বিহুত জা-জলপান দিবলৈ ব্যৱহাৰ কৰে কাঁহৰ বাচন, কিন্তু এই কাঁহৰ বাচন-বৰ্তন কেনেকৈ প্ৰস্তুত কৰে জানেনে?

আহোম ৰাজত্বৰ কালতেই অসমৰ সৰ্থেবাৰীত কাঁহ-পিতল শিল্পৰ বিকশিত হ’বলৈ ধৰিছিল। বহু ইতিহাসবিদে ক’ব খোজে যে, আহোম ৰজা ৰুদ্ৰ সিংহৰ প্ৰচেষ্টাত সৰ্থেবাৰী আৰু হাজো অঞ্চলত কাঁহ-পিতলৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিবলৈ এক শ্ৰেণীৰ লোক নিয়োগ কৰা হৈছিল।

বিহুত জা-জলপান দিবলৈ ব্যৱহাৰ কৰে কাঁহৰ বাচন, কিন্তু এই কাঁহৰ বাচন-বৰ্তন কেনেকৈ প্ৰস্তুত কৰে জানেনে?

কাঁহৰ বাচন-বৰ্তন কেনেকৈ প্ৰস্তুত কৰে জানেনে?

Published: 

09 Apr 2025 17:22 PM

আকৌ পালেহি অসমীয়াৰ প্ৰাণৰ ব’হাগ ৷ গছে-বনে এতিয়া কুলিৰ শুৱলা মাত ৷ ৰাজ্যৰ চৌদিশে চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি। বিহু উৎসৱৰ লগত খোৱা-বোৱাৰ ওতঃপ্ৰোত সম্বন্ধ আছে। ৰঙালী বিহুত নানান সুস্বাদু খাদ্য তৈয়াৰ কৰি নিজৰ লগে আলহী আতিথিক খুওৱাৰ পৰম্পৰাৰ লগতে সমূহীয়াকৈ ভোজভাত খোৱাৰ ৰীতি আছে। অসমীয়া মানুহে জা-জলপান দিবলৈ কাঁহেৰে নিৰ্মিত বাতি, কাঁহী ব্যৱহাৰ কৰে। কিন্তু এই কাঁহৰ সামগ্ৰী কেনেকৈ প্ৰস্তুত কৰা হয় জানেনে?

কাঁহৰ সামগ্ৰী প্ৰস্তুতৰ আৰম্ভণি

আহোম ৰাজত্বৰ কালতেই অসমৰ সৰ্থেবাৰীত কাঁহ-পিতল শিল্পৰ বিকশিত হ’বলৈ ধৰিছিল। বহু ইতিহাসবিদে ক’ব খোজে যে, আহোম ৰজা ৰুদ্ৰ সিংহৰ প্ৰচেষ্টাত সৰ্থেবাৰী আৰু হাজো অঞ্চলত কাঁহ-পিতলৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিবলৈ এক শ্ৰেণীৰ লোক নিয়োগ কৰা হৈছিল। আহোম যুগত অসমৰ কাঁহ শিল্পত ব্যৱহৃত কেইবিধমান সঁজুলি আছিল এনেধৰণৰ – নিয়াৰি (পিতল খুন্দা লোৰ ডাঙৰ যতন), বেলমূৰি (মজলীয়া আকাৰৰ নিয়াৰি), চাতুলি (সৰু আকাৰৰ নিয়াৰি), সৰাহ (কাঁহ পিতল পোনাবলৈ ব্যৱহাৰ কৰা যতন), আফুৰি (জুইশাল) আদি।

ষোল্ল শতিকাত প্ৰথমে কাঁহ প্ৰস্তুত কৰা হৈছিল। কাঁহৰ অৱমন্দন (damping) নিম্ন, আৰু ইয়াক পশ্চিমৰ দেশত ঘাইকৈ ঘণ্টা সাজিবলৈ ব্যৱহাৰ কৰা হৈছিল। এই ধাতু যথেষ্ট ব্যয়বহুল।

কাঁহৰ সামগ্ৰী নিৰ্মাণৰ বাবে কি কি সঁজুলিৰ ব্যৱহাৰ কৰা হয় জানক

ঢেকা – এমূৰে ভাঁজ থকা লোৰ নিয়াৰি।
মুহী – কাঁহ জুইত গলাবলৈ লোৱা মাটিৰ পাত্ৰ।
নিয়াৰি – কাঁহ হাতুৰীৰে কোবাই বাচনৰ আকৃতি দিবৰ ব্যৱহাৰ কৰা ঘূৰণীয়া শকত লো।
হাতুৰী – কাঁহৰ সঁজুলিবোৰ বিভিন্ন আকৃতিত গঢ়িবলৈ সজোৱা লোৰ সঁজুলি।
সঁৰাহ – নিয়াৰিৰ ওপৰত কাঁহ চেপি ধৰা লোৰ সঁজুলি।
খন্তা – কাঁহৰ সামগ্ৰীসমূহ গঢ়াৰ পাছত পৰিষ্কাৰ কৰিবলৈ লোৱা সঁজুলি।
ছেনা – কাঁহৰ সামগ্ৰীসমূত ফুলকটা, মিহিকৰা আদি কামত ব্যৱহাৰ কৰা বটালিৰ নিচিনা লোৰ সামগ্ৰী।
ৰেতি – কাঁহৰ সামগ্ৰীসমূহ ঘঁহি ঘঁহি কাটিবলৈ আৰু মিহি কৰিবৈ ব্যৱহাৰ কৰা সঁজুলি।
আফৰ – এঙাৰেৰে ভৰা জুহালখনত মুহী বহুৱাব পৰা নিৰ্দিষ্ট আয়তনৰ ঠাইখিনিক আফৰ বোলে।
ঘৰমাৰা – কাঁহৰ সামগ্ৰীত ফুল কাটিবলৈ ব্যৱহাৰ কৰা লোৰ শলা।
ৰাগী -পাত্ৰত সুদৃশ্য ফুল কাটিবলৈ ব্যৱহাৰ কৰা এবিধ বিশেষ যতন।
পঁজাল – বিভিন্ন সাঁচৰ সামগ্ৰী তৈয়াৰ কৰিবলৈ এইবিধ যতন ব্যৱহাৰ কৰা হয়।

কেনেকৈ কাঁহৰ বাচন-বৰ্তন প্ৰস্তুত কৰে

অতীজৰেপৰা বৰ্তমানলৈকে জাতীয় ঐতিহ্যপূৰ্ণ এই শিল্পটো হাজো, সৰ্থেবাৰী অঞ্চলত বৰ্তমানলৈকে জীয়াই আছে। কাঁহৰ বাচন-বৰ্তন নিৰ্মাণ প্ৰণালীটোৰো এক বিশেষ কৌশল আছে। প্ৰথমতে কাঁহখিনি আফৰৰ জুইত মুহিৰ ভিতৰত থৈ গলাই লোৱা হয়। তাৰ পাছত গলিত ধাতুখিনিত আঁকৰ ঢালি দিয়া হয়। চেঁচা হোৱাৰ পাছত ই টান হৈ পিঠাৰ আকৃতি লয়। তাৰপিছত এইবোৰ তপতাই লৈ নিয়াৰিত থৈ হাতুৰীৰে প্ৰস্তুত কৰিব লোৱা বাচন গঢ় লোৱালৈকে কোবাই থকা হয়। মূল ওজা কঁহাৰজনে সঁৰাহেৰে ইয়াক টানকৈ ধৰি লৈ ঘূৰাই থাকে আৰু বাকী পালি কঁহাৰসকলে এটা গতিত হাতুৰীৰে কোবাই থাকে। ডাঙৰ হাতুৰীৰ চিনবোৰ আকৌ জুইৰ তাপ দি সৰু হাতুৰীৰে কোবাই মিহি কৰা হয়। ইয়াৰ পাছত পানীত কিছুসময় জুবুৰিয়াই চেঁচা কৰি তাক অ’ৰে ঘঁহি মিহি কৰাৰ লগতে চাফা কৰা হয়। পিছত আকৌ কুন্দাত দি গুণা টানি প্ৰয়োজন অনুসৰি মিহি কৰা হয়। শেষত ইয়াৰ ওপৰত ছেনাৰ সহায়ত ফুল-পাত,লতা আদি কটা হয়। যি ঠাইত এই প্ৰস্তুতকৰণ প্ৰণালী সম্ভৱ হয় তাক গঢ়শাল বুলি কোৱা হয়। গঢ়শালত কমেও আঠ-দহজনীয়া লোকৰ একোটা দলৰ লোকে কাম কৰে। গঢ়শালৰ মুখ্য কঁহাৰজনক “ওজা কহাঁৰ” আৰু বাকী কেইজনক “ভাইগা কহাঁৰ” বুলি কোৱা হয়।

উল্লেখ্য যে, এতিয়া বজাৰত কাঁহ পিতলৰ সামগ্ৰীৰ তুলনাত তীখা তথা কাঁচৰ সস্তীয়া সামগ্ৰীৰ প্ৰচলন বেছি হৈছে। ফলত কাঁহ তথা পিতলৰ সামগ্ৰীৰ বিক্ৰী ভালেখিনি কমি গৈছে। কেঁচামালৰ যোগানৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সমুখীন হৈ আহিছে।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension