ধুবুৰীত কোচ ৰাজবংশী প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰ আক্ৰমণ আৰক্ষী, CRPF জোৱানৰ, উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা…
কালি সন্ধিয়া ধুবুৰীত সংঘটিত হয় এক অপ্ৰীতিকৰ ঘটনা। একাংশ প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰে আৰক্ষী, চি আৰ পি এফৰ জোৱান। যাৰ ফলত বহু প্ৰতিবাদকাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

প্ৰতিবাদ
১০ ছেপ্টেম্বৰৰ সন্ধিয়া ধুবুৰীত সংঘটিত হয় এক অনাকাংক্ষিত ঘটনা। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধুবুৰী পশ্চিম জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত এক বিশাল প্ৰতিবাদী জোঁৰ সমদল অনুষ্ঠিত হয়। কিন্তু এই প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰে আৰক্ষী, চি আৰ পি এফৰ জোৱান। যাৰ ফলত বহু প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হয়। আহতসকল বৰ্তমান হাস্পাতালত ভৰ্তি হৈ আছে।
জানিব পৰা মতে, কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত কালি গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ৰ পৰা গোলকগঞ্জ টাউন অভিমুখে উলিওৱা হৈছিল জোঁৰ সমদল। কিন্তু এই সমদলক বাধা আৰোপ কৰে আৰক্ষীয়ে। পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰে যে, আৰক্ষী, চি আৰ পি এফে এই প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠীচালনা কৰি বৰ্বৰভাৱে আক্ৰমণ কৰে। গোলকগঞ্জ থানাৰ আৰক্ষী বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত আৰক্ষী আৰু চি আৰি পি এফে এই আক্ৰমণ চলাইছিল বুলি জানিব পৰা গৈছে।
এই ঘটনাৰ পাছতে অঞ্চলটোত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু ঘটনাৰ বুজ ল’বলৈ লগে লগে ধুবুৰীত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। ঘটনাৰ মাজনিশা ধুবুৰীত উপস্থিত হোৱা বৰুৱাই সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰি এই ঘটনা দুৰ্ভাগ্যজনক বুলি অভিযোগ কৰে।
তেওঁ কয় যে, “সন্ধিয়া হোৱা প্ৰতিবাদত যি ঘটনা হ’ল সেয়া সঁচাকৈ দুৰ্ভাগ্যজনক। এই ঘটনাৰ পাছতে মুখ্যমন্ত্ৰীয়ে মোক ইয়ালৈ অহাৰ নিৰ্দেশ দি পৰিস্থিতিৰ বুজ ল’বলৈ কৈছিল। তাৰ পাছতে মই ইয়ালৈ আহি আহতসকলৰ খবৰ ল’লো। বৰ্তমান তেওঁলোক সুস্থ আছে। তেওঁলোকৰ চিকিৎসা চৰকাৰে কৰিব”।
মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, “আক্ৰাছুৰ কৰ্মকৰ্তাৰ সৈতে আলোচনা হ’ব। আচলতে ভুল বুজাবুজিৰ বাবে এনে হ’বলৈ পালে। এই ঘটনা সন্দৰ্ভত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাক নিলম্বন আৰু গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহনক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে”।
তেওঁ আৰু কয় যে, “প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰিছে যে এছ এছ পি আৰু ২গৰাকী উপ-আৰক্ষী অধীক্ষক এই কাণ্ডত জড়িত হৈ আছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে তদন্ত হ’ব। তদন্ত কমিটীয়ে ৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব আৰু তাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব”।
উল্লেখ্য যে, এই ঘটনাৰ তদন্তৰ আওতালৈ আহিছে SSP লীনা দলে । জানিব পৰা মতে, মাজনিশ ধুবুৰী জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে গোলকগঞ্জত উপস্থিত হোৱাৰ সময়ত তেওঁৰ বাহনৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে। এই ঘটনাৰ পাছতে ধুবুৰীত এতিয়াও উত্তপ্ত পৰিস্থিতি হৈ আছে।
অন্য খবৰ পঢ়কঃ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু অসমবাসীৰ ওচৰত ক্ষমা খোজা উচিতঃ দেৱব্ৰত শইকীয়া