গুৱাহাটীৰ ২১৭ টা বস্তি অঞ্চলত চলিব প্ৰশাসনৰ উচ্ছেদ, গৃহহীন হ’ব ৫৬ হাজাৰ লোক…

পুনৰ গুৱাহাটী মহানগৰীত চলিব প্ৰশাসনৰ উচ্ছেদ। জানিব পৰা মতে, ৰে'লৱে ইতিমধ্যে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। কিন্তু ইয়াৰ বিৰোধিতা কৰিছে একাংশই।

গুৱাহাটীৰ ২১৭ টা বস্তি অঞ্চলত চলিব প্ৰশাসনৰ উচ্ছেদ, গৃহহীন হব ৫৬ হাজাৰ লোক...

ৰে'লৱে

Published: 

19 Aug 2025 15:04 PM

পুনৰ গুৱাহাটী মহানগৰীত চলিব প্ৰশাসনৰ উচ্ছেদ। ভাৰতীয় ৰে’লৱেৰ মাটিত থকা ২১৭ টা বস্তি অঞ্চলত চলাব এই উচ্ছেদ অভিযান। যাৰ ফলত আশ্ৰয়হীন হৈ পৰিব প্ৰায় ৫৬ হাজাৰ পৰিয়াল। জানিব পৰা মতে, ইতিমধ্যে উচ্ছেদ সন্দৰ্ভত ৰে’লৱে কৰ্তৃপক্ষই জাননী জাৰি কৰিছে পৰিয়ালসমূহক। লগতে ১৫ দিনৰ ভিতৰত অঞ্চলটো খালী কৰাৰ নিৰ্দেশ দিছে।

এই সন্দৰ্ভত আজি বস্তি অঞ্চলত বসবাস কৰাসকলৰ পক্ষত দিছপুৰ প্ৰেছ ক্লাৱত সদৌ গুৱাহাটী বস্তি সমন্বয় সমিতি আৰু SFI আৰু DYFI ৰ যৌথ সংবাদমেল অনুষ্ঠিত কৰে। ৰে’লৱেৰ ভূমিত বাস কৰা লোকসকলক উচ্ছেদ কৰা কাৰ্যৰ বিৰোধিতা কৰি এই সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত বিকল্প সংস্থাপন নোহোৱা পৰ্যন্ত উচ্ছেদ বন্ধ ৰাখিবলৈ ৰে’লৱে কতৃপক্ষক আহ্বান জনায়। সংগঠনকেইটাই দাবী কৰে যে এই কাৰ্যই অন্ন, বস্ত্ৰ, বাসস্থানৰ দৰে মৌলিক অধিকাৰ প্ৰত্যক্ষভাৱে খৰ্ব কৰিছে।

গুৱাহাটী মাষ্টাৰ প্লেন ২০২৪ ৰ খছৰাত প্ৰকাশ পোৱা তথ্য মতে ২১৭ টা বস্তি এলেকা আছে। সংবাদমেলত কয় যে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হাউচিং ফৰ অল প্লেনত গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত এলেকাৰ পৰা ৫৬৬৫৬ গৰাকী হিতাধিকাৰী বাচনি কৰি উলিয়াইছে। বস্তি অঞ্চলৰ বাসিন্দাৰ বাবে সুলভ বাসগৃহ নিৰ্মাণৰ বাবে উত্তৰ গুৱাহাটী আৰু মিৰ্জাত স্থান নিশ্চিত কৰিছিল। কিন্তু এই সন্দৰ্ভত এই কোনো কাম আগবঢ়া নাই। সেয়ে উচ্ছেদৰ পূৱে বিকল্প স্থানৰ দাবী জনাই সংবাদমেলত।

উল্লেখ্য যে, ভূতনাথ, শান্তিপুৰ উজান বজাৰ, ভাস্কৰ নগৰ, লালাবস্তি, বাবুবস্তিকে ধৰি বহুকেইটা বস্তি ৰেলৱেৰ ভূমিত আছে। এই সমূহ ঠাইয়ে ৰে’লৱে উচ্ছেদ কৰিব।

 

 

অন্য খবৰ পঢ়কঃ শত্ৰু নে বন্ধু? মোদীক সাক্ষাৎ কৰাৰ আগতে কি ক’লে চীনৰ বৈদেশিক মন্ত্ৰীয়ে…

ঘৰৰ সন্মুখত দেৱদাৰু গছ থকাটো ভাল নে বেয়া? জানক...
সাৱধান হওক, আওকাণ নকৰিব ! হাৰ্ট এটেকৰ পূৰ্বে এই লক্ষণবোৰে দেখা দিয়ে...
প্ৰি-ডায়েবেটিছ কি? ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ জানক...
এইপৰ্যন্ত এছিয়া কাপ জয় কৰিছে এইকেইজন ভাৰতীয় অধিনায়কে, তালিকাত নাম সংযোজিত হ’বনে সূৰ্যৰ?