বান-ভূমিস্খলনৰ সাহায্য হিচাপে ছয় ৰাজ্যলৈ ১,০৬৬.৮০ কোটি টকাৰ অনুদান কেন্দ্ৰৰঃ কিমান ধন লাভ কৰিলে অসমে?

শেহতীয়া বান পৰিস্থিতি আৰু ভূমিস্খলনৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা ছয়খন ৰাজ্যলৈ আৰ্থিক সাহায্য হিচাপে ১,০৬৬.৮০ কোটি টকাৰ অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। এই সন্দৰ্ভত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে বিশদ তথ্য প্ৰকাশ কৰিছে।

বান-ভূমিস্খলনৰ সাহায্য হিচাপে ছয় ৰাজ্যলৈ ১,০৬৬.৮০ কোটি টকাৰ অনুদান কেন্দ্ৰৰঃ কিমান ধন লাভ কৰিলে অসমে?

অসমলৈ কেন্দ্ৰলৈ অনুদান ঘোষণা

Updated On: 

10 Jul 2025 18:26 PM

শেহতীয়া বান পৰিস্থিতি আৰু ভূমিস্খলনৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা ছয়খন ৰাজ্যলৈ আৰ্থিক সাহায্য হিচাপে ১,০৬৬.৮০ কোটি টকাৰ অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। এই সন্দৰ্ভত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে বিশদ তথ্য প্ৰকাশ কৰিছে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় অংশৰ অধীনত এই ৰাজ্যকেইখনত তাৎক্ষণিক সাহায্য আৰু পুনৰ্বাসন প্ৰক্ৰিয়াত সহায়ৰ উদ্দেশ্যে এই আৰ্থিক সাহায্যত অনুমোদন জনোৱা হৈছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, আবণ্টিত এই ধনৰাশিৰ ভিতৰত ৩৭৫.৬০ কোটি টকা লাভ কৰিছে অসমে

আনহাতে মেঘালয়ে ৩০.৪০ কোটি টকা, মিজোৰামে ২২.৮০ কোটি টকা, মণিপুৰে ২৯.২০ কোটি টকা, কেৰালাই ১৫৩.২০ কোটি টকা আৰু উত্তৰাখণ্ডই সৰ্বাধিক ৪৫৫.৬০ কোটি টকা লাভ কৰিছেনিজা এক্স হেণ্ডেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সিদ্ধান্ত ঘোষণা কৰিছে এই পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মোদী চৰকাৰ যিকোনো পৰিস্থিতিতে সকলো ৰাজ্যৰ কাষত দৃঢ়তাৰে থিয় দিছে।

আজি বান আৰু ভূমিস্খলন প্ৰভাৱিত ৰাজ্যৰ বাবে SDRFৰ অধীনত ১,০৬৬.৮০ কোটি টকা অনুমোদন জনোৱা হৈছে বুলি তেওঁ পোষ্টটোত উল্লেখ কৰে তেওঁ লগতে চলিত বৰ্ষত SDRF আৰু NDRFৰ জৰিয়তে ১৯খন ৰাজ্যলৈ ৮,০০০ কোটিৰো অধিক ধন প্ৰদান কৰা হৈছে বুলি পোষ্টটোত দোহাৰে

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰৰ এই সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্স হেণ্ডেলত ৰাজ্যৰ এই পৰিস্থিতিৰ সময়ত দৰ্হঢ়তাৰে থিয় দি দুৰ্যোগ সাহায্য তৎকালীনভাৱে অনুমোদন জনোৱাৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে

 

তেওঁ লগতে পোষ্টটোত এনে দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিৰ শ্বাহে সদায়েই ক্ষতিৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে গুৰুত্ব আৰোপ কৰি আহিছে বুলি উল্লেখ কৰে লগতে এই আৰ্থিক অনুদান দুৰ্যোগৰ প্ৰভাৱৰ পৰা মুক্ত হৈ ভৱিষ্যতৰ সংকটসমূহৰ বাবে ভালদৰে প্ৰস্তুত হোৱাৰ দৃষ্টিভংগীৰ অংশ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে

মানি প্লাণ্ট নে স্নেক প্লাণ্ট, ঘৰত কোনবিধ গছ থাকিলে সোনকালে ধনৱান হ’ব আপুনি?
শাওনৰ সোমবাৰে মহিলাসকলে ভুলতো নকৰিব এই কাম, নহ'লে সৰ্বনাশ!
পঞ্চমুখী বেলপাত পোৱাৰ সৌভাগ্য হৈছে নেকি? জানক মহত্ব
প্ৰতিদিনে কণী খাই নেকি আপুনি? এনে অভ্যাসৰ বাবে কি অসুবিধা হ’ব পাৰে জানেনে?