কিমান টকালৈ বৃদ্ধি ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসা সেৱাৰ মাচুল ? সবিশেষ চাওক…

গুৱাহাটীত অৱস্থিত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে বৃদ্ধি কৰিছে চিকিৎসা সেৱাৰ মাচুল। ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান এই সিদ্ধান্তৰ পাছতে এতিয়া সাধাৰণ লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কিমান টকালৈ বৃদ্ধি ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসা সেৱাৰ মাচুল ? সবিশেষ চাওক...

ফাইল ফটো

Published: 

13 Aug 2025 12:14 PM

দেশত উন্নত চিকিৎসা সেৱা আৰু শিক্ষা এতিয়া সাধাৰণৰ লোকে পাব পৰা অৱস্থাত নাই। দুয়োটা খণ্ডতে অত্যধিক বাণিজ্যিকৰণ হৈছে। অলপতে এই কথা প্ৰকাশ কৰিছিল আৰএছএছ মুৰব্বী মোহন ভাগৱতে। কিহৰ ভিত্তিত আৰএছএছ মুৰব্বীগৰাকীয়ে এইধৰণৰ অনুভৱ প্ৰকাশ কৰিলে? শেহতীয়াকৈ দেখা গৈছে যে, গুৱাহাটীত অৱস্থিত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে বৃদ্ধি কৰিছে চিকিৎসা সেৱাৰ মাচুল। ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান এই সিদ্ধান্তৰ পাছতে এতিয়া সাধাৰণ লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰতিষ্ঠানখনে শেহতীয়াকৈ ৰোগীৰ জেনেৰেল বেডৰ মাছুল ২০০ৰ পৰা ১৫০০ টকালৈ বৃদ্ধি কৰিছে। একেদৰে পঞ্জীয়ন মাছুল ১০০ টকাৰ পৰা ৩৬০ টকালৈ বৃদ্ধি কৰা দেখা গৈছে। সমান্তৰালভাৱে চিংগল কেবিনৰ মাছুল ৩০০০ টকাৰ পৰা ৪৫০০ টকালৈ বৃদ্ধি, চেয়াৰিং কেবিনৰ মাছুল ২০০০ টকাৰ পৰা ৩ হাজাৰলৈ বৃদ্ধিৰ লগতে ICUৰ মাছুল ১৫০০ টকাৰ পৰা ৪ হাজাৰ টকালৈ বৃদ্ধি কৰিছে।

একে সময়তে তেজৰ পৰীক্ষাৰ মাছুল ১২০০ ৰ পৰা ২৪০০ টকালৈ, চি টি স্কেন ৪৫০০ ৰ পৰা ৬৫০০ টকালৈ বৃদ্ধি কৰিছে । ইফালে, ৰোগী ভৰ্তি হোৱাৰ সময়ত দিব লাগিব ১০,০০০ টকা।

সাধাৰণতে কৰ্কট ৰোগী চিকিৎসা অন্য ৰোগৰ তুলনাত সাধাৰণতে ব্যয়বহুল। ইয়াৰ মাজতে প্ৰতিষ্ঠানখনৰ এই সিদ্ধান্তই কৰ্কট ৰোগীৰ জীৱন যে আৰু অধিক জটিল কৰি তুলিব সেয়া সকলোৱে অনুভৱ কৰিছে। যাকলৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

বৃহস্পতিবাৰে ব্ৰত পালন কৰিলে কি কি লাভ হয়? আচৰিত ফল পাব...
ঋণৰ বোজাৰ পৰা মুক্ত হ'বলৈ এই নিয়ম মানি চলক...
হঠাতে ৰক্তচাপ বৃদ্ধিৰ লক্ষণে দেখা দিলে এই কাম কৰক, লগে লগে নিয়ন্ত্ৰণ হ'ব...
বাৰিষাৰ বতৰত ৰোগমুক্ত হৈ থাকিব বিচাৰেনে? খাওক এইসমূহ ফল...