গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নতুন অধীক্ষক নিযুক্তি, ডাঃ দেৱজিৎ চৌধুৰী হ’ব নতুন অধীক্ষক
ডাঃ দেৱজিৎ চৌধুৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ অধীক্ষক হিচাপে দায়িত্ব পালন কৰি আহিছিল। এতিয়া নতুন দায়িত্ব প্ৰদানৰ পিছত তেওঁক ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে।

GMCHৰ নতুন অধীক্ষক নিযুক্তি
বিগত প্ৰায় এসপ্তাহ ধৰি চৰ্চাত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (GMCH)। যোৱা সোমবাৰে চিকিৎসালয়খনৰ সদ্যজাত কেঁচুৱাৰ বিশেষ যতন কক্ষত দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাবটি লয় এটি কেঁচুৱাই। এই ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে ৰাজ্য চৰকাৰকো কঠোৰ সমালোচনাৰ লক্ষ্য কৰি লোৱা হৈছে। চিকিৎসালয়খনত গাফিলতিৰ বাবেই এটি শিশুৱে এইদৰে প্ৰাণ হেৰুৱাবলগা হয় বুলি বহু লোকে অভিযোগ উত্থাপন কৰিছে।
এই ঘটনাৰ পিছতে আজি ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি কি যুক্তিত মুখ্যমন্ত্ৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ পদ খালী কৰি ৰাখিছে বুলি প্ৰশ্ন উত্থাপন কৰিছিল। এনে বিতৰ্কৰ মাজতে সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত নতুন অধীক্ষক নিযুক্তি দিয়া হৈছে।
ৰাজ্য চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগে এক আনুষ্ঠানিক জাননী যোগে এই বিষয়ে প্ৰকাশ কৰিছে। জাননীখনত কোৱা হৈছে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অস্ত্ৰোপচাৰ বিভাগৰ সহযোগী অধ্যাপক ডাঃ অভিজিত শৰ্মাক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চিকিৎসালয়খনৰ অধীক্ষক পদৰ পৰা অব্যাহতি দিয়া হৈছে।
তেওঁৰ স্থানত ডাঃ দেৱজিৎ চৌধুৰীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষকৰ দায়িত্বত নিযুক্তি প্ৰদান কৰা হৈছে। উল্লেখ্য যে চিকিৎসা মহাবিদ্যালয়খনৰ অস্ত্ৰোপচাৰ বিভাগৰ সহযোগী অধ্যাপক ডাঃ দেৱজিৎ চৌধুৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ অধীক্ষক হিচাপে দায়িত্ব পালন কৰি আহিছিল।
এতিয়া নতুন দায়িত্ব প্ৰদানৰ পিছত তেওঁক ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। এনে পৰিস্থিতিত ডাঃ দেৱজিৎ চৌধুৰীৰ স্থানত চিকিৎসালয়খনৰ ফাৰ্মাক’লজী বিভাগৰ সহযোগী অধ্যাপক ডাঃ দ্বীপেন খনিকৰক ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ অধীক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।