CAA বিৰোধীতা কৰি আধাৰ, এনআৰচিক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

Congress MP Gaurav Gogoi: অসমৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিৰ চৰকাৰক সমালোচনা কৰি কংগ্ৰেছৰ সাংসদ গৰাকীয়ে কয়, স্থানীয় গুৰুত্বপূৰ্ণ সমস্যাসমূহৰ সমাধানৰ পৰিৱৰ্তে নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে এই চৰকাৰে । তেওঁ কয় যে, 'অসমত যিধৰণে CAA কাৰ্যকৰী কৰা হৈছে তাক আমি বিৰোধীতা কৰিছো । অসমত বিভিন্ন সমস্যা আছে । আজি অসমৰ বহু লোকৰ আধাৰ কাৰ্ড নাই । যাৰ বাবে তেওঁলোকে ৰেচন কাৰ্ডৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈছে ।'

CAA বিৰোধীতা কৰি আধাৰ, এনআৰচিক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ

Published: 

17 Jul 2024 07:35 AM

নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগত অসমৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিৰ চৰকাৰক সমালোচনা কৰি কংগ্ৰেছৰ সাংসদ গৰাকীয়ে কয়, স্থানীয় গুৰুত্বপূৰ্ণ সমস্যাসমূহৰ সমাধানৰ পৰিৱৰ্তে নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে এই চৰকাৰে ।

ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছৰ সাংসদ গৰাকীয়ে অসমত CAA কাৰ্যকৰী কৰাৰো বিৰোধীতা কৰে । তেওঁ কয় যে, ‘অসমত যিধৰণে CAA কাৰ্যকৰী কৰা হৈছে তাক আমি বিৰোধীতা কৰিছো । অসমত বিভিন্ন সমস্যা আছে । আজি অসমৰ বহু লোকৰ আধাৰ কাৰ্ড নাই । যাৰ বাবে তেওঁলোকে ৰেচন কাৰ্ডৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈছে ।’

ইয়াৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা অসংখ্য বঙালী হিন্দু বাদ পৰাৰ কথাও আলোকপাত কৰে কংগ্ৰেছৰ সাংসদ গৰাকীয়ে । তেওঁ কয়, ‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত(তালিকা) এতিয়াও বহু বঙালী হিন্দুৰ নাম নাই ।’ অসমৰ মানুহৰ এই সমস্যা সমূহ সমাধান কৰাৰ বিপৰীতে অসমৰ বৰ্তমানৰ চৰকাৰে CAA কাৰ্যকৰী কৰিব বিচাৰিছে বুলি দাবী কৰে কংগ্ৰেছৰ সাংসদ গৰাকীয়ে ।

ইফালে, অসম চুক্তিৰ প্ৰসংগ টানি আনি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, CAAৰ অধীনত নাগৰিকত্বৰ বাবে অসমৰ মাত্ৰ ৮-৯ জন লোকেহে আবেদন কৰিছে । এই ৮-৯ জনৰ বাবেই তেওঁ অসম চুক্তিৰ অধীনত প্ৰদান কৰা সুৰক্ষা শেষ কৰিলে। ইয়াৰ লগতে CAA কাৰ্যকৰী দ্বাৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ব্যৰ্থতা প্ৰতিফলিত হৈছে বুলি দাবী কৰে সাংসদ গৌৰৱ গগৈয়ে । তেওঁ কয়, আগন্তুক সময়ত ইয়াৰ উত্তৰ অসমৰ ৰাইজে দিব।

তদুপৰি কংগ্ৰেছ সাংসদ গগৈয়ে অসমৰ বান সমস্যাক লৈ কয়, অসম আৰু উত্তৰ-পূবৰ বাবে বান আৰু গৰাখহনীয়া অতি ডাঙৰ সমস্যা। আহমেদাবাদ-মুম্বাই বুলেট ট্ৰেইনৰ বাবে যদি প্ৰধানমন্ত্ৰীৰ হাতত ১ লাখ কোটি টকা থাকে । তেন্তে আমি অসমৰ বান আৰু গৰাখহনীয়াৰ সমস্যা সমাধানৰ বাবে ১ লাখ কোটি টকাৰ পেকেজ বিচাৰিম বুলি কয় কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ।

আপোনাৰ চুলি পকিছে নেকি? এই সমস্যা ৰোধ কৰাৰ ঘৰুৱা উপায় জানক...
জীৱনত এই কেইটা ভুল কেতিয়াও নকৰিব, নহ’লে জীৱন সৰ্বনাশ!
বৃদ্ধি কৰিব শৰীৰৰ শক্তি, তালিকাত ৰাখক এইসমূহ খাদ্য
পাকিস্তানত কিমান মূল্যত বিক্ৰী কৰে তৰমুজ? জানি আচৰিত হ'ব!