Chapar Eviction Drive: চাপৰৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি, অখিল গগৈক আটক…
চাপৰৰ উচ্ছেদিত ৰাইজৰ পৰিস্থিতি বুজ লবলৈ যোৱা শিৱসাগৰৰ বিধায়ক অখিল গগৈক আটক কৰাৰ খবৰ লাভ কৰা গৈছে । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে নিজে এই কথা প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে।

অখিল গগৈক আটক
চাপৰৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি। উচ্ছেদৰ বাবে যোৱা আৰক্ষী-প্ৰশাসনৰ লোকক বাধা দিয়াৰ চেষ্টা স্থানীয় লোকৰ। ইয়াৰ সমান্তৰালভাৱে উচ্ছেদিত ৰাইজৰ পৰিস্থিতি বুজ লবলৈ যোৱা শিৱসাগৰৰ বিধায়ক অখিল গগৈক আটক কৰাৰ খবৰ লাভ কৰা গৈছে । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে নিজে এই কথা প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে। বিধায়কগৰাকীয়ে আৰক্ষী অধীক্ষক লীনা দলেয়ে তেওঁক আটক কৰাৰ কথা উল্লেখ কৰিছে।
তেওঁ সামাজিক মাধ্যম ফেচবুকত দিয়া এটা পোষ্টত কয়, “বহু বুদ্ধি কৰি বাছে, মটৰ চাইকেলেৰে আহি চাপৰৰ উচ্ছেদ চলাই থকা এলেকা পালোহি। ধুবুৰীৰ এছপিয়ে এতিয়া আটক কৰি মোক চাপৰ থানালৈ লৈ গৈছে।” ইয়াৰ পূৰ্বে কালি তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে ধুবুৰী উচ্ছেদস্থলীলৈ যোৱাৰ কথা উল্লেখ কৰিছিল । তেওঁ কৈছিল যে,”কাইলৈ পুৱা চৰকাৰে উচ্ছেদৰ প্ৰস্তুতি চলোৱা ধুবুৰী জিলাৰ চাপৰৰ ৰাইজৰ মাজলৈ যাম তেখেতসকলৰ খবৰ ল’বলৈ।”
উল্লেখ্য যে, সেই অনুসৰি আজিৰ পুৱা ভাগতে মটৰ চাইকেলেৰে চাপৰত উপস্থিত হৈছিল বিধায়কগৰাকী। বিধায়কগৰাকী উপস্থিত হোৱাৰ পাছতে উচ্ছেদিত ৰাইজে তেওঁলোকৰ পৰিস্থিতি সম্পৰ্কে বিধায়কগৰাকীক অৱগত কৰা দেখা গৈছিল। একাংশ লোকে বিধায়কগৰাকীৰ আগত উল্লেখ কৰিছিল যে, ৬০ বছৰৰ পৰা আমি এই ঠাইত বসবাস কৰি আহিছোঁ। এতিয়া আমাৰ কি অৱস্থা হ’ব। একে সময়তে বিধায়কগৰাকীয়ে তেওঁলোকে সংস্থাপনৰ ব্যৱস্থাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগতে জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰা কথা উল্লেখ কৰে।
স্থানীয়লোকে অভিযোগ কৰিছে যে, উচ্ছেদিত ৰাইজৰ সংস্থাপনৰ বাবে যিখিনি ঠাই প্ৰশাসনে নিদিষ্ট কৰি দিছে, সেই ঠাইৰ যোগাযোগ ব্যৱস্থা একেবাৰে সুচল নহয়।
সূত্ৰৰ খবৰ অনুসৰি, ধুবুৰী জিলা প্ৰশাসনে মঙলবাৰে ধুবুৰী চহৰৰ পৰা প্ৰায় ৫৫ কিলোমিটাৰ নিলগৰ চাৰুৱা-বাখৰা, সন্তোষপুৰ, আৰু চিৰাকূটাত ব্যাপক উচ্ছেদ অভিযান চলাই প্ৰায় ৩৫০০ বিঘা চৰকাৰী ভূমি মুকলি কৰে। বিষয়াসকলৰ মতে, কেইবাবছৰ ধৰি চৰকাৰী মাটিত ২০০০ৰো অধিক পৰিয়ালে বাস কৰি আহিছিল।
অসম শক্তি উন্নয়ন নিগম লিমিটেড (এপিডিচিএল)ৰ অধীনত, তাপ শক্তি প্ৰকল্প স্থাপনৰ বাবে আদানী গোটক ভূমি হস্তান্তৰ কৰাৰ পৰিকল্পনাৰ অংশ হিচাপে এই উচ্ছেদ চলোৱা বুলি খবৰ প্ৰকাশ পাইছে। চৰকাৰী সূত্ৰই জনোৱা মতে, উচ্ছেদিত প্ৰতিটো পৰিয়ালে ৫০ হাজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য লাভ কৰিব।
ইফালে ক্ষুব্ধ স্থানীয় লোকে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত উচ্ছেদ স্থানত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। এক্সভেটৰ, আৰক্ষী প্ৰশাসনৰ লোকলৈ লক্ষ্য কৰি একাংশ লোকে শিল নিক্ষেপ কৰা দেখা গৈছিল । সূত্ৰৰ খবৰ অনুসৰি, স্থানীয় একাংশ লোকে উচ্ছেদ কাৰ্যত বাধা দিবলৈ চেষ্টা কৰিছিল। যাৰ বাবে এনে এক পৰিস্থিতি সৃষ্টি হয়। পৰিস্থিতি মাজতে আৰক্ষী অধীক্ষক লীনা দলে সেই স্থানত উপস্থিত হয়।
লগতে পঢ়ক : ১৭ বছৰৰ পাছত তুলসীৰ ৰূপত পুনৰ টিভি জগতলৈ স্মৃতি ইৰাণী, ফাৰ্ষ্ট লুক ভাইৰেল…