ভুৱা ভোটাৰেৰে নিৰ্বাচন জিকাৰ ষড়যন্ত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ, ধুবুৰীত গৌৰৱ গগৈৰ অভিযোগ

অসমত হ'বলগীয়া এছ আৰ প্ৰক্ৰিয়াক সমালোচনা গৌৰৱ গগৈৰ। তেওঁ কয় যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে যেতিয়া ভোটাৰ তালিকা সম্পৰ্কে কিছু নিৰ্দেশনা লৈ অসমলৈ আহিলে হিমন্ত বিশ্ব শৰ্মা উৎফুল্লিত হৈ পৰিল। তেওঁ গম পাই গৈছে হিমন্তৰ ডুবি থকা নাও মাত্ৰ ভুৱা ভোটাৰ তালিকাৰেহে বচাব পাৰিব।

ভুৱা ভোটাৰেৰে নিৰ্বাচন জিকাৰ ষড়যন্ত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ, ধুবুৰীত গৌৰৱ গগৈৰ অভিযোগ

ধুবুৰীত গৌৰৱ গগৈ

Published: 

19 Nov 2025 17:49 PM

ধুবুৰী জিলা কংগ্ৰেছ ভৱনৰ আধাৰশিলা স্থাপন উপলক্ষে ধুবুৰীত কৰ্মী সভা। সভাত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ , নিখিল ভাৰতীয় প্ৰদেশ কমিটীৰ সম্পাদক তথা তত্বাৱধায়ক অসম জিতেন্দৰ সিং , , ধুবুৰী সাংসদ ৰকিবুল হুছেইন, বিধায়ক ওৱাজেদ আলী চৌধুৰী, আব্দুছ ছোৱাহান আলী সৰকাৰ প্ৰমূখ্যে বহু নেতা কৰ্মী ।

দলীয় কাৰ্যসূচীত অংশ ল’বলৈ আজি ধুবুৰীত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। তেওঁৰ সৈতে উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, বিধায়ক ৱাজেদ আলী চৌধুৰী, আব্দুছ ছোবাহান আলী সৰকাৰৰ লগতে একাংশ দলীয় নেতা-কৰ্মী।

ধুবুৰীত জিলা কংগ্ৰেছৰ ভৱনৰ আধাৰশিলা স্থাপনৰ পাছতেই এখন সভা সম্বোধন কৰে গৌৰৱ গগৈয়ে। নিজৰ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো দুদিন ধৰি নৰ্থ ইষ্ট ফেষ্টিভেল চলি আছিল। নৰ্থ ইষ্ট ফেষ্টিভেল সন্দৰ্ভত আৰ টি আইৰ তথ্য নিদিয়াৰো অভিযোগ তোলে গৌৰৱ গগৈয়ে। ভাৰত চৰকাৰে কাক বচাব বিচাৰিছে বুলি প্ৰশ্ন তুলি গৌৰৱে কয় যে ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ দিনত জুবিনৰ ন্যায় নাপায় বুলি সন্দেহ হৈছে।

বিহাৰ নিৰ্বাচনত কেন্দ্ৰীয় নিৰ্বাচনী বিষয়াই নিৰপেক্ষ ভূমিকা নোলোৱাৰো অভিযোগ তোলে গৌৰৱ গগৈয়ে। বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা প্ৰস্তুত কৰি বহু লোকৰ নামৰ ভোটাৰ তালিকাৰ পৰা বাদ পেলোৱা প্ৰসংগ উল্লেখ কৰি নিৰ্বাচন আয়োগলৈ সন্দেহৰ আঙুলি টোঁৱাই কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। বিহাৰত শোচনীয়ভাৱে পৰাজয়ৰ সন্মুখীন হোৱা কংগ্ৰেছে মাত্ৰ ৬ খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ লগেত গৌৰৱে কয় যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে যেতিয়া ভোটাৰ তালিকা সম্পৰ্কে কিছু নিৰ্দেশনা লৈ অসমলৈ আহিলে হিমন্ত বিশ্ব শৰ্মা উৎফুল্লিত হৈ পৰিল। তেওঁ গম পাই গৈছে হিমন্তৰ ডুবি থকা নাও মাত্ৰ ভুৱা ভোটাৰ তালিকাৰেহে বচাব পাৰিব। হিমন্ত বিশ্ব শৰ্মাৰ সংকল্প বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা মানুহ আনি অসমৰ ভোটাৰ তালিকাত সুমুৱাই বিজেপিক ভোট দিয়াব।

মুখ্যমন্ত্ৰীৰ ওপৰত আন এক আক্ৰণ চলাই গৌৰৱে কয় যে সাংবাদিকে প্ৰশ্ন সুধিলে মুখ্যমন্ত্ৰীয়ে মালিকৰ নাম শোধে। আদানীক যে ৪০ হেজাৰ মাটি দিলে, আদানী হিমন্ত হিমন্ত বিশ্ব শৰ্মাৰ মালিক নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে গৌৰৱে।

তেওঁ লগতে কয় যে যেতিয়াই আন দলৰ মানুহ কংগ্ৰেছত যোগদান কৰিব বিচাৰে তেতিয়াই হিমন্ত বিশ্ব শৰ্মাই ১০ তাৰিখ বুলি কৈ মানুহক ভয় খুয়াব বিচাৰে । গতিকে কংগ্ৰেছৰে সংকল্প লৈছে হিমন্ত‌ বিশ্ব শৰ্মাই ভুৱা এছ আই টিক লৈ যি ক’ব লগা আছে ক‌ওক, কংগ্ৰেছে যোগদান কাৰ্যসূচীৰ অনুষ্ঠিত কৰিব। প্ৰতি মাহৰ ১০ তাৰিখে এই যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিব কংগ্ৰেছে।

একেৰাহে ২১ দিন নহৰু খালে কি হ'ব জানেনে? জানক সকলো...
সাৱধান! এই ৫ খাদ্যই নষ্ট কৰিব পাৰে আপোনাৰ বৃক্ক, জানক...
এবছৰত ধনী হ'ব বিচাৰে নেকি? ডাকঘৰৰ এই আঁচনিত বিনিয়োগ কৰক....
কেতিয়াও বৃদ্ধি নহ'ব ব্লাড চুগাৰ! খাদ্য কোৱাৰ পূৰ্বে কৰক এই কাম...