কটন বিশ্ববিদ্যালয়ত মাৰপিটৰ ঘটনা! সুৰাপান কৰিবলৈ নিদিয়াৰ বাবে সুৰক্ষাকৰ্মীক প্ৰহাৰ ছাত্ৰৰ

আন এজন যুৱকেও সুৰক্ষাকৰ্মীগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।  কেৱল ইমানেই নহয়, সুৰাপান কৰি হোষ্টেলৰ কোঠাত ছাত্ৰজনে প্ৰস্ৰাৱ কৰে বুলিও জানিব পৰা গৈছে। 

কটন বিশ্ববিদ্যালয়ত মাৰপিটৰ ঘটনা! সুৰাপান কৰিবলৈ নিদিয়াৰ বাবে সুৰক্ষাকৰ্মীক প্ৰহাৰ ছাত্ৰৰ

কটন বিশ্ববিদ্যালয়

Updated On: 

21 Feb 2025 11:04 AM

পুনৰ এবাৰ কটন বিশ্ববিদ্যালয়ৰ নামত কালিমা সনাৰ চেষ্টা উদণ্ড যুৱকৰ। বুধবাৰে নিশাৰ ভাগত বিশ্ববিদ্যালয়খনত সংঘটিত হয় মাৰপিটৰ ঘটনা। হোষ্টেলৰ সুৰক্ষাকৰ্মীক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে দুই ছাত্ৰৰ বিৰুদ্ধে। অভিযোগ অনুসৰি সুৰাপান কৰিবলৈ নিদিয়াৰ বাবে সুৰক্ষাকৰ্মীক মাৰপিট কৰে দুই ছাত্ৰই। এই ছাত্ৰ কেইজন খঞ্জন গোহাঁই আৰু আন এজন যুৱক।খঞ্জন সীতনাথ ব্ৰহ্মচৌধুৰী হোষ্টেলৰ প্ৰাক্তন আৱাসী বুলি জানিব পৰা গৈছে। তেওঁ আন এজন যুৱকৰ সৈতে মিলি সুৰক্ষাকৰ্মীগৰাকীক বেয়াকৈ প্ৰহাৰ কৰে।

ঘটনাৰ বিৱৰণী অনুসৰি অইন দিনাৰ দৰে কালিও কটন বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ নিৰাপত্তাৰ দায়িত্বত আছিল সুৰক্ষাকৰ্মী পূৰ্বজ্যোতি কলিতা। এই সুৰক্ষাকৰ্মীজনৰ আগতেই অভিযুক্ত খঞ্জন গোহাঁইয়ে সুৰাপান কৰিবলৈ লয়। এই কাণ্ড দেখি সুৰক্ষাকৰ্মীগৰাকীয়ে তেওঁক বাধা দিবলৈ চেষ্টা কৰে যদিও খঞ্জনে তেওঁক প্ৰহাৰ কৰে। আন এজন যুৱকেও সুৰক্ষাকৰ্মীগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।  কেৱল ইমানেই নহয়, সুৰাপান কৰি হোষ্টেলৰ কোঠাত ছাত্ৰজনে প্ৰস্ৰাৱ কৰে বুলিও জানিব পৰা গৈছে।

পূৰ্বজ্যোতি কলিতাক তেওঁলোকে ইমানেই প্ৰহাৰ কৰে যে তেওঁৰ  কাপোৰ ফালি যায়। ইতিমধ্যে ঘটনা সন্দৰ্ভত সুৰক্ষাকৰ্মী পূৰ্বজ্যোতি কলিতাই পানবজাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। জানিব পৰা মতে এই ছাত্ৰজনৰ বিৰুদ্ধে পূৰ্বৰ পৰাই আছে বহু গোচৰ। ঘটনা সন্দৰ্ভত তদন্ত অব্য়াহত আৰক্ষীৰ।

 

ঘৰৰ বাৰীত নাৰিকলৰ গছ থাকিলে কি হয় ? পৰিয়ালটোৰ ভৱিষ্যতৰ বাবে ভাল নে বেয়া ?
শোৱাৰ সময়ত বিচনাৰ তলত ৰাখক এগিলা পানী, লাভ কৰিব এনে চমৎকাৰী ফল…
ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ সোমবাৰে শিৱলিঙ্গত কি আগবঢ়াব লাগে, জানেনে আপুনি?
ৰে'লৰ ভিতৰত থাকিব বাথটাব, চিনেমা ৰুম! ক'ত চলিব এই বিলাসী ৰে'লখন?