানক