ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব উচ্ছেদিতৰ নাম: উজনি অসমক বচোৱাৰ প্ৰচেষ্টা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীয়ে কয়,  ‘প্ৰথমতে যিসকলক উচ্ছেদ কৰা হয় তেওঁলোকক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা নহ’ব।তেওঁলোকৰ ম'ডাছ অপাৰেণ্ডি হৈছে উজনি আৰু উত্তৰ অসমত সোমাৱা।" তেওঁ কয়, “ আমি চেষ্টা কৰিছে যাতে নামনি আৰু মধ্য আৰু অসমৰ দৰে উজনি অসমখন শেষ হৈ নাযায়”। 

ভোটাৰ তালিকাৰ পৰা কৰ্তন হব উচ্ছেদিতৰ নাম: উজনি অসমক বচোৱাৰ প্ৰচেষ্টা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Updated On: 

25 Aug 2025 | 10:32 AM

পুনৰ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উচ্ছেদ অভিযান নিৰন্তৰে চলি থাকিব বুলি উল্লেখ৷ দেওবাৰে ৰাজ্যৰ উচ্ছেদ অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বেদখল কৰা ভূমিৰ পৰা উচ্ছেদ কৰাসকলক নিৰ্বাচনী তালিকাত অন্তৰ্ভুক্ত নহ’ব বুলি ঘোষণা কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শৰ্মাই অভিযোগ কৰে যে, অবৈধ বসতিপ্ৰধান লোকৰ “ম’ডাছ অপাৰেণ্ডি” হ’ল উজনি আৰু উত্তৰ অসমত সোমাব বিচাৰে।

মুখ্যমন্ত্ৰীয়ে কয়,  ‘প্ৰথমতে যিসকলক উচ্ছেদ কৰা হয় তেওঁলোকক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা নহ’ব।তেওঁলোকৰ ম’ডাছ অপাৰেণ্ডি হৈছে উজনি আৰু উত্তৰ অসমত সোমাৱা।” তেওঁ কয়, “ আমি চেষ্টা কৰিছে যাতে নামনি আৰু মধ্য আৰু অসমৰ দৰে উজনি অসমখন শেষ হৈ নাযায়”।

মুখ্যমন্ত্ৰীয়ে কয়,“নামনি আৰু মধ্য আৰু অসম আমি বচাব নোৱাৰিলো। এই ক্ষেত্ৰত আমাৰ প্ৰজন্মই আমাৰ আগৰ প্ৰজন্ম বিফল হ’ল”। তেওঁ কয় , “ এতিয়া আমাৰ প্ৰচেষ্টা হ’ল উজনি আৰু উত্তৰ অসমক বচাব লাগে। উচ্ছেদ লগে লগে তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা নিশ্চিতভাৱে কৰ্তন হ’ব।”

উল্লেখ্য যে, বৰ্তমান ৰাজ্যৰ বিভিন্ন জিলাত উচ্ছেদৰ অভিযান তীব্ৰতৰ হোৱাৰ সময়তে ভূমিৰ অধিকাৰ, প্ৰব্ৰজন, জনগাঁথনিগত উদ্বেগক লৈ বিতৰ্কৰ সূচনা কৰা হৈছে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ঘোষণা। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁৰ এই মন্তব্যই তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। য’ত ভূমি আৰু পৰিচয়ৰ বিষয়সমূহ অসমৰ ৰাজনীতিৰ মুখ্য বিষয় হৈ থাকিব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক: আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, হৰিনামেৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব