চাৰ্জশ্বীট দাখিলৰ পাছতে বিপদ বাঢ়িছে ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্তৰ! মুকলি আকাশৰ তললৈ আহিবনে চুমি-বিশাল-তাৰ্কিক? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বহুচৰ্চিত ট্ৰেডিং কেলেংকাৰীৰ অভিযোগনামা দাখিল কৰা হয় আদালতত । চিবিআয়ে দাখিল কৰিলে এই কেলেংকাৰীৰ অভিযোগনামা। মহা প্ৰৱঞ্চক বিশাল ফুকন, চুমি বৰা ,তাৰ্কিক বৰা আৰু অভিজিৎ চন্দৰ বিৰুদ্ধে বৃহস্পতিবাৰে অভিযোগনামা কেন্দ্ৰীয় অনুসন্ধান সন্থাটোৱে দাখিল কৰে চিবিআইৰ বিশেষ আদালতত ৷
অৱশেষত চুমি, বিশাল, তাৰ্কিকৰ বিৰুদ্ধে CBI ৰ অভিযোগনামা। বহুচৰ্চিত ট্ৰেডিং কেলেংকাৰীৰ অভিযোগনামা দাখিল কৰা হয় আদালতত । চিবিআয়ে দাখিল কৰিলে এই কেলেংকাৰীৰ অভিযোগনামা। মহা প্ৰৱঞ্চক বিশাল ফুকন, চুমি বৰা ,তাৰ্কিক বৰা আৰু অভিজিৎ চন্দৰ বিৰুদ্ধে বৃহস্পতিবাৰে অভিযোগনামা কেন্দ্ৰীয় অনুসন্ধান সন্থাটোৱে দাখিল কৰে চিবিআইৰ বিশেষ আদালতত ৷
অভিযোগনামাত স্পষ্টকৈ উল্লেখ কৰিছে একোটা হোৱাটছআপৰ দৰে এপৰ গ্ৰুপ খুলি কেনেদৰে বিনিয়োগকাৰীৰ পৰা টকা লৈছিল।
চুমি বৰা, তাৰ্কিক বৰা, বিশাল ফুকন, অভিজিত চন্দ, ৰঞ্জিত কাকতিৰ বিৰুদ্ধে CBIয়ে প্ৰায় দাখিল কৰে ১৫০ পৃষ্ঠাৰ অভিযোগনামা। চাৰিওগৰাকী অভিযুক্তৰ বিৰুদ্ধে বহু তথ্য লাভ কৰিছে চিবিআয়ে। তদন্তত জানিব পৰা গৈছে যে অভিযুক্তই অবৈধ জমা আঁচনি প্ৰস্তুত কৰিছিল, যাৰ জৰিয়তে মিছা অজুহাত দেখুৱাই বিনিয়োগকাৰীৰ পৰা টকা বিচাৰিছিল। তেওঁলোকে বিনিয়োগকাৰীক ৩০ শতাংশ ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি দি প্ৰলোভন দিছিল। আৰু ইয়াৰ বাবে ন’টাৰীকৃত ষ্টাম্প পেপাৰ আৰু ভুৱা বিনিয়োগ ৰিপ’ৰ্টসহ কেতবোৰ বিভ্ৰান্তিকৰ পদ্ধতি অৱলম্বন কৰিছিল। তেওঁলোকে বিনিয়োগকাৰীক প্ৰৱঞ্চনা কৰি নিজৰ লাভৰ বাবে জমা ধনৰ অপব্যৱহাৰ কৰাৰ উল্লেখ আছে চাৰ্জশ্বীটত।
ইফালে CBIৰ বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিলৰ পাছতে বিপদ বাঢ়িল আটাইকেইজন অভিযুক্তৰ। বৃহস্পতিবাৰে CBIৰ বিশেষ ন্যায়াধীশৰ আদালতে বিশাল ফুকনৰ মুকলিৰ বাবে কৰা আবেদনক নাকচ কৰে। উচ্চ ন্যায়ালয়ে বহুকেইটা চৰ্ত বান্ধিহে এটা গোচৰত দিছিল জামিন। সেই অনুসৰি CBIৰ বিশেষ ন্যায়াধীশৰ আদালতত বিশাল, তাৰ্কিকৰ পাছপৰ্ট জমা দিবলৈ নিৰ্দেশ দিছিল। কিন্তু পাছপৰ্ট জমা দিব নোৱাৰিলে আদালতত, যাৰ বাবে CBIৰ বিশেষ ন্যায়াধীশৰ আদালতে নিদিলে কাৰাগাৰৰ পৰা মুকলিৰ নিৰ্দেশ। লগতে জামিন পোৱা অভিযুক্তকেইজনৰ বিৰুদ্ধে আৰু কি কি গোচৰ আছে সকলো তথ্য বিচাৰিছে চি বি আইৰ পৰা।
ইয়াৰ মাজতে ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয়, “জেলৰ পৰা ওলাব নোৱাৰে চুমী-বিশাল। জামিন এইবাবে পালে CBIৰ মতে ৯০ দিনত চাৰ্জশ্বীট দিব লাগে, গুৱাহাটী উচ্চ ন্যায়ালয়ে ক’লে ৬০ দিনত দিব লাগে। উচ্চ ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাব CBI-এ। টেকনিকেল কাৰণত জামিন পালে। কিন্তু তেওঁলোক জেলৰ পৰা ওলাব নোৱাৰে। আৰু ৩-৪টা গোচৰ আছে। বহুত কেচ আমি CBIক দিছোঁ, বহুত কেচ আমাৰ লগত আছে। আমাৰ লগত থকা কেচকেইটাত আমি কম সময়ৰ ভিতৰতে চাৰ্জশ্বীট দিম।”
উল্লেখ্য যে,ইতিমধ্যে ডিব্ৰুগড়ত ৰুজু হোৱা এটা গোচৰত উচ্চ ন্যায়ালয়ত জামিন লাভ কৰিছিল বিশাল ফুকন আৰু ,তাৰ্কিক বৰাই ৷ আনহাতে চুমি বৰা , অভিজিৎ চন্দ সহ কে’বাজনৰ জামিন সন্দৰ্ভত বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ত শুনানি হয় যদিও জামিন স্থগিত ৰাখে আদালতে ৷ বৰ্তমান ন্যায়িক জিম্মাতে আছে আটাইকেইগৰাকী অভিযুক্ত।