মোৰ পত্নী যদি ISIৰ এজেণ্ট, মই RAWৰ এজেণ্ট: মুখ্যমন্ত্ৰীৰ অভিযোগৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

কংগ্ৰেছৰ সাংসদৰ পত্নীক  ISIৰ এজেণ্ট বুলি অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ এই ডাঙৰ অভিযোগৰ পাছতে বিষয়টোক লৈ চলিছে তুমুল চৰ্চা। সূত্ৰপাত হৈছে বিতৰ্কৰ। তাৰ পাছতে বিষয়ো সন্দৰ্ভত মুখ খুলিছে কংগ্ৰেছৰ সাংসদগৰাকীয়ে।

মোৰ পত্নী যদি ISIৰ এজেণ্ট, মই RAWৰ এজেণ্ট: মুখ্যমন্ত্ৰীৰ অভিযোগৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

মুখ্যমন্ত্ৰীৰ অভিযোগৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

Updated On: 

13 Feb 2025 10:05 AM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ এটা শেহতীয়া পোষ্টে গৰম কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি। বিষয়টোক লৈ চলিছে তুমুল চৰ্চা। সূত্ৰপাত হৈছে বিতৰ্কৰ। এগৰাকী কংগ্ৰেছৰ সাংসদ পত্নীক  ISIৰ এজেণ্ট বুলি অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে। তাৰ পাছতে বিষয়ো সন্দৰ্ভত মুখ খুলিছে কংগ্ৰেছৰ সাংসদগৰাকীয়ে। তেওঁ ক’লে,” যদি মোৰ পত্নী ISIৰ এজেণ্ট হয় তেন্তে মই RAWৰ এজেণ্ট।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগৰ  প্ৰত্যুত্তৰ দি গৌৰৱ গগৈয়ে কয়, “মোৰ পত্নী যদি পাকিস্তানৰ ISIৰ এজেণ্ট হয় তেন্তে মই ভাৰতৰ RAWৰ এজেণ্ট। তেওঁলোকে কৰা অভিযোগবোৰৰ প্ৰতি মোৰ কোনো গুৰুত্ব নাই,  যিটো পৰিয়ালৰ ওপৰত কেইবাটাও অভিযোগ উত্থাপন কৰা হৈছে, তেওঁলোকে মোৰ ওপৰত অভিযোগ উত্থাপন কৰিছে।” লগতে তেওঁ কয় যে, অসমৰ মুখ্যমন্ত্ৰীয়ে এই সকলোবোৰ অভিযোগ উত্থাপন কৰিছে যাতে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগৰ পৰা সকলোৰে দৃষ্টি আঁতৰি যায়।

কি অভিযোগ উত্থাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্তই?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, সোনকালে বা পলমকৈ জৰ্জ ছ’ৰ’ছৰ পৰিস্থিতিতন্ত্ৰৰ নেতৃত্বত বিদেশী শক্তিসমূহে ২০১৪ চনত অসম কংগ্ৰেছৰ এক বৃহৎ সিদ্ধান্তক কেনেদৰে প্ৰভাৱিত কৰিছিল সেয়া জানিব পৰা যাব। সময়ত সত্য পোহৰলৈ আহিব। তেওঁ লগতে কয় যে, আই এছ আইৰ সৈতে সম্পৰ্কৰ অভিযোগ, ব্রেইনৱাছ কৰি যুৱক-যুৱতীক মৌলবাদ বিয়পোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ পাকিস্তান দূতাবাসলৈ লৈ যোৱা তথা ১২ বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব ল’বলৈ অস্বীকাৰ কৰাৰ সন্দৰ্ভত উঠা প্রশ্নসমূহৰ উত্তৰ দিব লাগিব।

ইয়াৰ উপৰিও তেওঁ কয়, “আজি দেশে লুকঢাক নোহোৱাকৈ প্ৰকৃত সত্যক জানিবলৈ বিচাৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা অস্থিৰ কৰাৰ বাবে ধর্মান্তৰকৰণ জোঁটত অংশগ্ৰহণ আৰু জৰ্জ ছৰছকে ধৰি বাহ্যিক উৎসৰ পৰা পুঁজি লাভ কৰা আদি হৈছে গুৰুতৰ উদ্বেগপূর্ণ বিষয়, যাক কেতিয়াও এৰি দিব নোৱাৰি। কিছু ক্ষেত্রত দায়বদ্ধতাৰ প্ৰয়োজন হয়।”  লগতে কয়, “কেৱল দায়িত্বচ্যুত কৰি বা বেলেগ দিশলৈ মনোযোগ স্থানান্তৰ কৰি বিপথে পৰিচালিত কৰাৰ চেষ্টাৰে মূল বিষয়ৰ পৰা হাত সাৰিব নোৱাৰিব। ”

বিজেপিৰ অভিযোগ

অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই এই অভিযোগ উত্থাপন কৰিছে। বুধবাৰে তেওঁ কয় যে, গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্নৰ আন্তঃসেৱা চোৰাংচোৱা সংস্থা (আই এছ আই)ৰ সৈতে সম্পৰ্ক আছে। আনহাতে তেওঁ ইছলামবাদৰ জলবায়ু আৰু জ্ঞান বিকাশ নেটৱৰ্ক (চিডিকেএন)ৰ সৈতে পাকিস্তানৰ পৰিকল্পনা আয়োগৰ প্ৰাক্তন উপদেষ্টা আলী তৌকীৰ শ্বেইখৰ অধীনত কাম কৰিছিল। খবৰ অনুসৰি ক’লবাৰ্ন এতিয়াও ব্ৰিটিছ নাগৰিক হৈ আছে।

Related Stories
Assam Panchayat Election 2025 Result Day: আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা, ভিন্ন প্ৰান্তত উত্তপ্ত পৰিস্থিতি, কোনে মাৰিব শেষ হাঁহি?
Assam Panchayat Election Results 2025: আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা, বেলট পেপাৰে নিৰ্ধাৰণ কৰিব প্ৰাৰ্থীৰ ভাগ্য
Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ড° ভূপেন হাজৰিকা বিমানবন্দৰৰ পৰা চাহ শ্ৰমিকৰ আৰ্থিক সহায়তা আঁচনিলৈকে, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ জানক…
ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবে ৰাজ্যত গ্ৰহণ কৰা হ’ব বিশেষ ব্যৱস্থা, মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে জাননী…
৪ বছৰ সম্পূৰ্ণ কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, মহানগৰীৰ বাজপেয়ী ভৱনত বৰ্ষপূৰ্তি অনুষ্ঠান
আই পি এল স্থগিত নৰখা হ’লেই বৃহৎ লোকচানৰ সন্মুখীন হ’লহেঁতেন আৰ চি বি!
গ্ৰীষ্মকালত এই খাদ্যবোৰে আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে...
আপোনাৰ ফেটি লিভাৰ হৈছে নেকি ! এই সমস্যা হ'লে কি কি খাদ্য খাব লাগে ? জানক
জিভা আৰু মুখৰ ভিতৰত সঘনাই ঘা হয় নেকি? জানক কোনবিধ ৰোগে দেখা দিব পাৰে