Durga puja: দুৰ্গা পূজাৰ বাবে SOP জাৰি, মানিব লাগিব এইসমূহ নিয়ম…

Durga puja sop: পৌৰাণিক কথা অনুসৰি, হিমালয়ৰ কন্যা উমা (দুৰ্গা)ই বিবাহৰ বহু বছৰ পাছত পুত্ৰ কন্যাৰ লগত মাত্ৰ তিনিদিনৰ বাবেহে পতি গৃহৰ পৰা পিতৃ গৃহলৈ আহিছিল। মাতৃ মেনকাক কন্দুৱাই চতুৰ্থ দিনা তেওঁ পুনৰ স্বামী গৃহলৈ গৈছিল।

Durga puja: দুৰ্গা পূজাৰ বাবে SOP জাৰি, মানিব লাগিব এইসমূহ নিয়ম...

নৱৰাত্ৰিৰ সময়ত ভুলকৈও নকৰিব এই কাম

Updated On: 

04 Sep 2024 | 10:29 AM

শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা মাহ। দুৰ্গা পূজা এক আনন্দৰ উৎসৱ। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বৰ উলহ- মালহেৰে পালন কৰা হয় দুৰ্গা পূজা। ৰাজ্যৰ পূজাসমূহ যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে প্ৰত্যেক জিলা প্ৰশাসনে এক নিৰ্দেশনা জাৰি কৰে। এই  SOP ৰ জৰিয়তে প্ৰশাসনে দুৰ্গাপূজাৰ কমিটীসমূহক কিছুমান নিয়ম বান্ধি দিয়ে, যিয়ে অনুষ্ঠানসমূহ সুকমলে,আইন- শৃংখলা মানি আগুৱাই নিয়াত সহায় কৰে। এইবাৰো পূজা কমিটীসমূহে মানি চলিব লাগিব কিছুমান বিশেষ নিয়ম। শাৰদীয় দুৰ্গা পূজাৰ পূৰ্বে কমিটীসমূহৰ বাবে কামৰূপ (ম) জিলা প্ৰশাসনে বান্ধি দিছে বিশেষ নিয়ম।

দুৰ্গা পূজাৰ প্ৰস্তুতি সন্দৰ্ভত মঙলবাৰে কামৰূপ (মঃ) জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত দুৰ্গা পূজা সমিতিৰ প্ৰতিনিধিসকলৰ এক বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছতেই সিদ্ধান্ত গ্ৰহণ কৰা হয় যে এইবাৰ পূজাত পথ নিৰ্দেশনা সলনি হ’ব। ফ্লাই অভাৰ নিৰ্মাণৰ কাম চলি থকা বাবে ৰুক্মিনী গাঁও, চান্দমাৰি, লাল গনেশ আদিত পথ নিৰ্দেশনাৰ সাল- সলনি হ’ব।

এইবাৰ পূজাক লৈ SOP ত তলত দিয়া নিয়মসমূহ উল্লেখ আছে-

  • পূজা অনুষ্ঠিত কৰাৰ পূৰ্বে পূজা কমিটীসমূহে অনুমতিৰ বাবে অনলাইন পঞ্জীয়ন কৰিব লাগিব।
  • কোনো পূজাস্থলীতে উচ্চ স্বৰত গান বজাব নোৱাৰিব।
  • পূজাস্থলীত পেট্ৰল, কেৰাচিনজাতীয় সামগ্ৰী ৰাখিব নোৱাৰিব।
  • প্ৰতিখন পূজা মণ্ডপত চিচিটিভিৰ ব্যৱস্থা থাকিব লাগিব।
  • কেমেৰাসমূহৰ ফুটেজ ১ মাহলৈ ৰাখিব লাগিব।
  • পথ বন্ধ কৰি দ্বাৰ স্থাপন কৰিব নোৱাৰিব।
  • প্ৰতিখন পূজাতে হেল্প ডেস্ক থাকিব লাগিব।
  • প্ৰতিমা বিসৰ্জনৰ সময়ত চালকে সুৰা পান কৰিব নোৱাৰিব।
  • এনে কৰিলে জৰিমণা আৰু তেওঁৰ অনুজ্ঞাপত্ৰ বাতিল হব।
  • বিসৰ্জনৰ সময়ৰ শোভাযাত্ৰাত উপযুক্ত গাড়ী ব্যৱহাৰ কৰিব লাগিব।
  • মিউজিক চিষ্টেমত ধৰ্মমূলত গীত বজোৱাৰ আহ্বান।
  • ভিভিআইফপিৰ বাবে বেৰিকেডৰ ব্যৱস্থা।

ইয়াৰোপৰি আৰু বহু নিৰ্দেশনা কামৰূপ জিলা প্ৰশাসনে জাৰি কৰিছে।  সুৰাপায়ীসকলে যাতে গাড়ী নচলাই তাৰ বাবে আহ্বান জনাইছে কামৰূপ প্ৰশাসনে। ইয়াৰ বাবে যান- বাহন সুৰাপায়ী চালকৰ বিৰুদ্ধে সস্তম হৈ পৰিব বুলি কয়। দুৰ্গা পূজাৰ সময়ত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে আৰক্ষীৰ চেকিং চলিব  আৰু সুৰা পান কৰি গাড়ী চলালে ভৰিব লাগিব জৰিমণা।

উল্লেখ্য যে, চলিত বৰ্ষৰ দুৰ্গা পূজা ৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পূজাক লৈ আৰম্ভ হৈছে প্ৰস্তুতি। হিন্দু ধৰ্মত এই পূজাৰ বিশেষ মহত্ব আছে। দুৰ্গাপূজা ৪ দিন অনুষ্ঠিত হয়। পৌৰাণিক কথা অনুসৰি, হিমালয়ৰ কন্যা উমা (দুৰ্গা)ই বিবাহৰ বহু বছৰ পাছত পুত্ৰ কন্যাৰ লগত মাত্ৰ তিনিদিনৰ বাবেহে পতি গৃহৰ পৰা পিতৃ গৃহলৈ আহিছিল। মাতৃ মেনকাক কন্দুৱাই চতুৰ্থ দিনা তেওঁ পুনৰ স্বামী গৃহলৈ গৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...