জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ইচ্ছাকৃতভাৱে বিলম্ব কৰিছে মুখ্যমন্ত্ৰীয়েঃ দেৱব্ৰত শইকীয়া

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীক উভতি ধৰিলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে এই বিষয়টোৰ তদন্তত বিলম্ব কৰা বুলি তেওঁ অভিযোগ তোলে।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ইচ্ছাকৃতভাৱে বিলম্ব কৰিছে মুখ্যমন্ত্ৰীয়েঃ দেৱব্ৰত শইকীয়া

দেৱব্ৰত শইকীয়া

Published: 

08 Oct 2025 | 04:16 PM

জুবিন গাৰ্গৰ হত্যা সন্দৰ্ভত ৰাজ্যৰ চাৰিওফালে এতিয়াও পৰিস্থিতি উত্তপ্ত হৈ আছে। সাধাৰণ মানুহে ন্যায়ৰ দাবী কৰাৰ বিপৰীতে একাংশই যেন এতিয়া ৰাজনীতিত নামি পৰিছে। ইয়াৰ মাজতে কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্য কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে ভোটৰ সমীকৰণৰ দিশটো গুৰুত্ব দিয়া বুলি তেওঁ অভিযোগ তোলে।

শইকীয়াই কয়, “ছিংগাপুৰৰ পৰা অনা জুবিন গাৰ্গৰ নিথৰ দেহটো যেতিয়া দিল্লী বিমানবন্দৰত ৰখা হৈছিল, তেতিয়া মুখ্যমন্ত্ৰীয়ে  বিটিচি নিৰ্বাচনক সন্মুখত ৰাখি প্ৰথমে এখন গামোচাৰে সন্মান জনায়। পাছতে পুনৰ পকেটৰ পৰা এখন বড়ো গামোচা মেৰিয়াই দিছিল। সেই দৃশ্যই সকলো কৈ গৈছিল। সেইদিনাই স্পষ্ট হৈছিল যে, তেওঁলোকৰ বাবে জুবিন গাৰ্গৰ প্ৰতি সন্মান আৰু মানুহৰ আৱেগতকৈ ভোটৰ সমীকৰণ হাজাৰ গুণে গুৰুত্বপূৰ্ণ”।

তেওঁ আৰু কয়, “মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰথম দিনাৰ পৰাই সমগ্ৰ বিষয়টোৰ ওপৰত ৰাজনীতি কৰিব বিচাৰি আছে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সকলো ৰাজনৈতিক কাৰ্যসূচী বন্ধ কৰাৰ কথা কৈও‌ বিজেপিয়ে কেনেকৈ ৰাজনৈতিক সভা, যোগদান কাৰ্যসূচী কৰিছিল সেয়া ৰাইজে দেখিছে”।

শইকীয়াই আৰু কয়, মুখ্যমন্ত্ৰীয়ে নিজেই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ইচ্ছাকৃতভাৱে বিলম্ব কৰিছে। ছিংগাপুৰৰ সংশ্লিষ্ট বিভাগৰ লগত যোগাযোগ কৰি গোচৰটো ক্ষিপ্ৰতাৰে সমাধান কৰাৰ সলনি, তেওঁ কাৰোবাৰ প্ৰেমিক-প্ৰেমিকাৰ দৰে অলাগতিয়াল প্ৰসংগৰে ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে। আমাক কাহিনী নহয়, ন্যায় লাগে বুলি শইকীয়াই দাবী কৰে।

উল্লেখ্য যে, এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৫ জন লোক গ্ৰেপ্তাৰ হৈছে। চি আই ডিয়ে নিতৌ ন ন মানুহক সোধা পোছা কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। সমগ্ৰ অসমবাসী এতিয়া জুবিনৰ ন্যায়ৰ অপেক্ষাত।গতিকে চি আই ডিৰ তদন্তই কি পৰ্যায় পাই সেয়া সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কাৰ্বি আংলং কংগ্ৰেছৰ, কাৰণ কি…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব