উচ্ছেদ অভিযানেৰে জনসাধাৰণক বিশ্বাসঘাতকতা কৰিছে মুখ্যমন্ত্ৰীয়ে, ইয়াৰ পৰিণাম ভুগিব লাগিব…ৰকিবুল হুছেইনৰ ক্ষোভ
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সাংসদ ৰকিবুল হুছেইনে কয় যে উচ্ছেদ অভিযান অমানৱীয়, অসাংবিধানিক, আইন বিৰুদ্ধ। চৰকাৰে আদানীৰ নিৰ্দেশত কাম কৰি আছে। মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক বিশ্বাসঘাতকতা কৰিছে, তেওঁ আৰু বিজেপি ইয়াৰ পৰিণামৰ সন্মুখীন হ’ব লাগিব।

হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইন
বুৰী জিলাৰ চাপৰত যোৱা মঙলবাৰে চলা উচ্ছেদ অভিযান সন্দৰ্ভত মন্তব্য কৰিছে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ অভিযানৰ জৰিয়তে “ৰাইজক বিশ্বাসঘাতকতা” কৰাৰ অভিযোগ উত্থাপন কৰিছে সাংসদগৰাকীয়ে।
এই উচ্ছেদক তেওঁ “অবৈধ, অমানৱীয়, আৰু অসাংবিধানিক” বুলি অভিহিত কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে ৩৫০০ বিঘা মাটি মুকলি কৰাৰ সময়ত উচ্ছেদৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ আদেশ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰে আৰু কৰ্পৰেটৰ স্বাৰ্থ লাভৰ বাবে এই অভিযান চলোৱা বুলি দাবী কৰে।
সাংসদ হুছেইনে দাবী কৰে যে, অভিযুক্ত বেদখলকাৰীয়ে দাখিল কৰা আবেদনৰ শুনানিৰ পৰৱৰ্তী তাৰিখলৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ে যিকোনো উচ্ছেদ স্থগিত ৰখাৰ নিৰ্দেশ দিছে। কিন্তু এই নিৰ্দেশ চৰকাৰে অৱজ্ঞা কৰা বুলিও তেওঁ কয়।
ইফালে শাসকীয় বিজেপি দলে এই অভিযান আইন অনুযায়ী আৰু ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত চলোৱা বুলি কয়।
ধুবুৰীৰ বিলাসীপাৰা মহকুমাৰ চাপৰত মঙলবাৰে উত্তৰ-পূবৰ ভিতৰতে অন্যতম বৃহৎ উচ্ছেদ অভিযান চলায় প্ৰশাসনে। কিন্তু উচ্ছেদৰ মাজতে একাংশ লোকে বাধা প্ৰদানৰ চেষ্টা কৰে। দিনজোৰা এই অভিযানত অভিযুক্ত বেদখলকাৰী আৰু দুষ্কৃতিকাৰীয়ে এক্সকেভেটৰৰ ক্ষতিসাধন কৰাৰ লগতে আৰক্ষী জোৱানক আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে। কিন্তু পিছত নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
সোমবাৰে ধুবুৰী জিলা প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ সংস্থা পিটিআইক জনাইছিল যে আদানী গ্ৰুপৰ প্ৰস্তাৱিত তাপ শক্তি প্ৰকল্পৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ হাতত গতাই দিয়া হ’ব এই চৰকাৰী ভূমি।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সাংসদ ৰকিবুল হুছেইনে কয়, “উচ্ছেদ অভিযান অমানৱীয়, অসাংবিধানিক, আইন বিৰুদ্ধ। চৰকাৰে আদানীৰ নিৰ্দেশত কাম কৰি আছে। আদানীৰ পুত্ৰই শেহতীয়াকৈ অসম ভ্ৰমণ কৰিছিল । আমাৰ প্ৰশাসন আৰু মুখ্যমন্ত্ৰীয়ে তেওঁলোকক ডেলিভাৰী দিবলৈ অভাৰড্ৰাইভ কৰিছে। দুখীয়া লোকসকলক এতিয়া উশাহ ল’বলৈও দিয়া হোৱা নাই।‘‘
হুছেইনে আৰু দাবী কৰে যে ক্ষতিগ্ৰস্ত লোকসকলে উচ্ছেদৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি থকা গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰৱৰ্তী শুনানিলৈকে এনে কোনো অভিযান চলাব নালাগে বুলি নিৰ্দেশ দিছে। তেওঁ লগতে কয় যে আদালতে আন এটা গোচৰৰ শুনানি গ্ৰহণ কৰাৰ সময়ত সকলো অভিযুক্ত তথা অবৈধ বাসিন্দাক ব্যক্তিগতভাৱে উচ্ছেদৰ জাননী প্ৰদান কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে।
হুছেইনে কয়, ‘‘আদালত অৱমাননা হৈছে নেকি আমি পৰীক্ষা কৰিম। মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক বিশ্বাসঘাতকতা কৰিছে, তেওঁ আৰু বিজেপি ইয়াৰ পৰিণামৰ সন্মুখীন হ’ব লাগিব।’’
ইফালে, ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ কিশোৰ কুমাৰ উপাধ্যায়ে পুনৰ কয় যে অবৈধ বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান অসমৰ খিলঞ্জীয়াৰ পৰিচয়, মাটি, ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত অব্যাহত থাকিব।
তেওঁ কয়, ‘‘অবৈধ অনুপ্ৰৱেশকাৰীৰ বেদখলৰ বাবে অসমৰ সংৰক্ষিত বনাঞ্চল, গাঁও, চৰণীয়া পথাৰ, সংৰক্ষিত বনাঞ্চলৰ লগতে খিলঞ্জীয়া আৰু জনজাতীয় জনগোষ্ঠীৰ ভূমি সংকুচিত হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি চলা চৰকাৰৰ এই পদক্ষেপক দলে সম্পূৰ্ণৰূপে সমৰ্থন জনাইছে।’’
উপাধ্যায়ে আৰু অভিযোগ কৰে যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক ৰাজ্যখনত “ভোট বেংকৰ ৰাজনীতি”ৰ বাবে বসতি স্থাপনৰ সুবিধা প্ৰদান কৰিছিল।
তেওঁ লগতে কয়, ‘‘কংগ্ৰেছ দলে খিলঞ্জীয়া জনগোষ্ঠীৰ যন্ত্ৰণা আৰু উদ্বেগ বুজি পোৱাৰ পৰিৱৰ্তে কেৱল বাংলাদেশীক সংস্থাপন কৰাৰ ব্যৱস্থা কৰিলে। আইনী ব্যৱস্থাৰ জৰিয়তে উচ্ছেদ অভিযান চলোৱা হৈছে আৰু অসমীয়া জনসাধাৰণৰ ৰাজনৈতিক সাৰ্বভৌমত্ব আৰু ভূমিৰ অধিকাৰ ৰক্ষা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।’’