কটন বিশ্ববিদ্যালয়ত মাৰপিটৰ ঘটনা! সুৰাপান কৰিবলৈ নিদিয়াৰ বাবে সুৰক্ষাকৰ্মীক প্ৰহাৰ ছাত্ৰৰ

আন এজন যুৱকেও সুৰক্ষাকৰ্মীগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।  কেৱল ইমানেই নহয়, সুৰাপান কৰি হোষ্টেলৰ কোঠাত ছাত্ৰজনে প্ৰস্ৰাৱ কৰে বুলিও জানিব পৰা গৈছে। 

কটন বিশ্ববিদ্যালয়ত মাৰপিটৰ ঘটনা! সুৰাপান কৰিবলৈ নিদিয়াৰ বাবে সুৰক্ষাকৰ্মীক প্ৰহাৰ ছাত্ৰৰ

কটন বিশ্ববিদ্যালয়

Edited By: 

Barasha Misra | Updated On: 21 Feb 2025 | 11:04 AM

পুনৰ এবাৰ কটন বিশ্ববিদ্যালয়ৰ নামত কালিমা সনাৰ চেষ্টা উদণ্ড যুৱকৰ। বুধবাৰে নিশাৰ ভাগত বিশ্ববিদ্যালয়খনত সংঘটিত হয় মাৰপিটৰ ঘটনা। হোষ্টেলৰ সুৰক্ষাকৰ্মীক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে দুই ছাত্ৰৰ বিৰুদ্ধে। অভিযোগ অনুসৰি সুৰাপান কৰিবলৈ নিদিয়াৰ বাবে সুৰক্ষাকৰ্মীক মাৰপিট কৰে দুই ছাত্ৰই। এই ছাত্ৰ কেইজন খঞ্জন গোহাঁই আৰু আন এজন যুৱক।খঞ্জন সীতনাথ ব্ৰহ্মচৌধুৰী হোষ্টেলৰ প্ৰাক্তন আৱাসী বুলি জানিব পৰা গৈছে। তেওঁ আন এজন যুৱকৰ সৈতে মিলি সুৰক্ষাকৰ্মীগৰাকীক বেয়াকৈ প্ৰহাৰ কৰে।

ঘটনাৰ বিৱৰণী অনুসৰি অইন দিনাৰ দৰে কালিও কটন বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ নিৰাপত্তাৰ দায়িত্বত আছিল সুৰক্ষাকৰ্মী পূৰ্বজ্যোতি কলিতা। এই সুৰক্ষাকৰ্মীজনৰ আগতেই অভিযুক্ত খঞ্জন গোহাঁইয়ে সুৰাপান কৰিবলৈ লয়। এই কাণ্ড দেখি সুৰক্ষাকৰ্মীগৰাকীয়ে তেওঁক বাধা দিবলৈ চেষ্টা কৰে যদিও খঞ্জনে তেওঁক প্ৰহাৰ কৰে। আন এজন যুৱকেও সুৰক্ষাকৰ্মীগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।  কেৱল ইমানেই নহয়, সুৰাপান কৰি হোষ্টেলৰ কোঠাত ছাত্ৰজনে প্ৰস্ৰাৱ কৰে বুলিও জানিব পৰা গৈছে।

পূৰ্বজ্যোতি কলিতাক তেওঁলোকে ইমানেই প্ৰহাৰ কৰে যে তেওঁৰ  কাপোৰ ফালি যায়। ইতিমধ্যে ঘটনা সন্দৰ্ভত সুৰক্ষাকৰ্মী পূৰ্বজ্যোতি কলিতাই পানবজাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। জানিব পৰা মতে এই ছাত্ৰজনৰ বিৰুদ্ধে পূৰ্বৰ পৰাই আছে বহু গোচৰ। ঘটনা সন্দৰ্ভত তদন্ত অব্য়াহত আৰক্ষীৰ।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...