অৰুণাচল প্ৰদেশত প্ৰাণ হেৰুওৱা শ্ৰমিকসকলৰ পৰিয়ালক ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য…
কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক সাৱতি লৈছিল অসমৰ কেইবাজনো শ্ৰমিকে। এই শ্ৰমিকসকলৰ পৰিয়ালক আজি মুখ্যমন্ত্ৰীয়ে আৰ্থিক সাহাৰ্য প্ৰদান কৰে। লগতে আহতক সকলো সহায়ৰ আশ্বাস দিয়ে।

হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত প্ৰাণ হেৰুওৱা অসমৰ শ্ৰমিকসকলৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বুধবাৰে তিনিচুকীয়াৰ গেলাপুখুৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে নিহতসকলৰ আত্মীয়লৈ ৫ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰে। উল্লেখ কৰা প্ৰয়োজন যে, ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শ্ৰমিকসকলৰ পৰিয়াললৈ ২ লাখ টকাৰ এককালীন সাহাৰ্য ঘোষণা কৰিছিল। এই সময়চোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে নিহত আৰু আহতৰ পৰিয়ালৰ সৈতে মত বিনিয়ম কৰি দুখৰ সমভাগী হয়।
ইয়াৰোপৰি শৰ্মাই দুর্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰা তথা চিকিৎসাধীন অৱস্থাত থকা ব্যক্তিগৰাকীৰ আশু আৰোগ্য কামনা কৰে আৰু তেওঁৰ সুচিকিৎসাৰ বাবে প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰিবলৈ জিলা প্ৰশাসনক নির্দেশ দিয়ে। লগতে আহত ব্যক্তিগৰাকীৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১ লাখ টকাৰ আৰ্থিক সাহায্য প্রদান কৰে।
শোকাবহ দুর্ঘটনাটোত নিহতসকলৰ যিসমূহ পৰিয়ালে এতিয়াও অৰুণোদয় আঁচনি বা ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰা নাই, তেনে পৰিয়ালসমূহক অতি সোনকালেই এই সুবিধা প্রদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তক নির্দেশ দিয়ে। তেওঁ লগতে দুৰ্ভগীয়া পৰিয়ালসমূহৰ সন্তানৰ পঢ়া-শুনাৰ বাবেও প্রয়োজনীয় সহায় আগবঢ়াবলৈ জিলা প্রশাসনক নির্দেশ প্রদান কৰে।
আজিৰ এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীৰ সৈতে জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্রী বিমল বড়া, শ্রমিক কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, স্থানীয় বিধায়ক তথা প্রাক্তন মন্ত্রী সঞ্জয় কিষাণ, বিধায়ক বলিন চেতিয়া, ভাস্কৰ শৰ্মা আৰু পোণাকন বৰুৱা প্রমুখ্যে স্থানীয় বহুসংখ্যক বিশিষ্ট ব্যক্তি আৰু তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালকে ধৰি জিলা প্রশাসনৰ বিষয়ববীয়াসকল উপস্থিত আছিল।
উল্লেখ্য যে, কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত অসমৰ কেইবাজনো শ্ৰমিকে মৃত্যুক সাৱতি লৈছিল। পথ নিৰ্মাণৰ বাবে শ্ৰমিকসকলে এখন ট্ৰাকেৰে গৈ আছিল। কিন্তু তেতিয়াই ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু দ’ খাৱৈত বাগৰি পৰে। যাৰ ফলত থিতাতে কেইবাগৰাকী শ্ৰমিকে প্ৰাণ হেৰুৱাইছিল।
অন্য খবৰ পঢ়কঃ কামৰ সন্ধানত গৈছিল অৰুণাচল প্ৰদেশলৈ! পথ দুৰ্ঘটনাত মৃত্যু অসমৰ ২১ জন শ্ৰমিকৰ…