Congress:কি কৰিব অখিল-লুৰীণে? অকলে ১০০ খনৰো অধিক আসনত প্ৰাৰ্থী দিব কংগ্ৰেছে, ঘোষণা গৌৰৱ গগৈৰ…

সমাগত বিধানসভা নিৰ্বাচনক লৈ সাজু হৈছে প্ৰতিটো দল সংগঠন। ইয়াৰ মাজতে গৌৰৱ গগৈয়ে কংগ্ৰেছে ১০০ খনৰো অধিক আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ঘোষণা কৰে। এই ঘোষণাই আন বিৰোধী দলসমূহক চিন্তিত কৰিব পাৰে।

Congress:কি কৰিব অখিল-লুৰীণে? অকলে ১০০ খনৰো অধিক আসনত প্ৰাৰ্থী দিব কংগ্ৰেছে, ঘোষণা গৌৰৱ গগৈৰ...

গৌৰৱ গগৈ

Published: 

28 Dec 2025 21:16 PM

সমাগত অসম বিধানসভা নিৰ্বাচন ২০২৬। এতিয়ালৈকে নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱা নাই যদিও প্ৰস্তুতি চলাই গৈছে প্ৰতিটো দল-সংগঠনে। এই নিৰ্বাচনত (Assam Assembly Election 2026) বিজেপিক পৰাস্ত কৰিবলৈ বদ্ধ পৰিকৰ বিৰোধী পক্ষ। যাৰ বাবে কেইবাটাও দলে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে। কিছুদিন পূৰ্বে ইয়াকে লৈ কংগ্ৰেছৰ আহ্বান মৰ্মে ৰাইজৰ দল, অসম জাতীয় পৰিষদ, আঞ্চলিক গণ মৰ্চা, চিপিএম, চিপিআই, চিপিআইএমএল আৰু এপিএইছএলচিৰ মাজত বৈঠক অনুষ্ঠিত হৈছিল। কিন্তু এতিয়ালৈকে হোৱা নাই আসনৰ ভাগ-বতৰা।

ইয়াৰ মাজতে নিৰ্বাচনত আসনৰ ভাগ-বতৰা সন্দৰ্ভত ডাঙৰ মন্তব্য প্ৰদান কৰে সাংসদ গৌৰৱ গগৈয়ে। তেওঁ কয় যে, “আমি সংকল্পবদ্ধ যে নিৰ্বাচন বিৰোধী একত্ৰিত হৈ আগবাঢ়ি যাম। ১০০ খন আসনৰ ওপৰত কংগ্ৰেছে দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বাকী আসন কেইখন আলোচনাৰ মাজেৰে বাকী দলসমূহৰ মাজত ভাগ-বতৰা কৰা হ’ব”।

অখিল গগৈয়ে ৰাইজৰ দলে প্ৰাৰ্থী ঘোষণা কৰা সন্দৰ্ভত গগৈয়ে কয় যে, “আমি প্ৰাৰ্থী সন্দৰ্ভত এতিয়ালৈকে আলোচনা কৰা নাই। শেহতীয়াকৈ ভূপেন বৰা আৰু অখিল গগৈৰ মাজত ভাল বাৰ্তালাপ হৈছে। কিন্তু এয়া নিশ্চিত যে কংগ্ৰেছে দলে ১০০ খন আসনৰ ওপৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব”।

উল্লেখ্য যে, গৌৰৱ গগৈৰ এই ঘোষণাই যে বিৰোধিৰ আন দলসমূহৰ মাজত চিন্তা বৃদ্ধি কৰিব সেয়া এক প্ৰকাৰ নিশ্চিত। ইতিমধ্যে গৌৰৱ গগৈয়ে উল্লেখ কৰিছে যে বিৰোধী দলে আসন সন্দৰ্ভত কোনো আলোচনা কৰা নাই, কিন্তু তাৰ মাজত তেওঁ নিজেই ১০০ খনৰো অধিক আসনত কংগ্ৰেছে  প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ঘোষণা কৰে। ইয়ে আন দলসমূহৰ মাজত কিছু মতানৈক্যৰ সৃষ্টি কৰিব পাৰে বুলি কব পাৰি।

ৰাইজৰ দলৰ লগত ইতিমধ্যেই কংগ্ৰেছৰ কিছু খাম খেয়ালি চলি আছে। গতিকে এই ঘোষণাৰ পাছত আন দলৰ মাজতো সমস্যা আহিব পাৰে বুলি কব পাৰি। যদি এনে হয়, তেন্তে নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলৰ মাজত পুনৰ বিভেদৰ সৃষ্টি হ’ব পাৰে। যোৱা উপ-নিৰ্বাচনৰ সময়তো কংগ্ৰেছৰ মাজত যথেষ্ঠ সমস্যাই দেখা দিছিল। গতিকে পূৰ্বৰ ভুলৰ পৰা কংগ্ৰেছে শিক্ষা লয় নে নলয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

 

অন্য খবৰ পঢ়কঃ ২৬’ৰ নিৰ্বাচনত হ’বনে অগপ-বিজেপিৰ মিত্ৰতা? কোনে পাব কিমান আসন, ক’লে মুখ্যমন্ত্ৰীয়ে…

যাদুকৰী গুণেৰে ভৰপূৰ ব্ৰকলি, শীতৰ সময়ত আপোনাৰ দেহক এইদৰে দিয়ে সুৰক্ষা
ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ পুৱা কি কি খাব লাগে? জানক...
ভাগৰ আৰু অনিদ্ৰা...কি ভিটামিনৰ অভাৱত এনে সমস্যা হয়? জানক...
একেৰাহে ২১ দিন চেনি নাখালে শৰীৰৰ কি কি পৰিৱৰ্তন হ'ব? জানক চিকিৎসকৰ পৰা...
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...