মৰ্মান্তিক! কামপুৰৰ ৰে’ল খুন্দাত মৃত্যু হোৱা হাতীৰ সংখ্যা ৮টালৈ বৃদ্ধি…

গুৰুতৰভাৱে আহত পোৱালিটোক সংকটজনক অৱস্থাত নিয়া হৈছিল কাজিৰঙালৈ ৷ চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পাছতো মৃত্যু হয় হাতী পোৱালিটোৰ। এই খবৰে এতিয়া শোকাহত কৰি তুলিছে ৰাজ্যবাসীক।  শুকুৰবাৰৰ পৰা পশু চিকিৎসাৰ দলে ২৪ ঘণ্টাই জৰুৰীকালীন চিকিৎসা প্ৰদান কৰি আহিছিল হাতী পোৱালিটোক।

মৰ্মান্তিক! কামপুৰৰ ৰেল খুন্দাত মৃত্যু হোৱা হাতীৰ সংখ্যা ৮টালৈ বৃদ্ধি...

কামপুৰৰ ৰে'ল দুৰ্ঘটনাত মৃত্যু হোৱা হাতীৰ সংখ্যা ৮টালৈ বৃদ্ধি

Updated On: 

21 Dec 2025 14:53 PM

শোকাৱহ! অৱশেষত আহিল সেই বেয়া খবৰটো। বৃদ্ধি হ’ল কামপুৰত ৰেলৰ খুন্দাত মৃত্যু হোৱা হাতীৰ সংখ্যা।  কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত থকা দুই তিনি দিনীয়া পোৱালিটোৰো আজি মৃত্যু হয়। ইয়াৰ লগে লগে ৭ৰ পৰা ৮টালৈ বৃদ্ধি পালে হাতীৰ মৃত্যু সংখ্যা।

গুৰুতৰভাৱে আহত পোৱালিটোক সংকটজনক অৱস্থাত নিয়া হৈছিল কাজিৰঙালৈ ৷ চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পাছতো মৃত্যু হয় হাতী পোৱালিটোৰ। এই খবৰে এতিয়া শোকাহত কৰি তুলিছে ৰাজ্যবাসীক।  শুকুৰবাৰৰ পৰা পশু চিকিৎসাৰ দলে ২৪ ঘণ্টাই জৰুৰীকালীন চিকিৎসা প্ৰদান কৰি আহিছিল হাতী পোৱালিটোক।

উল্লেখ্য যে, ২০ ডিচেম্বৰ শনিবাৰে পুৱতি নিশা অসমৰ নগাঁও জিলাত সংঘটিত হোৱা এক কৰুণ সংঘৰ্ষৰ ফলত ৭টা বন্যহস্তীৰ মৃত্যু ঘটাৰ লগতে তীব্ৰবেগী যাত্ৰীবাহী ৰে’লখন ৰেলপথৰ পৰা নামি যায়, যাৰ ফলত উত্তৰ-পূবৰ উন্নয়ন আৰু সংৰক্ষণৰ মাজৰ ভংগুৰ সংযোগস্থলৰ ওপৰত পুনৰবাৰ প্ৰশ্ন উত্থাপন হয়।

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ লামডিং সংমণ্ডলৰ অন্তৰ্গত যমুনামুখ–কামপুৰ অংশত ছৈৰাং–নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছে ট্ৰেক পাৰ হৈ যোৱা হাতীৰ জাকটোক খুন্দা মাৰে। এই সংঘৰ্ষৰ ফলত ইঞ্জিন আৰু প্ৰিমিয়াম ৰে’লৰ পাঁচটা ডবা ৰেলপথৰ পৰা আঁতৰি যায়। ৰে’ল কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে এই দুৰ্ঘটনাত কোনো যাত্ৰী আহত হোৱা নাই। স্থানীয় বাসিন্দা আৰু বন বিষয়াৰ মতে, জাকটোত প্ৰাপ্তবয়স্ক আৰু পোৱালিকে ধৰি প্ৰায় আঠটা হাতী আছিল। সাতটা হাতী—তিনিটা প্ৰাপ্তবয়স্ক আৰু চাৰিটা পোৱালি—থিতাতে নিহত হোৱাৰ বিপৰীতে এটা পোৱালি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

ইফালে হাতীৰ মৃত্যু হোৱা ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এক বিবৃতিত তেওঁ কয় যে বন্যপ্ৰাণী হেৰুৱাই ৰাজ্য চৰকাৰ “গভীৰভাৱে দুখী” আৰু ঘোষণা কৰে যে তেওঁ বন বিভাগক এই ঘটনাৰ বিশদ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।

মগজুৰ বাবে অতি উপকাৰী এইসমূহ শাক-পাচলি, বৃদ্ধি পাব স্মৃতিশক্তি-একাগ্ৰতা
ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈ টকা আহে নেকি? কি হয় জানক...
এচিডিটিৰ সমস্যা হোৱাৰ ৪ টা প্ৰধান কাৰণ, কেনেকৈ উপশম পাব ?
বৃক্কৰ পাথৰ হোৱাৰ আঁৰত লুকাই থকা শীৰ্ষ ৫টা কাৰণ
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...