পত্নীৰ সৈতে মিলি সম্পত্তিৰ পাহাৰ গঢ়িছে হিমন্ত বিশ্ব শৰ্মাই! কংগ্ৰেছৰ চৰকাৰ আহিলে ইয়াৰ হিচাপ হ’ব- ভূপেশ বাঘেল
সংবাদমেলত বাঘেলে কয়, "অসম চাহ, এশিঙীয়া গঁড়, ব্ৰহ্মপুত্ৰ, মা কামাখ্যা, ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ বাবে বিখ্যাত। এনে এখন সুজলা-সুফলা অসমক এতিয়া হকে-বিহকে ঋণ লৈ ভালপোৱা এজন অভদ্ৰ আৰু দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামেৰেও জনা যায়। এয়া সমগ্ৰ অসমবাসীৰ বাবেই দুৰ্ভাগ্যৰ কথা।"

ভূপেশ বাঘেল
অসম বিধানসভাৰ আগন্তুক নিৰ্বাচনলৈ সাজু হৈছে কংগ্ৰেছ। ইতিমধ্যে প্ৰাৰ্থিত্ব বিচাৰি ৰাজীৱ ভৱনত ভিৰ কৰিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে। তাৰ মাজতেই আজি গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন সংবাদমেল। এই সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে উপস্থিত থাকে দলটোৰ ৰাষ্ট্ৰীয় নেতা তথা অসম কংগ্ৰেছৰ অন্য়তম প্ৰভাৰী ভূপেশ বাঘেল।
সংবাদমেলত বাঘেলে কয়, “অসম চাহ, এশিঙীয়া গঁড়, ব্ৰহ্মপুত্ৰ, মা কামাখ্যা, ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ বাবে বিখ্যাত। এনে এখন সুজলা-সুফলা অসমক এতিয়া হকে-বিহকে ঋণ লৈ ভালপোৱা এজন অভদ্ৰ আৰু দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামেৰেও জনা যায়। এয়া সমগ্ৰ অসমবাসীৰ বাবেই দুৰ্ভাগ্যৰ কথা।”
”মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই সম্পত্তিৰ পাহাৰ গঢ়িছে। অসমৰ যিখন জিলালৈকে যোৱা যায় সেইখন জিলাতে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ মাটি-সম্পত্তি আছে। আনকি ষষ্ঠ অনুসূচীৰ অন্তৰ্গত এলেকাতো মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে সম্পত্তি হস্তগত কৰাৰ খবৰ ওলাইছে।’’ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা সম্পত্তিৰ পৰিমাণলৈ চালেই সকলো কথা স্পষ্ট হৈ পৰে বুলি উল্লেখ কৰি এইদৰে কয় কংগ্ৰেছ নেতাগৰাকীয়ে।
তেওঁ কয় যে ২০০৬ চনত নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা শপতনামা অনুযায়ী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি আছিল ১ কোটি। ২০১১ চনত সেয়া ৩ কোটি আৰু ২০১৬ চনত ৬ কোটি হয়গৈ। ২০১৬ৰ ৬ কোটিৰ পৰা এতিয়া একেকোবে সম্পত্তি হৈছেগৈ ১৭ কোটি। মুখ্যমন্ত্ৰীগৰাকীয়ে সংঘটিত কৰা দুৰ্নীতি-অনিয়মৰ উমান ইয়াতেই পাব পাৰি বুলিও কয় বাঘেলে।
প্ৰসংগক্ৰমে বাঘেলে ২০১৪ চনত বিজেপিয়ে গুৱাহাটীত সংবাদমেল পাতি হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত নেতা আখ্যা দিয়াৰ বিষয়টোও উল্লেখ কৰে। ”যাক বিজেপিয়ে আটাইটকৈ ভ্ৰষ্টাচাৰী আখ্যা দিছিল সেইজনেই পিছত বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই নিকা হৈ গ’ল। সেয়ে হিমন্ত বিশ্ব শৰ্মা এতিয়া ভ্ৰষ্টাচাৰী নেতা হয় নে নহয় বুলি অমিত শ্বাহক সাংবাদিকে প্ৰশ্ন কৰাত এনে প্ৰশ্ন সুধিব নালাগে বুলি কৈছিল। জনতাই পিছে এই কথা বিজেপিক সুধিয়েই থাকিব।’’ ২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ আহিলে এই সকলোবোৰ দুৰ্নীতিৰ এটা এটাকৈ হিচাপ লোৱা হ’ব বুলি উল্লেখ কৰি বাঘেলে এইদৰে কয়।
সংবাদমেলত উপস্থিত থকা আন এগৰাকী পৰ্যবেক্ষক বন্ধু তিৰ্কীয়ে কয় যে অসমত হিমন্ত বিশ্ব শৰ্মাই হিটলাৰৰ দৰে শাসন চলাইছে। ”গুৱাহাটীলৈ আহিয়েই এখন হোটেলত চাহ খাবলৈ সোমাওঁতে দুই-এজনৰ সৈতে কথা পাতিলো। কথা পাতি বুজি পালো যে অসমৰ ৰাইজে এইখন ভ্ৰষ্টাচাৰী চৰকাৰক ওফৰাই পেলাবলৈ মন বান্ধি লৈছে। এইবাৰৰ যুদ্ধ অসমৰ জনতাৰ বাবে জীৱন-মৰণৰ যুদ্ধ হ’ব।” তিৰ্কীয়ে সংবাদমেলত কয়।