বিশাল-চুমিৰ ট্ৰেডিং কেলেংকাৰী: ডিব্ৰুগড়ৰ থানালৈ তলব ইউটিউবাৰ চক্ৰপাণি, অৱয়ব, হিমাশ্ৰীক…

ট্ৰেডিং কেলেংকাৰীৰ তদন্তত এইবাৰ আৰক্ষীৰ জেৰাৰ লিষ্টত ৰাজ্যৰ একাংশ ইউটিউবাৰৰ নাম। সাংবাদিক তথা ইউটিউবাৰ চক্ৰপাণি পৰাশৰক আজি বিয়লি ৪ বজাত ডিব্ৰুগড় সদৰ থানাত হাজিৰ হ'বলৈ চমন জাৰি কৰিছে CIDয়ে। তেওঁৰ উপৰিও ইউটিউবাৰ তথা ডিজিটেল ক্ৰিয়েটৰ অৱয়ব ভূঞাকো তলব। হিমাশ্ৰী শইকীয়াকো চুমি-বিশাল কাণ্ডৰ সেই একেটা গোচৰ সন্দৰ্ভত তলব।

বিশাল-চুমিৰ ট্ৰেডিং কেলেংকাৰী: ডিব্ৰুগড়ৰ থানালৈ তলব ইউটিউবাৰ চক্ৰপাণি, অৱয়ব, হিমাশ্ৰীক...

ডিব্ৰুগড়ৰ থানালৈ তলব চক্ৰপাণি, অৱয়ব, হিমাশ্ৰীক...

Updated On: 

28 Sep 2024 15:50 PM

এইবাৰ বিশাল-চুমি কাণ্ডৰ তদন্তৰ বাবে ৩ ইউটিউবাৰলৈ CIDৰ চমন। চক্ৰপাণি পৰাশৰ, অৱয়ব ভূঞা, হিমাশ্ৰী শইকীয়া তিনিওৰে প’ডকাষ্টত সম্প্ৰচাৰ হৈছিল চুমি বৰাৰ অনুষ্ঠান। যাব বাৰে এতিয়া
ডিব্ৰুগড় সদৰ থানালৈ CID তলব কৰিছে ইউটিউবাৰসকলক। চুমি, তাৰ্কিক, বিশাল, স্বপ্ননীল দাসৰ দৰে ট্ৰেডাৰক কিয় প্ৰচাৰ কৰিছিল তাক লৈ CIDয়ে প্ৰশ্ন কৰিব ইউটিউবাৰসকলক।
ডিব্ৰুগড় থানাৰ গোচৰ নং ৩৫২/২০২৪ৰ ভিত্তিত তলব ইউটিউবাৰসকলক।

ট্ৰেডিং কেলেংকাৰীৰ তদন্তত এইবাৰ আৰক্ষীৰ জেৰাৰ লিষ্টত ৰাজ্যৰ একাংশ ইউটিউবাৰৰ নাম। সাংবাদিক তথা ইউটিউবাৰ চক্ৰপাণি পৰাশৰক আজি বিয়লি ৪ বজাত ডিব্ৰুগড় সদৰ থানাত হাজিৰ হ’বলৈ চমন জাৰি কৰিছে CIDয়ে। তেওঁৰ উপৰিও ইউটিউবাৰ তথা ডিজিটেল ক্ৰিয়েটৰ অৱয়ব ভূঞাকো তলব কৰিছে CIDয়ে। আজি পুৱা ১০ বজাত ডিব্ৰুগড় থানাত হাজিৰ হ’ল অৱয়ব ভূঞা।

আজি এই তিনিওৰে ভাষ্য গ্ৰহণ কৰিব আৰক্ষীয়ে। এই সংক্ৰান্তত অৱয়ব ভূঞাই তেওঁৰ সামাজিক মাধ্যমত লিখিছে- ‘মোক অসম আৰক্ষীৰ চি আই ডিয়ে এবছৰৰ আগতে চুমি বৰাৰ সৈতে কৰা এটা পডকাষ্টৰ বাবে উপস্থিত হ’বলৈ কৈছিল। ডিব্ৰুগড়তো সেই একেটাই গোচৰ। মই আশা কৰো ইয়াৰ পিছত অভিযোগসমূহৰ জল্পনা-কল্পনাৰ সমাপ্তি ঘটিব।’

নিজৰ ভাষ্য প্ৰদানৰ অন্তত সংবাদ মাধ্যমৰ আগত অৱয়ব ভূঞাই কয়, ‘‘এনেকুৱা ধৰণৰ ঘটনাত কিবা কাৰণত যদি নামটো ওলায়, আমি তদন্তৰ অংশ হোৱাটো প্ৰয়োজনীয়। যিহেতু পডকাষ্টৰ প্ৰসংগ ওলাইছে, এনেকুৱা এটা ধাৰণা উলিয়াই দিয়া হৈছিল যে পডকাষ্ট কেৱল প্ৰমোচনৰ কাৰণে ব্যৱহাৰ কৰা হয়। সেইবাবে আমাক ষ্টেটমেণ্ট এটা ৰেকৰ্ড কৰিবলৈ মতা হৈছিল, কিধৰণে আমি পডকাষ্টবোৰ কৰো, কিয় কৰো, বিশেষকৈ কেনেকৈ চুমি বৰাক আমি নিমন্ত্ৰণ জনাইছিলো। সেইবাবে মাতিলে, গোটেইখিনি কথা সোধা-পোছা কৰাৰ পিছত ৰেকৰ্ড কৰিলে। বেছি দীঘলীয়া কথা নহ’ল। পডকাষ্ট আৰু প্ৰমোচন যে একেই নহয়, সেই কথাটো ইয়াৰ পিছত ওলাব বুলি আশা কৰিছো। আমি আহি কথাখিনি কোৱাটো হয়তো আমাৰ বাবে দৰকাৰী, সেইবাবে আহিলো।’’

ইফালে পডকাষ্টৰ জৰিয়তে অন্ধ বিশ্বাসক প্ৰচাৰ, প্ৰসাৰত লিপ্ত থকাৰ অভিযোগ উঠা হিমাশ্ৰী শইকীয়াকো চুমি-বিশাল কাণ্ডৰ সেই একেটা গোচৰ সন্দৰ্ভত CIDয়ে তলব কৰিছে।জাম্পিং স্পাইডাৰ ষ্টুডিঅ’ (JSS) ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল অসম পাব্লিক ৱৰ্কছৰ।সমাজত অন্ধবিশ্বাস, কু- সংস্কাৰ বিয়পোৱাৰ অভিযোগত ইউটিউব চেনেলটোৰ বিৰুদ্ধে চানমাৰি থানাত ৰুজু হৈছিল গোচৰ ।আজি আৰক্ষীয়ে ইউটিউবাৰ গৰাকীৰ ভাষ্য গ্ৰহণ কৰে।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত হিমাশ্ৰী শইকীয়াই কয়, ‘‘মোৰ সৈতে সাধাৰণভাৱেই কথা পাতিছে। আনুষ্ঠানিকতাৰ বাবে মাতিছে। পডকাষ্ট কৰিছিলো। সেই সম্পৰ্কে সুধিছে, মই কৈছো, সেয়াই।’’ হিমাশ্ৰীয়ে কয়, ‘‘মই ১০ মাহমান আগত পডকাষ্ট কৰিছিলো। চুমিৰ বিয়াৰ আগত। যিহেতু সাংস্কৃতিক ক্ষেত্ৰত চুমি সক্ৰিয় আছিল সেইবাবে মাতিছিলো। মোৰ ইণ্টাৰভিউত কোনো প্ৰমোচন নাছিল। সাধাৰণ ইণ্টাৰভিউ আছিল। তেওঁলোকৰ জীৱনৰ কথা পাতিছিলো। ট্ৰ’লিং বা আগৰ কথাবোৰ পাতিছিলো।’ মই যেনেকৈ আন অতিথিক নিমন্ত্ৰণ কৰো, তেনেকৈয়ে মাতিছিলো চুমি বৰাকো। ইয়াত বেলেগ একো নাই।’’

 

 

Related Stories
অসম এতিয়া দেশৰ দ্ৰুততম বিকশিত অৰ্থনীতি; মুখ্যমন্ত্ৰীয়ে দিলে এই বিশেষ সুখবৰ…
নতুন বছৰৰ আনন্দ উদযাপনৰ পৰা বাবু আঁচনি ঘোষণালৈ, থোৰতে চাওক আজি দিনটোৰ চৰ্চিত খবৰসমূহ
ফৌজদাৰী সংস্কাৰ আৰু জনকল্যাণত দেশৰ ভিতৰতে শীৰ্ষত অসম, নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীয়ে দিলে খতিয়ান
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় যুদ্ধৰ বাবে বিশেষ অধিবক্তা নিযুক্তি দিব চৰকাৰে, বিশেষ আদালত গঠনৰ বাবেও জনাব দাবী
এঞ্জেল চাকমাৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে বিশেষ প্ৰস্তাৱ, নিৰ্বাচনৰ প্ৰাকক্ষণত ল’লে এই সংকল্প
গুৱাহাটীৰ পৰা হাওৰালৈ চলিব বন্দে ভাৰত শ্লীপাৰ ৰে’ল, কি কি সুবিধা থাকিব আৰু ভাড়া কিমান হ’ব?
নিতে গঢ়ি তোলক মাত্ৰ এই ৫টা অভ্যাস, উচ্চ ৰক্তচাপৰ চিন্তা হ’ব দূৰ
বৃক্ক বিকলৰ পূৰ্বে পুৱাৰ সময়ত কি কি লক্ষণে দেখা দিয়ে, জানক...
ফেটি লিভাৰৰ ৫ টা সাধাৰণ লক্ষণ কি কি, জানক...
কাইলৈৰ পৰাই আৰম্ভ কৰক পুৱা খালী পেটত তুলসী পানী খোৱাৰ অভ্যাস, লাভ কৰিব এনে আচৰিত উপকাৰ
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?