চীনৰ সৰ্ববৃহৎ নদী বান্ধ উত্তৰ-পূবৰ বাবে ভাবুকি ! তাৎক্ষণিকভাৱে কেন্দ্ৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান গৌৰৱ গগৈৰ

যোৰহাটৰ সাংসদগৰাকীয়ে কয় যে, এই প্ৰকল্প জৰিয়তে ব্ৰহ্মপুত্ৰ জলসম্পদৰ ওপৰত চীনে অসমতাপূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিব । বান পূৰ্বাভাস আৰু ব্যৱস্থাপনাক সমৰ্থন কৰিবলৈ জলবিজ্ঞানৰ তথ্য ভাগ-বতৰা কৰিবলৈ চীনৰ সৈতে ভাৰতৰ চুক্তি হ’ব লাগিব বুলিও দাবী কৰে গৌৰৱ গগৈয়ে ।

চীনৰ সৰ্ববৃহৎ নদী বান্ধ উত্তৰ-পূবৰ বাবে ভাবুকি ! তাৎক্ষণিকভাৱে কেন্দ্ৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান গৌৰৱ গগৈৰ

সাংসদ গৌৰৱ গগৈ

Updated On: 

11 Feb 2025 21:31 PM

তীব্বতৰ ইয়াৰলুং ছাংপো নদীত চীনে বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ পৰিকল্পনা কৰা বিষয়টো সংসদত উত্থাপন কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰে লোকসভাৰ বিৰোধী দলপতি গৌৰৱ গগৈয়ে । এই প্ৰকল্পটোৰ প্ৰভাৱক আলোকপাত কৰি তাৎক্ষণিকভাৱে কেন্দ্ৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই সাংসদ গৌৰৱ গগৈয়ে । কংগ্ৰেছৰ সাংসদগৰাকীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, জল সুৰক্ষা আৰু আঞ্চলিক স্থিতিশীলতাৰ ওপৰত এই প্ৰকল্পই পেলাব পৰা প্ৰভাৱৰ ওপৰত গুৰুত্ব প্ৰদান কৰি লোকসভাত আজি এই বিষয়টো উত্থাপন কৰে।

যোৰহাটৰ সাংসদগৰাকীয়ে কয় যে, এই প্ৰকল্প জৰিয়তে ব্ৰহ্মপুত্ৰ জলসম্পদৰ ওপৰত চীনে অসমতাপূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিব । বান পূৰ্বাভাস আৰু ব্যৱস্থাপনাক সমৰ্থন কৰিবলৈ জলবিজ্ঞানৰ তথ্য ভাগ-বতৰা কৰিবলৈ চীনৰ সৈতে ভাৰতৰ চুক্তি হ’ব লাগিব বুলিও দাবী কৰে গৌৰৱ গগৈয়ে । চীনে ভাৰতলৈ পানী এৰাৰ ক্ষেত্ৰত হেতালি খেলাৰ আশংকাক আঙুলিয়াই দি তেওঁ কয় যে, “ইয়াৰ ফলত ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত ভয়ানক প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হ’ব পাৰে ! বান বা বিধ্বংসী খৰাং পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।”

সাম্ভাৱ্য স্পৰ্শকাতৰ ভৌগোলিক আৰু ৰাজনৈতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সাংসদগৰাকীয়ে ভাৰতক যিকোনো পৰিস্থিতিৰ বাবে সম্পূৰ্ণৰূপে সাজু হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

বিশেষকৈ বানৰ পূৰ্বাভাস আৰু ব্যৱস্থাপনাৰ বাবে চীনৰ সৈতে জটিল জলবিজ্ঞানৰ তথ্যসমূহ ভাগ-বতৰা কৰাটো নিশ্চিত কৰাৰ এক চুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই সাংসদগৰাকীয়ে । এই বিষয়টোক জৰুৰী আৰু অতি গুৰুত্বসহকাৰে লৈ ভাৰতৰ স্বাৰ্থ আৰু আঞ্চলিক স্থিতিশীলতা ৰক্ষাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিবলৈ বিশেষকৈ দেশৰ প্ৰধানমন্ত্ৰী, বিদেশ মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাক আহ্বান জনাই সাংসদ গৌৰৱ গগৈয়ে ।

Related Stories
প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব ভ্ৰমণৰ পৰা কংগ্ৰেছৰ সমালোচনালৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
প্ৰধানমন্ত্ৰী মোদীৰ এই সন্মান কেতিয়াও নাপাহৰে অসমবাসীয়ে, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
ভূপেন হাজৰিকাৰ গীতে ভাৰতক একত্ৰিত কৰিছে: খানাপাৰাত প্ৰধানমন্ত্ৰীয়ে আৰু কি কি ক’লে?
থাকিব একাধিক নাগৰিককেন্দ্ৰিক কাৰ্যসূচী ! “সেৱা সপ্তাহ”ৰ প্ৰস্তুতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী, সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ বাবে খানাপাৰাত উপস্থিত…
ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক গ্ৰন্থখন আজিৰ প্ৰজন্মৰ বাবে প্ৰাসংগিক: অনুৰাধা শৰ্মা পূজাৰী
পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!