অসমত বিনিয়োগৰ পৰিৱেশ নোহোৱা হ’ব নালাগে: বোমা সংস্থাপন সন্দৰ্ভত পৰেশ বৰুৱালৈ আহ্বান মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীয়ে কয়, "বোমা পাইছে পোৱা নাই সেই বিষয়ে পুলিচে ক'ব। মই মাত্ৰ এটাই অনুৰোধ কৰিম যে, টাটাই অসমত ছেমিকণ্ডাক্টাৰ প্ৰকল্প আনিছে, অসমলৈ আৰু বহু বিনিয়োগ আহিব। বহু বছৰৰ মূৰত অসমে বিকাশ আৰু প্ৰগতিৰ মুখ দেখা পাইছে। মই বোমা আছে, নাই এই বিতৰ্কলৈ নগৈ আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক অনুৰোধ কৰিম, অসমত এনে কোনো পৰিৱেশ সৃষ্টি কৰিব নালাগে যাতে বিনিয়োগৰ পৰিৱেশ নোহোৱা হৈ যায়।"

অসমত বিনিয়োগৰ পৰিৱেশ নোহোৱা হব নালাগে: বোমা সংস্থাপন সন্দৰ্ভত পৰেশ বৰুৱালৈ আহ্বান মুখ্যমন্ত্ৰীৰ

আলফা(স্বাঃ)ৰ বোমা সংস্থাপন সন্দৰ্ভত পৰেশ বৰুৱালৈ আহ্বান মুখ্যমন্ত্ৰীৰ

Updated On: 

15 Aug 2024 16:58 PM

১৫ আগষ্ট স্বাধীনতা দিৱসৰ দিনাটোৰ আলফা(স্বাঃ)ৰ বোমা সংস্থাপন সন্দৰ্ভত ৰাজ্যজুৰি সৃষ্টি হৈছে এক হাহাকাৰময় পৰিৱেশৰ। বিবৃতিত উল্লেখ থকা ঠাইসমূহত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২৫টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা (স্বা)ৰ। আৰক্ষীয়ে অভিযান চলাই শিৱসাগৰ, লখিমপুৰৰ পৰা বোমা উদ্ধাৰ কৰাৰ লগতে আন বহু ঠাইৰ পৰা উদ্ধাৰ কৰিছে বোমা সদৃশ সামগ্ৰী। গুৱাহাটীৰ ৮টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা (স্বাঃ)ৰ।

ইয়াৰ মাজতে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। প্ৰগতিৰ যাত্ৰাত বাধা নিদিয়াৰ বাবে পৰেশ বৰুৱালৈ আহ্বান মুখ্যমন্ত্ৰীৰ। ৰাজ্যলৈ উভতি অহা শান্তি, বিনিয়োগৰ পৰিৱেশ নষ্ট নকৰিবলৈ জনাই আহ্বান। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “আলফা (স্বা)ৰ ফালৰ পৰা এটা বিবৃতি আছিল আমাৰ গুৱাহাটী আৰু বিভিন্ন স্থানত শিৱসাগৰ, লখিমপুৰ, নগাঁও আদি ঠাইত স্বাধীনতা দিৱস উপলক্ষ্য বোমা দি থোৱা বুলি। কালি ভিডিঅ’ত আছিল যে ৬-১২ৰ ভিতৰত বোমা ফুটিব। আজি কোৱা হৈছে কাৰিকৰী কাৰণত বোমা ফুটা নাই আৰু আৰক্ষীয়ে বোমাবোৰ উদ্ধাৰ কৰিব লাগে।”

মুখ্যমন্ত্ৰীয়ে আকৌ কয়, “বোমা পাইছে পোৱা নাই সেই বিষয়ে পুলিচে ক’ব। মই মাত্ৰ এটাই অনুৰোধ কৰিম যে, টাটাই অসমত ছেমিকণ্ডাক্টাৰ প্ৰকল্প আনিছে, অসমলৈ আৰু বহু বিনিয়োগ আহিব। বহু বছৰৰ মূৰত অসমে বিকাশ আৰু প্ৰগতিৰ মুখ দেখা পাইছে। মই বোমা আছে, নাই এই বিতৰ্কলৈ নগৈ আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক অনুৰোধ কৰিম এনে সময়ত অসমত এনে কোনো পৰিৱেশ সৃষ্টি কৰিব নালাগে যাতে বিনিয়োগৰ পৰিৱেশ নোহোৱা হৈ যায়।”

ৰাজ্যৰ নিৱনুৱাৰ কৰা উল্লেখ কৰি তেওঁ কয়, ” ৰাজ্যত প্ৰায় ১৪ লাখ নিৱনুৱা যুৱক-যুৱতী আছে। যদি উদ্যোগ নাহে অসমৰ যুৱকবোৰ বাহিৰত ছিকিউৰিটি গাৰ্ড হৈ গুচি যাব। যদি অসমৰ যুৱকে অসমত নাথাকে কাক লা আমি অসমৰ উন্নত আৰু স্বাধীন কৰিম?তাৰ কোনো অৰ্থই নাথাকিব। সেইবাৰে মই আশা কৰিম, অসমত যাতে কোনোধৰণৰ বিনিয়োগকাৰী সকলে চিন্তা কৰিবলগা, বাহিৰত অসমৰ নামত কৰবাত চেকা লগা কাম আমি অসমত নকৰোঁ। সদায় আলোচনাৰ মাজেৰে সমস্যাবোৰ সমাধান কৰিবলৈ মই আগ্ৰহী। আগতেও মই আলোচনাৰ কথা কৈছোঁ, আজিও দোহাৰিছোঁ। লগতে পৰেশ বৰুৱাক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ অসমৰ যি বিকাশৰ ধাৰা তাক যাতে ম্লান কৰি নিদিও। “

পেটত আলচাৰ হোৱাৰ ৩ টা প্ৰধান কাৰণ কি কি ? প্ৰতিৰোধৰ উপায়...
টোপনিৰ সমস্যা বাঢ়িছে নেকি? কি কি কাৰণত অনিদ্ৰা সমস্যা হ'ব পাৰে? জানক
পেটত বাৰে বাৰে গেছ হোৱাৰ কাৰণ কি? জানক সকলো...
প্ৰতিদিনে নহৰু খালে কি কি ৰোগৰ আশংকা কমে? জানক...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...