Election 2026: নিৰ্বাচনৰ পূৰ্বে বিৰোধিত ফাঁট! কংগ্ৰেছক এৰি অকলে প্ৰাৰ্থী ঘোষণা CPI ৰ…

Assam Assembly Election: নিৰ্বাচনৰ পূৰ্বে বিৰোধিৰ মাজত দেখা গৈছে মতানৈক্য। শেহতীয়াকৈ চি পি আই দলে প্ৰাৰ্থী ঘোষণা কৰিছে। কংগ্ৰেছলৈ অপেক্ষা কৰি দলটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে। কেইবাটাও সমষ্টিৰ বাবে ঘোষণা কৰে প্ৰাৰ্থী।

Election 2026: নিৰ্বাচনৰ পূৰ্বে বিৰোধিত ফাঁট! কংগ্ৰেছক এৰি অকলে প্ৰাৰ্থী ঘোষণা CPI ৰ...

নিৰ্বাচন

Published: 

28 Jan 2026 | 07:42 PM

নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পূৰ্বেই ফাঁট মেলিল বিৰোধিত। বিজেপিক প্ৰতিহত কৰিবলৈ বিৰোধী একলগ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কৰিছিল, কিন্তু তাৰ পূৰ্বে এতিয়া বিৰোধিৰ মাজত মতানৈক্য হোৱা দেখা যায়। শেহতীয়াকৈ CPI দলে কেইবাটাও সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে। কংগ্ৰেছলৈ অপেক্ষা কৰি এই সিদ্ধান্ত মিত্ৰদলটোৰ। এই ঘোষণাৰ পাছতে এতিয়া মিত্ৰদলৰ স্থিতিক লৈ বহু প্ৰশ্নৰ উত্থাপন হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে CPI দলে। ইয়াৰ বাবে ৭টাকৈ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে শিৱসাগৰ, নাজিৰা, তিতাবৰ, মৰিগাঁও,ঢকুৱাখনা, ডিমৌ, গৌৰীপুৰৰ প্ৰাৰ্থীৰ নাম ঘোষণা দলটোৰ। দলটোৱে কয় যে, ২০২৬ চনৰ নিৰ্বাচনত তেওঁলোকে অকলেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

তালিকা অনুসৰি চি পি আই দলৰ হৈ তিতাবৰৰ পৰা বিশ্বজিত শইকীয়াই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ লগতে ঢকুৱাখনাৰ পৰা ধীৰেন কছাৰী, গৌৰীপুৰৰ পৰা শ্বেখ মনচুৰ ৰহমান, মৰিগাঁৱৰ পৰা তপন ডেকা, ডিমৌৰ পৰা কৃষ্ণ গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। লগতে শিৱসাগৰৰ পৰা ৪গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰে দলটোয়ে। এই কেইজন ক্ৰমে- সুভাষিণী বৰুৱা, সত্যেন্দ্ৰ গগৈ, অদান বৰুৱা আৰু অনুপ গগৈ । ইয়াৰ ভিতৰত এজনে CPI দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

উল্লেখ্য যে, এইবাৰ বিৰোধিৰ কেইবাটাও দলে একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল। কংগ্ৰেছে ইতিমধ্যে স্পষ্টকৈ কৈছে যে, তেওঁলোকে ১০০ খনতকৈ অধিক আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু বাকী আসন ভাগ কৰা হ’ব। কিন্তু এতিয়ালৈকে কংগ্ৰেছে বিৰোধিৰ আসনক লৈ কোনো মন্তব্য কৰা নাই। যাৰ বাবে কংগ্ৰেছলৈ অপেক্ষা কৰি কৰি অৱশেষত প্ৰাৰ্থী ঘোষণা কৰে চি পি আই দলে। ইয়ে বিৰোধিৰ মাজত মতভেদ থকাৰ স্পষ্ট ইংগিত দিয়ে। কেৱল চি পি আই বুলিয়ে নহয়, ৰাইজৰ দলৰ সৈতেও কংগ্ৰেছৰ কিছু মতভেদ আছে। গতিকে আগন্তুক সময়ত স্পষ্ট হৈ পৰিব বিৰোধী কিমান শক্তিশালী।

 

অন্য খবৰ পঢ়কঃ ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন! নাও ডুবি ৭ জন নিৰুদ্দেশ…

স্তনৰ আকাৰ, স্তন ৰঙা পৰা... ভুলতো এই লক্ষণসমূহ আওকাণ নকৰিব!
Kiss কৰি দূৰ কৰক অৱসাদ! বিশেষজ্ঞৰ পৰা জানক উপকাৰৰ বিষয়ে...
দুপৰীয়া ভাত খোৱাৰ পিছত টোপনি কিয় লাগে? কাৰণ জানক...
লিভাৰ চিৰ’ছিছ হ’লে প্ৰথমে শৰীৰত দেখা যায় এইবোৰ লক্ষণ, জানক...
গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...
বকো-ছয়গাঁৱত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ...
বিমান দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ
SR ত অভিযোগ দিয়াটো জাতীয় দায়িত্ব -মুখ্যমন্ত্ৰী